নাৰী মুক্তি আন্দোলন
নাৰী মুক্তি আন্দোলন (WLM) (ইংৰাজী: Women's liberation movement)নাৰী আৰু নাৰীবাদী বৌদ্ধিকতাবাদৰ ৰাজনৈতিক একত্ৰীকৰণ আছিল, যি ১৯৬০ চনৰ শেষৰ ফালে গঢ় লৈ উঠিছিল আৰু ১৯৮০ চন পৰ্যন্ত পশ্চিমীয়া বিশ্বৰ ঔদ্যোগিক ৰাষ্ট্ৰসমূহত অব্যাহত আছিল। এই আন্দোলনে সমগ্ৰ বিশ্বতে গা কৰি উঠা বৃহৎ পৰিৱৰ্তনক (ৰাজনৈতিক, বৌদ্ধিক, সাংস্কৃতিক) প্ৰভাৱিত কৰিছিল। সমসাময়িক দৰ্শনৰ ওপৰত ভিত্তি কৰি গঠিত উগ্ৰ নাৰীবাদৰ নাৰী মুক্তি আন্দোলনত বৰ্ণবাদ আৰু সাংস্কৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ পটভূমিৰ মহিলাসকলো আছিল৷ তেওঁলোকে প্ৰস্তাৱ দিছিল যে,সমাজত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ অৱস্থান উন্নীতকৰণৰ বাবে অৰ্থনৈতিক, মানসিক আৰু সামাজিক স্বাধীনতা প্ৰয়োজন হৈ পৰিছে।[1]
নাৰী মুক্তি আন্দোলন | |
---|---|
দ্বিতীয় ঢৌৰ নাৰীবাদ-ৰ অংশ | |
তাৰিখ | ১৯৬০ৰ দশক – ১৯৮০ৰ দশক |
স্থান | বিশ্বব্যাপি |
কাৰণ | প্ৰতিষ্ঠানিক লিংগবাদ |
ফল | *নাৰীৰ বাবে সমতা
|
পদ্ধতি | * সজাগতা উত্তৰণ
|
ফলাফল | * নাৰীৰ বিষয় সম্পৰ্কে সজাগতা
|
নাৰীৰ সমতা অৰ্জনৰ দিশত নাৰী মুক্তি আন্দোলনে পিতৃতন্ত্ৰৰ সাংস্কৃতিক, আইনী বৈধতা তথা সমাজত নাৰীৰ আইনী আৰু শাৰীৰিক স্বাধীনতাক নিয়ন্ত্ৰণ আৰু সীমিত কৰিবলৈ ব্যৱহাৰ কৰা সামাজিক আৰু যৌন স্তৰসমূহৰ ব্যৱহাৰিক বৈধতাক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰিছিল।
সাধাৰণতে নাৰী মুক্তি আন্দোলনে ৰাজনৈতিক বাওঁপন্থীৰ পৰা আৰ্থ-সামাজিক পৰিৱৰ্তনৰ প্ৰস্তাৱ দিছিল। নাৰী মুক্তি আন্দোলনে পূৰ্ণতা পোৱা দশকসমূহত মুক্তিবাদীসকলে নিজৰ সংস্কৃতিৰ অন্তৰ্গত নাৰীৰ সামাজিক মান, ভাৱমূৰ্তি আৰু স্থান সফলতাৰে সলনি কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে সমাজত নাৰীৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ভূমিকাক পুনৰ সংজ্ঞায়িত কৰিছিল আৰু মূলসুঁতিৰ সমাজখনক ৰূপান্তৰিত কৰিছিল।[2]
পৃষ্ঠভূমি
সম্পাদনা কৰকসমগ্ৰ আফ্ৰিকা, এছিয়া, কেৰিবিয়ান, মধ্যপ্ৰাচ্য আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহত স্বৈৰাচাৰী শাসন ব্যৱস্থাক উপনিৱেশমুক্ত কৰি নতুনকৈ প্ৰতিস্থাপন কৰাৰ প্ৰচেষ্টাৰ প্ৰথম অৱস্থাত ৰাষ্ট্ৰখনে উগ্ৰ নাৰীবাদীৰ ভূমিকাক অতিক্ৰম কৰা দেখা গৈছিল। উদাহৰণস্বৰূপে, ইজিপ্তত ১৯৫৬ চনৰ সংবিধানে লিংগ সমতা ব্যৱস্থাৰ জৰিয়তে শ্ৰম, ৰাজনৈতিক প্ৰৱেশ আৰু শিক্ষাৰ ক্ষেত্ৰত লৈংগিক বাধাসমূহ আঁতৰাই পেলায়।