নাইলা কবীৰ (ইংৰাজী: Naila Kabeer; জন্ম ২৮ জানুৱাৰী ১৯৫০)[1] এগৰাকী ব্ৰিটিছ বাংলাদেশী সামাজিক অৰ্থনীতিবিদ, গৱেষক, লেখক আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ অধ্যাপক। তেওঁ ভাৰতীয় বংশোদ্ভৱ আছিল। কবীৰ ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ইণ্টাৰনেচনেল এছ’চিয়েচন ফৰ ফেমিনিষ্ট ইকনমিকচ্‌ (আইএএফই)ৰ সভাপতি আছিল।[2] তেওঁ ফেমিনিষ্ট ইকনমিষ্ট, ডেভেলপমেণ্ট এণ্ড চেইঞ্জ, জেণ্ডাৰ এণ্ড ডেভেলপমেণ্ট, থাৰ্ড ৱৰ্ল্ড কোৱাটাৰ্লি তথা কানাডিয়ান জাৰ্নেল অৱ ডেভেলপমেণ্ট ষ্টাডিজৰ দৰে আলোচনীসমূহৰ সম্পাদনা সমিতিৰ সদস্য।[3] কবীৰে মুখ্যতঃ দৰিদ্ৰতা, লিংগ আৰু সামাজিক নীতিৰ বিষয়ত কাম কৰে। তেওঁৰ গৱেষণাৰ বিষয়-বস্তু সমূহ হৈছে; লিংগ, দৰিদ্ৰতা, সামাজিক বৰ্জন, শ্ৰমিক বজাৰ আৰু জীৱিকা, সামাজিক সুৰক্ষা, দক্ষিণ আৰু দক্ষিণ পূব এছিয়া ভিত্তিক।

নাইলা কবীৰ

ইণ্টাৰনেটত উপলব্ধ নাইলা কবীৰৰ ফাইল ফটো
স্থানীয় নাম নায়লা কবিৰ
জন্ম ২৮ জানুৱাৰী, ১৯৫০ (৭৪ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ ইণ্ডিয়ান
শিক্ষানুষ্ঠান
  • লণ্ডন স্কুল অৱ ইকনমিকচ্‌
  • ইউনিভাৰচিটি কলেজ লণ্ডন
পেচা অৰ্থনীতিবিদ, সাহিত্যিক, অধ্যাপক
সংস্থা লণ্ডন স্কুল অৱ ইকনমিকচ্‌
গুটেনবাৰ্গ বিশ্ববিদ্যালয় (ইউনিভাৰচিটি অৱ গুটেনবাৰ্গ)
আন্তঃৰাষ্ট্ৰীয় বিকাশ বিভাগ (ডিপাৰ্টমেণ্ট ফৰ ইণ্টাৰনেচনেল ডেভেলপমেণ্ট)
জনা যায় সামাজিক অৰ্থনীতি

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৫০ চনৰ ২৮ জানুৱাৰী তাৰিখে, ভাৰতৰ পশ্চিমবংগৰ কলিকতাত নাইলা কবীৰে জন্মগ্ৰহণ কৰিছিল। পৰিয়ালটোৱে পিছত পূব বংগলৈ (বৰ্তমান বাংলাদেশ) প্ৰব্ৰজন কৰে।[4] তেওঁ ভাৰতৰ শ্বিলঙৰ লৰেটো কনভেন্ট বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬৯ চনত তেওঁ পৰৱৰ্তী শিক্ষাৰ বাবে যুক্তৰাজ্যলৈ যায়। লণ্ডন স্কুল অৱ ইকনমিকচ্‌ৰপৰা তেওঁ অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ইউনিভাৰ্চিটি কলেজ লণ্ডনত একে বিষয়ত এম এচচি কৰিছিল। পিছত পিএইচডিৰ বাবে তেওঁ পুনৰ লণ্ডন স্কুল অৱ ইকনমিক্সলৈ উভতি আহিছিল আৰু ১৯৮৫ চনত পিএইচডি সম্পূৰ্ণ কৰিছিল। গৱেষণা কালত বাংলাদেশৰ এখন গাঁৱত তেওঁ ক্ষেত্ৰ অধ্যয়ন কৰিছিল।[5]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৮৫ চনত, কবীৰে চাচেক্সৰ ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজত গৱেষক হিচাপে যোগদান কৰে আৰু পিছলৈ ইয়াৰ অধ্যাপক হয়।[6] ২০১০ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ৰ ডেভেলপমেণ্ট ষ্টাডিজৰ অধ্যাপক আছিল।[7] ২০১৩ চনত কবীৰে লণ্ডন স্কুল অৱ ইকনমিকচ্‌ এণ্ড পলিটিকেল চাইন্সৰ জেণ্ডাৰ ইনষ্টিটিউটত লিংগ আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু এতিয়াও তেওঁ তাতে কাম কৰি আছে। কবীৰ ২০০৪-০৫ চনৰ ভিতৰত চুইডেনৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ কিৰ্ষ্টিন হেচেলগ্ৰেন অধ্যাপক আৰু ২০০৫ আৰু ২০০৬ চনৰ ভিতৰত আন্তৰ্জাতিক উন্নয়ন গৱেষণা কেন্দ্ৰ (ইণ্টাৰনেচনেল ডেভেলপমেণ্ট ৰিচাৰ্ছ চেণ্টাৰ) দক্ষিণ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ চিনিয়ৰ চাবাটিকেণ্ট আছিল।[8] তেওঁ ২০০৯-২০১০ বৰ্ষত ইউ কেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিভাগত জ্যেষ্ঠ গৱেষণা ফেলো হিচাপেও কাম কৰিছিল। তেওঁ ‘ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ’, চাচেক্সৰ এগৰাকী এমিৰিটাছ ফেলো।[8][7]

