হাফলং
হাফলং (ইংৰাজী: Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ [1] "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷
হাফলং | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিমা হাছাও জিলা |
উচ্চতা | ৬৮০ মিটাৰ (২,২৩০ ফুট) |
জনসংখ্যা (2012) | |
• মুঠ |
35,906 |
ভৌগোলিক বিৱৰণ
সম্পাদনা কৰকহাফলং ডিমা হাছাও জিলাত অৱস্থিত অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷[2][3]
জলবায়ু
সম্পাদনা কৰকহাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷
Haflongৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 28.8 (83.8) |
25.2 (77.4) |
28.4 (83.1) |
29.0 (84.2) |
20.0 (68.0) |
28.3 (82.9) |
26.5 (79.7) |
28.2 (82.8) |
25.8 (78.4) |
24.3 (75.7) |
21.0 (69.8) |
18.1 (64.6) |
— |
গড় উষ্ণতা - উচ্চ °C (°F) | 13.6 | 16.2 | 20.0 | 21.2 (70.2) |
21.2 (70.2) |
21.7 (71.1) |
21.9 (71.4) |
22.2 (72.0) |
21.7 (71.1) |
20.3 (68.5) |
17.6 (63.7) |
14.7 (58.5) |
19.36 (66.84) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10.3 (50.5) |
12.0 (53.6) |
15.9 (60.6) |
20.0 (68.0) |
22.7 (72.9) |
24.9 (76.8) |
25.6 (78.1) |
25.6 (78.1) |
24.7 (76.5) |
21.9 (71.4) |
16.7 (62.1) |
11.8 (53.2) |
19.34 (66.82) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 3.7 (38.7) |
4.1 (39.4) |
6.3 (43.3) |
12.0 (53.6) |
13.2 (55.8) |
15.4 (59.7) |
18.4 (65.1) |
18.1 (64.6) |
15.7 (60.3) |
10.6 (51.1) |
8.3 (46.9) |
5.0 (41.0) |
সাঁচ:Min/12 |
বৰ্ষাপাত mm (ইঞ্চি) | 11.9 (0.469) |
18.3 (0.72) |
55.8 (2.197) |
147.9 (5.823) |
244.2 (9.614) |
316.4 (12.457) |
345.4 (13.598) |
264.3 (10.406) |
185.9 (7.319) |
91.2 (3.591) |
18.7 (0.736) |
7.1 (0.28) |
0 (0) |
% আৰ্দ্ৰতা | 69 | 55 | 47 | 48 | 55 | 51 | 53 | 52 | 53 | 52 | 52 | 52 | 53.3 |
Avg. rainy days | 1.8 | 2.9 | 5.8 | 13.1 | 17.0 | 19.6 | 22.3 | 18.5 | 15.2 | 7.4 | 2.8 | 1.3 | 127.7 |
সূৰ্যোদয়ৰ সময় | 106.3 | 174.7 | 180.1 | 181.0 | 152.2 | 102.0 | 104.0 | 121.2 | 98.0 | 104.6 | 131.0 | 132.5 | 1,587.6 |
উৎস নং ১: World Meteorological Organization.,[4] NOAA (extremes & humidity, 1971-1990)[5] | |||||||||||||
উৎস নং ২: Hong Kong Observatory.[6] |
যাতায়াত ব্যৱস্থা
সম্পাদনা কৰকহাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷
ভাষা
সম্পাদনা কৰকহাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।
জনসংখ্যা
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি হাফলঙ নগৰৰ জনসংখ্যা আছিল ৪৩,৭৫৬ জন৷ ইয়াৰে ২২,৮৩৮পুৰুষ আৰু ২০,৯১৮ মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯৩.0৯%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.০৫% আৰু মহিলাৰ ৮৯.৮৪%৷ [7]
হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷
ৰাজনীতি
সম্পাদনা কৰকহাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷
পৰ্য্যটন
সম্পাদনা কৰকহাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-
- হাফলং হ্ৰদ
- জাতিংগা
- পৰম্পৰাগত গাওঁসমূহ
- ফিয়াংপুই বাগান
- জৰাই
- মউলপং
- ফিয়াংপুই (Fiangpui) গীৰ্জা
চিত্ৰ সম্ভাৰ
সম্পাদনা কৰক-
হাফলং ৰেলৱে ষ্টেচন
-
হাফলং-জাতিংগা পথত থকা এটি মন্দিৰ
-
ফিয়াংপুইত অৱস্থিত গীৰ্জাঘৰটি
-
হাফলঙৰ এটি পৰ্যটন স্থলী
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Haflong - Assam's Hill Station Archived 2014-02-22 at the Wayback Machine, India-north-east.com
- ↑ "HAFLONG TOURISM". https://www.india.com/travel/haflong/.
- ↑ "Haflong Hill Haflong". Tourmyindia. https://www.tourmyindia.com/states/assam/haflong-hill.html.
- ↑ World Weather Information Service-Guwahati Archived 2013-10-23 at the Wayback Machine, World Meteorological Organization. Retrieved 24 July 2012.
- ↑ "Haflong Climate Normals 1971-1990". National Oceanic and Atmospheric Administration. ftp://dossier.ogp.noaa.gov/GCOS/WMO-Normals/RA-II/IN/42410.TXT। আহৰণ কৰা হৈছে: December 22, 2012.
- ↑ Climatological Information for Haflong, India[সংযোগবিহীন উৎস], Hong Kong Observatory. Retrieved 24 July 2013.
- ↑ 7.0 7.1 "Haflong Population Census 2011 - 2020". Census 2011. http://www.census2011.co.in/data/town/801611-haflong-assam.html.
বাহ্যিক সংযোগ
সম্পাদনা কৰকDima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- N.C.Hills Website Archived 2019-10-03 at the Wayback Machine