নামচাঙৰ অন্তেষপুৰ (গ্ৰন্থ)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
নামচাঙৰ অন্তেষপুৰ হৈছে লেখক সৌম্যদ্বীপ দত্তৰ এখন প্ৰকৃতি বিষয়ক কিতাপ য'ত দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ আন্দোলনৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে।[1]
নামচাঙৰ অন্তেষপুৰ | |
---|---|
লেখক | সৌম্যদ্বীপ দত্ত |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | প্ৰকৃতি সাহিত্য |
প্ৰকাশক | বনফুল |
প্ৰকাশ | ২০১০, প্ৰথম প্ৰকাশ (প্ৰকাশক: বনফুল) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
লেখকৰ পৰিচয়
সম্পাদনা কৰকলেখক সৌম্যদ্বীপ দত্ত হৈছে প্ৰকৃতিপ্ৰেমী সংগঠন 'নেচাৰ্চ বেকন'ৰ সঞ্চালক। ইয়াৰোপৰি দত্তই প্ৰকৃতি সজাগতামূলক সাহিত্য ৰচনা কৰে। প্ৰকৃতি সুৰক্ষাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০২৩ চনত অসম চৰকাৰে তেঁওক অসম গৌৰৱ বঁটা প্ৰদান কৰে।[2] সৌম্যদ্বীপ দত্তই পৰিৱেশ সংৰক্ষণৰ ধাৰণাক আন্দোলনৰ পৰ্যায়লৈ আগুৱাই নিয়ে। সৌম্যদ্বীপ দত্তৰ সাহিত্য ৰচনাৰ অন্য এটা দিশ হ'ল নেচাৰ্চ বেকনৰ সাংগঠনিক প্ৰয়োজনত কিতাপ ৰচনা, কাৰণ সংগঠন কৰ্মী বা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন পূৰণৰ বাবে কিতাপৰ অভাৱ। আনহাতে সাধাৰণ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাই তেওঁৰ কলমৰ মূল উদ্দেশ্য। সৌম্যদ্বীপ দত্তৰ কিতাপ ৰচনাৰ দিশটো হৈছে পৰিৱেশ আন্দোলনৰ লগত জড়িত।[3] সাংগঠনিক প্ৰয়োজনতো দত্তই গ্ৰন্থ ৰচনা কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
গ্ৰন্থখনৰ মূল কথা
সম্পাদনা কৰকঅৰণ্যক নি:স্বাৰ্থ ভাৱে ভাল পোৱাৰ এক প্ৰামাণ্য দলিল হ'ল 'নামচাঙৰ অন্তেষপুৰ'। য'ত লেখক সৌম্যদ্বীপ দত্তই বৰ্ণনা কৰিছে কেইবা বছৰ জোৰা সংগ্ৰামী পৰিক্ৰমাৰ। যিয়ে শেষত "দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান" হিচাপে পৃথিৱীৰ মানচিত্ৰত স্বীকৃতি পাবলৈ সক্ষম হৈছে। উজনি অসমত যুগ-যুগ ধৰি সমৃদ্ধ হৈ থকা বৰ্ষাৰণ্য ধ্বংসৰ মুখৰপৰা উদ্ধাৰ কৰিবলৈ চলোৱা সংগ্ৰামৰ কথা কেৱল অসমবাসীয়েই নহয়, সমগ্ৰ দেশৰ প্ৰতিজন পৰিবেশ সচেতন ব্যক্তিৰ জ্ঞাত। জয়পুৰ, আপাৰ দিহিং, ডিৰক এই তিনিখন সংৰক্ষিত বনাঞ্চলক একত্ৰিত ভাৰে অভয়াৰণ্য ঘোষণা কৰিবলৈ সৌম্যদ্বীপ দত্তৰ নেতৃত্বত নেচাৰ্চ বেকনে ব্যাপক আন্দোলন সূচনা কৰিছিল। বৰ্ষাৰণ্যখনক অভয়াৰণ্যৰ মৰ্যাদা দিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰাৰ লগতে অসমৰ লোক সকলক সচেতন কৰি তুলিবলৈ নেচাৰ্চ বেকনে ব্যাপক সংগ্ৰাম চলাইছিল। এই সংগ্ৰাম কিন্তু সুস্থ ৰূপত আগবঢ়া নাছিল। পদে পদে বাধা বিঘিনি, বৃহৎ মাফিয়াৰ প্ৰলোভন, আমোলা বিষয়াৰ অনেক ষড়যন্ত্ৰ, অপপ্ৰচাৰ, আনকি প্ৰাণৰ অনিশ্চয়তাৰ মাজত চলিছিল বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে সংগ্ৰাম। এই সংগ্ৰামৰ ফলস্বৰূপেই ১১১.১৯ বৰ্গ কিলোমিটাৰ অৰণ্যক চৰকাৰে অভয়াৰণ্যৰ মৰ্যাদা দিবলৈ বাধ্য হয় ২০০৪ চনত, বহুবছৰ জোৰা প্ৰচেষ্টাৰ অন্তত। নামচাঙৰ অন্তেষপুৰ গ্ৰন্থত এই আন্দোলনৰ সমগ্ৰ বৰ্ণনা কৰিছে লেখকে।[1]
আলোচনা আৰু মন্তব্য
সম্পাদনা কৰক"নামচেঙৰ অন্তেষপূৰ গ্ৰন্থখন সৌম্যদ্বীপ দত্তৰ উল্লেখযোগ্য গ্ৰন্থ। দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ আন্দোলনৰ দলিলস্বৰূপ "নামচেঙৰ অন্তেষপুৰ।" সকলো দিশৰ পৰাই উন্নত আৰু সুখপাঠ্য গ্ৰন্থখনে পাঠকৰ হৃদয়ত যে সাঁচ বহুৱাই গৈছে তাত কোনো সন্দেহ নাই।[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 অনামিকা বৰুৱা (১৪ ছেপ্তেম্বৰ ২০১৩). "নামচাঙৰ অন্তেষপুৰ". https://xahitya.org/namsang_ana/.
- ↑ "Assam Gaurav award bestowed to 17 personalities in various fields". ইণ্ডিয়া টুডে এন ই. ১৩ ফেব্ৰুৱাৰী ২০২৪. https://www.indiatodayne.in/assam/story/assam-gaurav-award-bestowed-to-17-personalities-in-various-fields-884284-2024-02-13.
- ↑ ভাস্কৰ ভূঞা (১৯ ফেব্ৰুৱাৰী ২০২০). "চৰাই পৰ্যবেক্ষণৰ অনুপম হাতপুথি". https://xahitya.org/%E0%A6%9A%E0%A7%B0%E0%A6%BE%E0%A6%87-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%E0%A7%B0-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%AA%E0%A6%AE-%E0%A6%B9/.