নিৰুপমা হাগজেৰ
নিৰুপমা হাগজেৰ (ইংৰাজী: Nirupama Hagjer) অসমৰ ডিমা হাচাও জিলাৰ ডিমাছা সম্প্ৰদায়ৰ এগৰাকী সমাজকৰ্মী৷ তেওঁ আজীৱন সমাজৰ পিছপৰা মহিলা আৰু শিশুসকলৰ উন্নতিৰ বাবে আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল৷ ডিমাছা ভাষাৰ যিহেতু নিজা লিপি নাই; সেয়ে তেওঁ অসমীয়া লিপিৰে ডিমাছা ভাষা লিখি ভাষাটোক আগুৱাই নিবলৈ যথেষ্ট কষ্ট কৰিছিল৷ অসমীয়া ভাষাত কেইবাখনো কিতাপ লিখাৰ উপৰি তেওঁ অসমীয়া লিপিৰে ডিমাছা গ্ৰন্থও ৰচনা কৰিছিল৷[1] ১৯৪৮-৪৯ চনত বৰখলাৰ অন্তৰ্গত ডালোৰপৰা শ্বশাংখ ডিৰুৱাই সম্পাদনা কৰা ’দেৰফনাই’ নামৰ হাতেলিখা আলোচনীখন নিৰুপমা হাগজেৰৰ প্ৰথম কবিতা প্ৰকাশ পায়৷ তেতিয়া নিৰুপমা হাগজেৰৰ নাম আছিল, নিৰুপমা হাছেনছা৷[2]
নিৰুপমা হাগজেৰ | |
---|---|
নিৰুপমা হাগজেৰ | |
জন্ম | নিৰুপমা হাগজেৰ ১৪ এপ্ৰিল, ১৯২৮ চন বিজয়পুৰ, কাছাৰ জিলা |
মৃত্যু | ১১ জুলাই, ২০১১ হাফলং |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | বিলাসমণি প্ৰাথমিক বিদ্যালয় |
পেচা | সমাজকৰ্মী, সাহিত্যিক |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসঙ্গী | জয়ভদ্ৰ হাগজেৰ |
পিতৃ-মাতৃ | ৰাজেন্দ্ৰ হাছেনছা (পিতৃ) নিৰধনী বৰ্মন (মাতৃ) |
সন্তান | পুত্ৰ-৩, কন্যা-৩ |
জন্ম আৰু শৈশৱ
সম্পাদনা কৰকনিৰুপমা হাগজেৰৰ জন্ম হয়, ১৯২৮ চনৰ ১৪ এপ্ৰিল তাৰিখে, কাছাৰ জিলাৰ বিজয়পুৰ নামৰ এখন ঠাইত৷ তেওঁৰ পিতৃৰ নাম আছিল, ৰাজেন্দ্ৰ হাছেনছা আৰু মাতৃৰ নাম আছিল, নিৰধনী লাংথাছা৷ বিলাসমণি বালিকা বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে আৰু তাৰপৰাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰে৷ স্ত্ৰী শিক্ষাৰ সুচল ব্যৱস্থা নথকাৰ বাবে তেওঁ হাইস্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হয়৷ শিক্ষাৰ প্ৰতি একান্ত ইচ্ছা থকাৰ বাবে তেওঁ বিবাহৰ বহুবছৰ পিছত, প্ৰথম সন্তানৰ দুবছৰ বয়সত প্ৰাইভেটকৈ পৰীক্ষা দি মধ্য ইংৰাজী স্তৰৰ পৰীক্ষা পাছ কৰে আৰু নিজৰ মাজু পুত্ৰই মেট্ৰিক দিয়া বছৰতে ১৯৭১ চনত[3] নিৰুপমা হাগজেৰে প্ৰাইভেটকৈ পৰীক্ষা দি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷[1]
সাংসাৰিক জীৱন
সম্পাদনা কৰক১৯৫০ চনৰ ৬ জুনত ডিমা হাচাও জিলাৰ হাফলঙৰ জয়ভদ্ৰ হাগ্জেৰ লগত তেওঁৰ বিবাহ হয়৷ জয়ভদ্ৰ হাগজেৰ এগৰাকী ৰাজনীতিক আছিল আৰু তেওঁ বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰী আছিল৷ তেওঁলোক দুয়োৰে তিনিজনী কন্যা আৰু তিনিজন পুত্ৰ৷
জীৱন কৃতি
সম্পাদনা কৰকডিমাছা জনগোষ্ঠীৰ শিক্ষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ বাবে তেওঁ পিতৃপ্ৰদত্ত এশবিঘাতকৈও অধিক ম্যাদী পট্টাৰ ভূমি শিক্ষাগ্ৰহণৰ বাবে দূৰৈৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ছাত্ৰাবাস সাজিবলৈ আৰু ডিমাছা সাংস্কৃতিক ভৱন সাজিবলৈ ডিমাছা ছাত্ৰ সন্থাক প্ৰদান কৰে৷ ছাত্ৰাবাদটোৰ নাম আছিল ৰাজেন্দ্ৰ নাৰায়ণ হাছেনছা ছাত্ৰাবাস৷[1] হাফলঙত প্ৰথম ডিমাছা মহিলা সমিতি গঠন কৰি নাৰী সবলীকৰণৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছিল৷ ৰাজ্যিক সমাজ কল্যাণ ব’ৰ্ড, ৰাষ্ট্ৰীয় সংহতি পৰিষদ, অসম প্ৰকাশন পৰিষদ, অসম খাদী ব’ৰ্ডৰ সদস্য আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল৷