কবীৰ বৰ্তমান নাৰীবাদী সমীক্ষা ন্যাসৰ সম্পাদনা সমিতিৰ উপদেষ্টা পৰিষদৰ সদস্য।[8][7] তেওঁ বেটাৰ ৱৰ্কচ্‌ৰ পৰামৰ্শদাতা সমিতিতো আছে।[9] বৰ্তমান তেওঁ সামাজিক সুৰক্ষা ৰণনীতি আৰু অনানুষ্ঠানিক অৰ্থনীতিত শ্ৰমিকসকলৰ মাজত নাগৰিকত্বৰ বাবে সংগ্ৰাম (social protection strategies and struggles for citizenship among workers in the informal economy) ভিত্তিক গৱেষণাত নিয়োজিত হৈ আছে।[6] বাংলাদেশ আৰু ভাৰতত লিংগ আৰু শ্ৰমিক বজাৰৰ গতিশীলতা বিষয়ক গৱেষণাৰ সৈতেও কবীৰ জড়িত হৈ আছে। এই গৱেষণাৰ বাবে ই আৰ এছ চি-ডি আই এফ ডি (ERSC-DIFD)য়ে পুঁজি আগবঢ়ায়।

নিৰ্বাচিত গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • কবীৰ, নাইলা (১৯৮৯). দ্য কোৱেষ্ট ফৰ নেচনেল আইডেণ্টিটি:ৱুমেন, ইছলাম এণ্ড দ্য ষ্টেট ইন বাংলাদেশ. প্ৰকাশক ব্ৰাইটন, ইংলেণ্ড: ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ. ISBN ৯৭৮০৯০৩৭১৫২২৫. 
  • কবীৰ, নাইলা (১৯৯১). জেণ্ডাৰ, প্ৰডাকচন এণ্ড ৱেল বিয়িং:ৰিথিংকিং দ্য হাউচহল্ড ইকনমি. প্ৰকাশক ব্ৰাইটন, ইংলেণ্ড: ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ. ISBN ৯৭৮০৯০৩৭১৫৪২৩. 
  • Kabeer, Naila (১৯৯৪). ৰিভাৰ্ছড ৰিয়েলিটিচ্‌:জেণ্ডাৰ হাইৰকিজ ইন ডেভেলপমেণ্ট থট. প্ৰকাশক লণ্ডন নিউয়ৰ্ক: ভাৰ্ছ’ বুকচ্‌. ISBN ৯৭৮০৮৬০৯১৫৮৪৩. 
  • কবীৰ, নাইলা; সুব্ৰমনিয়ান, ৰাম্যা (১৯৯৯). ইনষ্টিটিউচনচ্‌, ৰিলেচনচ্‌ এণ্ড আউটকামচ্‌: আ ফ্ৰেমৱৰ্ক এণ্ড কেচ ষ্টাডিজ ফৰ জেণ্ডাৰ-এৱেৰ প্লেনিং. প্ৰকাশক নতুন দিল্লী, ভাৰত: জুবান. ISBN ৯৭৮৮১৮৫১০৭৯৮১. 
  • কবীৰ, নাইলা (২০০০). দ্য পাৱাৰ টু চুজ:বাংলাদেশী ৱুমেন এণ্ড লেবাৰ মাৰ্কেট ডিচিচনচ্‌ ইন লণ্ডন এণ্ড ঢাকা. প্ৰকাশক লণ্ডন নিউয়ৰ্ক: ভাৰ্ছ’ বুকচ্‌. ISBN ৯৭৮১৮৫৯৮৪৮০৪৩. 
  • কবীৰ, নাইলা; কুক, চাৰা; Suwannarat, Gary (২০০২). চ’ছিয়েল প্ৰটেকচন ইন এছিয়া. প্ৰকাশক নতুন দিল্লী, ভাৰত: হৰ-আনন্দ পাব্লিকেচনচ্‌. ISBN ৯৭৮৮১২৪১০৮৮১৯. 
  • কবীৰ, নাইলা (২০০৩). জেণ্ডাৰ মেইনষ্ট্ৰিমিং ইন পভাৰ্টি এৰাডিকেচন এণ্ড দ্য মিলেনিয়াম ডেভেলপমেণ্ট গ’লচ্‌. প্ৰকাশক লণ্ডন অটাৱা: কমনৱেলথ চেক্ৰেটেৰিয়েট. ISBN ৯৭৮০৮৫০৯২৭৫২৮. 
  • কবীৰ, নাইলা; সুব্ৰমনিয়ান, ৰাম্যা; নাম্বিচান, গীতা (২০০৩). চাইল্ড লেবাৰ এণ্ড ৰাইট টু এডুকেচন ইন চাউথ এছিয়া. প্ৰকাশক থাউজেণ্ড অ’কচ্‌, কেলিফৰ্ণিয়া: চেজ পাব্লিকেচনচ্‌. ISBN ৯৭৮০৭৬১৯৯৬০১৯. 
  • কবীৰ, নাইলা (২০০৫). ইনক্লুচিভ চিটিজেনশ্বিপ:মিনিঙচ্‌ এণ্ড এক্সপ্ৰেচন্স. প্ৰকাশক নতুন দিল্লী, ভাৰত: জেড বুকচ্‌. ISBN ৯৭৮৮১৮৯০১৩১৬৫. 
  • কবীৰ, নাইলা (২০০৮). মেইনষ্ট্ৰিমিং জেণ্ডাৰ ইন চছিয়েল প্ৰটেকচন ফৰ দ্য ইনফৰমেল ইকনমি. প্ৰকাশক লণ্ডন: কমনৱেলথ চেক্ৰেটেৰিয়েট. ISBN ৯৭৮০৮৫০৯২৮৪০২. 
  • কবীৰ, নাইলা (২০১০). জেণ্ডাৰ এণ্ড চছিয়েল প্ৰটেকচন ষ্ট্ৰেটেজিছ ইন দ্য ইনফৰমেল ইকনমি. প্ৰকাশক ভাৰত: ৰটলিজ. ISBN ৯৭৮০৪১৫৫৭৮২৫৭. 
  • কবীৰ, নাইলা; কুক, চাৰা (২০১০). চ’ছিয়েল প্ৰটেকচন এজ ডেভেলপমেণ্ট পলিচি:এছিয়ান পাৰ্চপেক্টিভচ্‌. প্ৰকাশক লণ্ডন নিউয়ৰ্ক: ৰটলিজ. ISBN ৯৭৮০৪১৫৫৮৫৭৩৬. 

