নিতেশ কুমাৰ

ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ আৰু পেৰালিম্পিক পদক বিজয়ী

নিতেশ কুমাৰ (ইংৰাজী: Nitesh Kumar; জন্ম: ৩০ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।[1] ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ শাখাত সোণৰ পদক লাভ কৰে।[2] ২০১৬ চনত তেওঁৰ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল। ২০২২ চনৰ ১৪ জুন তাৰিখে এছএল৩ শাখাত তেওঁ বিশ্বৰ ৩ নম্বৰ স্থান দখল কৰিছিল।[3] কুমাৰে ২০১৭ চনত আইৰিছ পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম খিতাপ দখল কৰিছিল। ২০১৯ চনত তেওঁ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।[4]

নিতেশ কুমাৰ
ব্যক্তিগত তথ্য
দেশ  ভাৰত
জন্ম ৩০ ডিচেম্বৰ, ১৯৯৪ (২৯ বছৰ)
বচ কীৰ্তন, ৰাজস্থান, ভাৰত
বাসগৃহ কৰ্ণাল, হাৰিয়ানা, ভাৰত
সক্ৰিয়তাৰ সময় ২০১৬–বৰ্তমান
হাত সোঁহাত
পুৰুষৰ একক এছএল৩
পুৰুষৰ দ্বৈত দল এছএল৩–এছএল৪
সৰ্বোচ্চ ৰেংকিং ৩ (পুৰুষৰ একক ২৭ ডিচেম্বৰ ২০২২)
২ (পুৰুষৰ দ্বৈত দল তৰুণ ঢিল্লনৰ সৈতে ২৭ ডিচেম্বৰ ২০২২)
বৰ্তমান ৰেংকিং ৩ (পুৰুষৰ একক)
৫ (পুৰুষৰ দ্বৈত দল তৰুণ ঢিল্লনৰ সৈতে) (১০ জানুৱাৰী ২০২৩10)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৯৪ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ৰাজস্থানৰ বচ কীৰ্তনত নিতেশ কুমাৰে জন্মগ্ৰহণ কৰিছিল। ২০০৯ চনত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ৰেল দুৰ্ঘটনাত তেওঁৰ বাওঁ ভৰিখন হেৰুৱাইছিল। বহু মাহ শয্যাশায়ী হৈ থকাৰ পিছত তেওঁ এবছৰতকৈও অধিক সময় আই আই টি প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। ২০১৪ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণ্ডিত যোগদান কৰে। তেওঁ হাৰিয়ানাৰ কৰ্ণালত বসবাস কৰে। ক্ৰীড়া বেচৰকাৰী সংস্থা অলিম্পিক গোল্ড কুৱেষ্টে সাহায্য আগবঢ়ায়।

খেলুৱৈ জীৱন

সম্পাদনা কৰক

২০১৬ চনত নিতেশ কুমাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। ২০১৭ চনত আইৰিছ পেৰা-বেডমিণ্টন ইণ্টাৰনেশ্যনেলত তেওঁ প্ৰথম খিতাপ দখল কৰে। পিছলৈ তেওঁ বি ডব্লিউ এফ পেৰা বেডমিণ্টন ৱৰ্ল্ড চাৰ্কিটত অংশগ্ৰহণ কৰি জয়ী হয় আৰু ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত সোণৰ পদক লাভ কৰে।

২০২২ চনৰ ১৪ জুনত তেওঁ এছএল৩ শাখাত বিশ্বৰ ৩ নম্বৰ স্থান দখল কৰে[5]

২০১৯ চনত হাৰিয়ানাৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত জ্যেষ্ঠ বেডমিণ্টন প্ৰশিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।[4] ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ সোণৰ পদক লাভ কৰে।