সাহিত্য কৃতি
সম্পাদনা কৰকনিৰুপমা হাগজেৰে বহতো গৱেষণাধৰ্মী প্ৰবন্ধ লিখিছিল৷ তাৰ ভিতৰত, ডিমাছাসকলৰ অতীত অৰু বৰ্তমান, ডিমাছা জাতিৰ ইতিহাসত এভূমুকি, ডিমাছা সমাজৰ উৎসৱ, ডিমাছাসকলৰ ধৰ্ম আৰু বিশ্বাস, নামঘৰ আৰু ডিমাছা সমাজ আদি৷ তেওঁ অসমৰ ’মাধ্যম আন্দোলন’ৰ সময়ত অসম বাণী কাকতত ’শিক্ষাৰ মাধ্যম আৰু বড়ো-ডিমাছা’ শীৰ্ষক প্ৰবন্ধত কাছাৰ আৰু উত্তৰ কাছাৰৰ ডিমাছাসকলে ’অসমীয়া মাধ্যম মানি লোৱা উচিত’ বুলি যুক্তি দৰ্শাইছিল৷ নিৰুপমা হাগজেৰে স্বামী বিয়োগৰ পিছত ৰাজনীতিত অংশগ্ৰহণ কৰা নাছিল৷ এই সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “ৰাজনীতিৰ অস্থিৰতা মই পছন্দ নকৰোঁ৷ গান্ধীজীৰ জাতীয় কংগ্ৰেছক মই শত নমস্কাৰ জনাওঁ, কিন্তু বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি মোৰ আস্থা নাই৷ কিছুদিন মই ৰাজনীতিত সোমাই এই অভিজ্ঞতা পালোঁ যে, ৰাজনীতিত থাকি মহৎ কাম কৰাৰ পক্ষে বহুতো অন্তৰায়৷ গতিকে পৰাপক্ষত সামাজিক কাম কৰি যোৱাই মোৰ উদ্দেশ্য৷ সাহিত্য চৰ্চা কৰি যোৱাই মোৰ লক্ষ্য৷[4] এই উদ্দেশ্যে নিৰুপমা হাগজেৰে কেইবাখনো গ্ৰন্থ ৰচনা কৰে৷ তাৰ ভিতৰত-
- ডিমাছা ভাষা শিক্ষা (বাংলা ভাষাত) ১৯৭২;
- ডিমাছা সংস্কৃতি (অসমীয়া ভাষাত);
- ডিমাছা অ আ ক খ (অসমীয়া লিপিৰ ব্যৱহাৰ শিকণ),
- হাগজেৰ ছেংফং (ডিমাছা ভাষাত অসমীয়া লিপিৰে);
- মাইৰং ফাছাইডি খাছেবা জুলু (ডিমাছা ভাষাত অসমীয়া লিপিৰে);
- ডিমাছা সাধু কথা ( অসমীয়া ভাষাত);
- ডিমাছা গ্ৰাউৰেণ (ডিমাছা ভাষাৰ অভিধান-অসমীয়া ভাষাত) আদিয়েই প্ৰধান৷[5] প্ৰায় দহহেজাৰ শব্দৰে ’ডিমাছা গ্ৰাউৰেণ’ (ডিমাছা-অসমীয়া অভিধান) একক প্ৰচেষ্টাৰে কৰা নিৰুপমা হাগজেৰৰ উল্লেখযোগ্য সাহিত্যকৃতী৷[6] এইবোৰৰ উপৰি তেওঁ অসমৰ বিভিন্ন আলোচনী, স্মৃতিগ্ৰন্থ আদিত নানা প্ৰবন্ধ লিখি গৈছে৷
বঁটা, সন্মান
সম্পাদনা কৰক- অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০০৪),
- অসম লেখিকা সমাৰোহৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা (২০০৬),
- ফুলচান্দ খাণ্ডেৱাল আগৰৱালা বঁটা,
- ডিমাছা সাহিত্য সভাই প্ৰদান কৰা যতীন্দ্ৰলাল থাওচেন বঁটা
- অসম চৰকাৰৰ সাহিত্যিক পেন্সনো লাভ কৰে৷[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 অজন্তা কলিতা (জানুৱাৰী-মাৰ্চ, ২০১৬). "বিদূষী মহিলা : নিৰুপমা হাগজেৰ". বাৰ্তা, অসম সাহিত্য সভা.
- ↑ ডিমাছা জনগোষ্ঠীৰ মাতৃস্বৰূপা নিৰুপমা হাগজেৰ, গোপাল থাউচেন, অসমীয়া প্ৰতিদিন, ১২-০৭-২০১১
- ↑ নিৰুপমা হাগজেৰ বাইদেউৰ স্মৃতিত, উপেন্দ্ৰ বৰকটকী, আমাৰ অসম, ২৩-০৭-২০১১
- ↑ নিৰুপমা হাগজেৰ বাইদেউৰ স্মৃতিত, উপেন্দ্ৰ বৰকটকী, আমাৰ অসমৰ, ২৩-০৭-২০১১
- ↑ ডিমাছা গ্ৰাউৰেণ (২০০৫). লেখক পৰিচয়.
- ↑ হোমেন বৰগোহাঞি, Rmaokhlimlai, সোঁৱৰণি গ্ৰন্থ, ২০১১