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Kabeer, Naila". Library of Congress. http://id.loc.gov/authorities/names/n86867179.html। আহৰণ কৰা হৈছে: 15 August 2014. "CIP t.p. (Naila Kabeer) data sheet (born 28 January 1950)" 
  2. "Past presidents". International Association for Feminist Economics (IAFFE). Archived from the original on 10 May 2019. https://web.archive.org/web/20190510115440/http://www.iaffe.org/pages/about-iaffe/board-members/। আহৰণ কৰা হৈছে: 2 August 2020. 
  3. "About Me – Naila Kabeer" (en-GB ভাষাত). https://nailakabeer.net/about-me/। আহৰণ কৰা হৈছে: 2020-03-10. 
  4. "Prof. Naila Kabeer: Reflections on Researching Women's Empowerment, SOAS, University of London". soasuniversity. 28 January 2013. https://www.youtube.com/watch?v=bXeQFuTcioc। আহৰণ কৰা হৈছে: 1 March 2014. 
  5. "Naila Kabeer: South Asia's 'Daughter Deficit'". IDRCCRDI. 7 November 2011. https://www.youtube.com/watch?v=PDEDiujnYds। আহৰণ কৰা হৈছে: 1 March 2014. 
  6. 6.0 6.1 "Naila Kabeer". Institute of Development Studies. Archived from the original on 23 February 2014. https://web.archive.org/web/20140223043046/http://www.ids.ac.uk/idsperson/naila-kabeer। আহৰণ কৰা হৈছে: 1 March 2014. 
  7. 7.0 7.1 7.2 "Ninth Confirmed Speaker: Naila Kabeer". LSESU-UCL Economics Conference 2013/14. 4 November 2013. http://www.lsesu-ucleconsconference.com/blog/2013/11/3/ninth-confirmed-speaker। আহৰণ কৰা হৈছে: 1 March 2014. 
  8. 8.0 8.1 8.2 "Tracking the Gender Politics of the Millennium Development Goals: from the Millennium Declaration to the post-MDG consultations". LSE – London School of Economics and Political Science. 2 October 2013. http://www.lse.ac.uk/publicEvents/events/2013/10/20131002t1830vOT.aspx। আহৰণ কৰা হৈছে: 1 March 2014. 
  9. "Naila Kabeer joins Better Work Advisory Committee". Better Work. 28 March 2013. http://www.betterwork.org/global/?p=2829। আহৰণ কৰা হৈছে: 1 March 2014.