[3] আৰ্জেণ্টিনা, ব্ৰাজিল, চিলি, কিউবা, নিকাৰাগুয়া আৰু অন্যান্য লেটিন আমেৰিকাৰ দেশৰ মহিলাসকলে নিজৰ দেশত একনায়কত্ববাদৰ অন্ত পেলোৱাৰ উদ্দেশ্যে কাম কৰিছিল৷ এই চৰকাৰসমূহে সমাজবাদী নীতিৰ ফালে মুখ দিয়াৰ লগে লগে ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ কাৰ্যৰ জৰিয়তে লিংগ বৈষম্য দূৰ কৰাৰ লক্ষ্য লৈছিল।[4] এছিয়া, আফ্ৰিকা আৰু কেৰিবিয়ানৰ মতাদৰ্শ বাওঁৰ ফালে স্থানান্তৰিত হোৱাৰ লগে লগে নতুনকৈ স্বাধীনতাপ্ৰাপ্ত আৰু ঔপনিৱেশিক দেশৰ মহিলাসকলে সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰাৰ এক উমৈহতীয়া লক্ষ্য দেখিছিল। তেওঁলোকে মানৱ অধিকাৰ আৰু জাতীয়তাবাদী লক্ষ্যৰ সন্মানৰ সন্ধানত লিংগ ক্ষমতাৰ ভাৰসাম্যহীনতা দূৰ কৰাৰ বাবে নিজৰ প্ৰচেষ্টাসমূহ কেন্দ্ৰীভূত কৰিছিল।[5][6]দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিছত বি-ঔপনিৱেশিকৰণ (Decolonization) আৰু আন্তৰ্জাতিক ৰাজনীতিক শীতল যুদ্ধৰ দিশে পুনৰ প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত এই বিশ্বব্যাপী আন্দোলনে মহিলাৰ ভোটাধিকাৰৰ বাবে চলোৱা অভিযানক দখল কৰি পেলায়৷[7]
মহিলাসকলে শিক্ষিত হৈ কৰ্মশক্তিত যোগদান কৰাৰ লগে লগে তেওঁলোকৰ ঘৰুৱা দায়িত্ব বহুলাংশে অপৰিৱৰ্তিত হৈ থাকিল। [8] পৰিয়ালসমূহ ক্ৰমান্বয়ে দ্বৈত আয়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল যদিও, ঘৰুৱা কাম আৰু শিশুৰ যত্নৰ বেছিভাগ দায়িত্ব মহিলাসকলে বহন কৰিছিল।নাৰী আৰু পুৰুষৰ মাজত নাগৰিক, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সংস্থাৰ বৈষম্যৰ কথা সাধাৰণতে সমাজে বহুদিনৰ পৰা স্বীকাৰ কৰি আহিছিল। কিন্তু নাৰী মুক্তি আন্দোলনে প্ৰথমবাৰৰ বাবে যৌনতাক প্ৰত্যাহ্বান জনালে, যিটো ধাৰণায়ে ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰিছিল।[9] যৌনতাভিত্তিক সাহিত্য, যেনে: কিনচে ৰিপ'ৰ্ট, আৰু জন্ম নিয়ন্ত্ৰণ ঔষধৰ বিকাশ আৰু বিতৰণে এনে এক জলবায়ুৰ সৃষ্টি কৰিছিল য'ত মহিলাসকলে নিজৰ শৰীৰ আৰু নৈতিকতাৰ সম্পৰ্কে আনে লোৱা সিদ্ধান্তৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল।[10]আন্দোলনত অংশগ্ৰহণ কৰা বহু মহিলাই বাওঁপন্থী ৰাজনীতিৰ সৈতে মিলি গৈছিল আৰু ১৯৬০ চনৰ পিছত শীতল যুদ্ধৰ মেৰুকৰণৰ লগে লগে মাওবাদী তত্ত্বৰ পৰা প্ৰেৰণা লৈছিল। "বিশ্বৰ শ্ৰমিকসকল একত্ৰিত হওক"ৰ দৰে শ্লোগানসমূহ "বিশ্বৰ মহিলাসকল একত্ৰিত হওক"লৈ ৰূপান্তৰিত হৈছিল আৰু চেতনা বৃদ্ধি তথা সমতাবাদী সহমতভিত্তিক নীতিৰ দৰে মূল বৈশিষ্ট্যসমূহ "চীনত ব্যৱহৃত একেধৰণৰ কৌশলৰ পৰা অনুপ্ৰাণিত হৈছিল"।[11][12]
