২৬ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২২ |
২৬ জুন (ইংৰাজী: 26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰ শেষ হ'বলৈ ১৮৮ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
- ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
- ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
- ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
- ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।
জন্মসম্পাদনা কৰক
- ১৮৩৮ - বন্দে মাতৰমৰ লেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় জন্ম (২৬ বা ২৭ জুন)।[উদ্ধৃতিৰ প্ৰয়োজন]
- ১৮৫৬ - বিখ্যাত আইৰিছ লেখক জৰ্জ বাৰ্নাৰ্ড শ্ব’।
- ১৯৯৩ - আমেৰিকাৰ গায়িকা, লেখিকা আৰু অভিনেত্ৰী এৰিএনা গ্ৰেণ্ডৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৮৩০ - ইংলেণ্ডৰ ৰজা চতুৰ্থ জৰ্জ।
- ২০১১ - সত্যপ্ৰসাদ বৰুৱা, নাট্য প্ৰভাকৰ।
দিৱসসম্পাদনা কৰক
- আন্তৰ্জাতিক নিৰ্যাতনবিৰোধী দিৱস।
- আন্তৰ্জাতিক মাদকবিৰোধী দিৱস।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৬ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |