নেকিবুজ জামান

অসমৰ পদ্মশ্ৰীপ্ৰাপক


নেকিবুজ জামান (ইংৰাজী: Nekibuz Zaman) অসমৰ এগৰাকী শল্য চিকিৎসক। তেখেতক ১৯৮৩ চনত চিকিৎসা সেৱাৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[1][2]

নেকিবুজ জামান
জন্ম ৩১ ডিচেম্বৰ, ১৯২৯
মৃত্যু ৮ জানুৱাৰী, ১৯৯৬ (৬৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
পেচা চিকিৎসক
গৃহস্থান জে বৰুৱা ৰোড, যোৰহাট জিলা
পিতৃ-মাতৃ ডা° বকৰুব (পিতৃ)
অৰেবান নেছা (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ডা° নেকিবুজ জামানৰ জন্ম হয় ১৯২৯ চনৰ ৩১ ডিচেম্বৰত, মৰিগাঁৱত। তেওঁৰ পিতৃৰ নাম ডা° বকৰুব আৰু মাতৃৰ নাম অৰেবান নেছা। পিছত তেওঁলোকে যোৰহাটৰ জে বৰুৱা ৰোডত স্থায়ীভাৱে বসতি কৰিবলৈ লয়। তেখেতে প্ৰাথমিক শিক্ষা যোৰহাট মুকতাব আদৰ্শ প্ৰাইমাৰী বিদ্যালয়ৰ পৰা আহৰণ কৰে। ১৯৪৫ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৭ চনত তেওঁ কটন কলেজৰ পৰা জীৱবিজ্ঞান বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি প্ৰথম বিভাগত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫২ চনত তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হয়।[3]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৫৭ চনত নেকিবুজ জামানে এডিনবাৰ্গৰ ৰয়েল কলেজৰ পৰা এফ আৰ চি এছ উপাধি লাভ কৰে। ১৯৭২চনত তেওঁ আমেৰিকান চাৰ্জন কলেজৰ ফেলʼ নিৰ্বাচিত হয় আৰু ১৯৮১ চনত চিকিৎসা বিজ্ঞানৰ জাতীয় অকাডেমীৰ ফেল' নিৰ্বাচিত হয়। ১৯৮৭ চনত তেওঁ ভাৰতীয় চিকিৎসা সন্থাৰ চিকিৎসা বিশেষজ্ঞ অকাডেমীৰ প্ৰতিষ্ঠাপক ফেল' নিৰ্বাচিত হয়। ১৯৮২ চনত তেওঁ আন্তৰ্জাতিক চিকিৎসা বিজ্ঞান অকাডেমীৰ প্ৰতিষ্ঠাপক ফেলʼ আছিল। তেখেতে ১৯৫৩ চনৰ পৰা ১৯৫৫ চনলৈ ডিব্ৰুগড়, অসম মেডিকেল কলেজৰ চাৰ্জাৰী বিভাগৰ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পিছত তেখেতে ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈ এছিছটেণ্ট প্ৰফেছাৰ হিচাপে আৰু ১৯৬১ চনৰ পৰা ১৯৭৩ চনলৈ চাৰ্জাৰী অধ্যাপক হিচাপে ডিব্ৰুগড়, অসম মেডিকেল কলেজৰ চাৰ্জাৰী বিভাগতে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৩ চনৰ পৰা ১৯৭৬ চনলৈ তেওঁ শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৬ চনৰ পৰা ১৯৮৪ চনলৈকে তেওঁ ডিব্ৰুগড়, অসম মেডিকেল কলেজৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৪ চনৰ পৰা ১৯৮৬ চনলৈকে তেওঁ অসম মেডিকেল এডুকেশ্যনৰ সঞ্চালক আছিল। তেওঁ ১৯৮৩ চনত নতুন দিল্লী, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চাইন্সৰ ইনষ্টিটিউট বডিৰ সদস্য আৰু ১৯৮৯ চনত গভৰ্ণিং বডিৰো সদস্য আছিল।

১৯৯৬ চনৰ ৮ জানুৱাৰীত তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে।[3]

উল্লেখনীয় কৰ্মৰাজী সম্পাদনা কৰক

  • অসম মেডিকেল কলেজৰ চাৰ্জিকেল বিভাগটো স্নাতকোত্তৰ পৰ্যায়লৈ উন্নীতকৰণ।
  • দুই বছৰ সময়সীমাৰ ভিতৰত শিলচৰ মেডিকেল কলেজক ৮০খন বিছনাযুক্ত চিকিৎসালয়লৈ আই এম চি পৰ্যায়লৈ উন্নীতকৰণৰ ব্যৱস্থা কৰা।
  • কেন্সাৰ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত 'Tumour Registry' চিকিৎসালয় অসমত স্থাপন।
  • অসম মেডিকেল হাস্পাতালত 'Radio Immuno Assay Centre' প্ৰতিষ্ঠা কৰা(ভাবা এটমিক গৱেষণা কেন্দ্ৰৰ অধীনত)।
  • চৰকাৰৰ অনুদান আৰু জনসাধাৰণৰ দান-বৰঙণিত 'Dialysis Centre' প্ৰতিষ্ঠা কৰা।
  • গুৱাহাটীৰ দ্বিতীয়টো ফাৰ্মাচী ইন্সটিটিউট প্ৰতিষ্ঠা কৰা।[3]

ইত্যাদি।

তথ্যৰ উৎস সম্পাদনা কৰক

  1. https://www.padmaawards.gov.in/content/notifications/PadmaAwards/1983.pdf ৰ পৰা আহৰণ কৰা হৈছে।
  2. https://www.indianetzone.com/51/1983_padma_shri_awards.htm ৰ‌ পৰা আহৰণ কৰা হৈছে
  3. 3.0 3.1 3.2 সমীন কলিতা (ফেব্ৰুৱাৰী,২০১৮). ভাৰত ৰত্নৰপৰা পদ্মশ্ৰীলৈ. বনলতা. পৃষ্ঠা. ১৯৮-- ২০০.