লক্ষ্য
সম্পাদনা কৰকনাৰী মুক্তি আন্দোলনৰ মূল উপাদানসমূহ আছিল ব্যক্তিগত বিষয়সমূহক ৰাজনীতিকৰণৰ লক্ষ্যৰে সচেতনতা উত্থাপন,[13][14]সৰু গোট আৰু সীমিত সাংগঠনিক গাঁথনি[15]আৰু আইন সংস্কাৰৰ পৰিৱৰ্তে সমাজৰ ধাৰণা সলনি কৰাত গুৰুত্ব দিয়া।[16]উদাহৰণস্বৰূপে, মুক্তিবাদীসকলে গৰ্ভপাতৰ অনুমতি দিবলৈ পৰিয়ালৰ সংহিতা সংস্কাৰ কৰাটো সমৰ্থন কৰা নাছিল, বৰঞ্চ চিকিৎসা বা পেছাদাৰী বা ৰাষ্ট্ৰৰ কোনোটোৱেই মহিলাৰ শৰীৰৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সীমিত কৰাৰ ক্ষমতা থাকিব নালাগে জাতীয় ধাৰণাটোত বিশ্বাস কৰিছিল।[17]তেওঁলোকে এনে নিয়ন্ত্ৰণ বিলুপ্ত কৰাৰ পক্ষপাতী আছিল যিয়ে মহিলাৰ প্ৰজননৰ অধিকাৰ সীমিত কৰে৷ এনে নিয়ন্ত্ৰণক তেওঁলোকে ব্যক্তিগত অধিকাৰ বুলি বিশ্বাস কৰিছিল, যি অধিকাৰ নৈতিক সংখ্যাগৰিষ্ঠ মতামতৰ অধীনস্থ নহয়।[18] প্ৰায়বোৰ মুক্তিবাদীয়ে নিজৰ সংগঠনত পুৰুষৰ অংশগ্ৰহণ নিষিদ্ধ কৰিছিল।[19][20] সংবাদ মাধ্যমত তেওঁলোকৰ কিছু উপাদানক প্ৰায়ে "পুৰুষ-ঘৃণা"ৰ চিন হিচাপে চিত্ৰিত কৰা হয় হৈছিল যদিও এই বিচ্ছেদ আছিল পুৰুষ-নাৰীৰ সম্পৰ্কৰ সংজ্ঞাক নিৰ্মূলকৰণৰ এক কেন্দ্ৰীভূত প্ৰচেষ্টা।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ New Fontana 1999, পৃষ্ঠা. 314.
- ↑ New Fontana 1999, পৃষ্ঠা. 315.
- ↑ Al-Ali 2002, পৃষ্ঠা. 8.
- ↑ Russell 2012, পৃষ্ঠা. 19.
- ↑ Armstrong 2016, পৃষ্ঠা. 305.
- ↑ Neptune 2011.
- ↑ Bagneris 2011, পৃষ্ঠা. 4.
- ↑ Adamson, Briskin & McPhail 1988, পৃষ্ঠা. 37–38.
- ↑ Bucy 2010, পৃষ্ঠা. 306.
- ↑ Magarey 2014, পৃষ্ঠা. 17.
- ↑ Hathaway 2018.
- ↑ Roseneil, et al. 2010, পৃষ্ঠা. 136-137.
- ↑ Spain 2016, পৃষ্ঠা. 51.
- ↑ Sethna & Hewitt 2009, পৃষ্ঠা. 468–469.
- ↑ Magarey 2014, পৃষ্ঠা. 29–30.
- ↑ Elias 1979, পৃষ্ঠা. 9.
- ↑ Bracke 2014, পৃষ্ঠা. 85.
- ↑ Pena 2008, পৃষ্ঠা. 108.
- ↑ Magarey 2014, পৃষ্ঠা. 27–28.
- ↑ Sethna & Hewitt 2009, পৃষ্ঠা. 467.