নেজাল জে

পখিলাৰ প্ৰজাতি

নেজাল জে (ইংৰাজী: Tailed Jay , বৈজ্ঞানিক নাম-Graphium agamemnon) এটা সেউজীয়া আৰু ক’লা বৰণৰ চাতকনেজীয়া (Swallowtail ) পখিলা ৷ ইয়াক সাধাৰণতে ক্ৰান্তীয় অঞ্চলসমূহত দেখা পোৱা যায়৷ ই ভাৰত, শ্ৰীলংকাৰ লগতে সমগ্ৰ দক্ষিণ-পূব এছিয়াত আৰু অষ্ট্ৰেলিয়া মহাদেশত সততে পোৱা এবিধ স্থানীয় পখিলাৰ প্ৰজাতি৷

নেজাল জে (Tailed Jay)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Graphium
প্ৰজাতি: G. agamemnon
বৈজ্ঞানিক নাম
Graphium agamemnon
(Linnaeus, 1758)
Subspecies[1]
  • G. a. agamemnon
  • G. a. plisthenes (C. & R. Felder, 1864)
  • G. a. neopommeranius (Honrath, [1888])
  • G. a. argynnus (Druce, 1888)
  • G. a. ligatus (Rothschild, 1895)
  • G. a. exilis (Rothschild, 1895)
  • G. a. decoratus (Rothschild, 1895)
  • G. a. guttatus (Rothschild, 1895)
  • G. a. salomonis (Rothschild, 1895)
  • G. a. obliteratus (Lathy, 1899)
  • G. a. menides (Fruhstorfer, 1904)
  • G. a. andamana (Lathy, 1907)
  • G. a. rufoplenus (Fruhstorfer, 1917)
  • G. a. atropictus (Fruhstorfer, 1903)
  • G. a. pulo (Evans, 1932)
  • G. a. baweata (Hagen, 1896)
  • G. a. meton (Fruhstorfer, 1904)
  • G. a. comodus (Fruhstorfer, 1903)
  • G. a. ugiensis (Jordan, 1909)
  • G. a. admiralia (Rothschild, 1915)
সমাৰ্থক
  • Papilio agamemnon Linnaeus, 1758
  • Papilio atreus (Fruhstorfer, 1903)
  • Papilio mynion (Fruhstorfer, 1906)

বিৱৰণ সম্পাদনা কৰক

 
Ventral view

ইয়াৰ মতা পখিলাটোৰ দেহৰ ওপৰৰ অংশ ক’লা৷ আগফালৰ পাখি (Forewing)খনত কেইবাটাও বৈশিষ্ট্যপূৰ্ণ দাগ থকা বাবে ইয়াত সহজে চিনাক্ত কৰিব পৰা যায়৷ ইয়াৰ পাখিৰ তলৰ অংশ মটিয়া বা ক’লা-মটিয়া বৰণৰ হয়৷[2] মাইকী পখিলাজনী প্ৰায় একে যদিও ইয়াৰ পাখিত সেউজীয়া-বগা বৰণৰ আভাস থাকে৷

বিস্তৃতি সম্পাদনা কৰক

দক্ষিণ ভাৰতৰ সৌৰাষ্ট্ৰৰ পৰা উত্তৰ ভাৰতৰ কুমায়ুনৰ পৰা অসম পৰ্যন্ত, নেপাল, শ্ৰীলংকা, আন্দামান, নিকোবৰ, বাংলাদেশ, ব্ৰুণেই, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া,চীন, টাইৱান, নিউগিনি আৰু অষ্ট্ৰেলিয়ালৈকে এই পখিলাবিধ বিস্তৃত হৈ আছে৷ .

বাসস্থান সম্পাদনা কৰক

পূৰ্বতে এই পখিলাবিধ কেৱল পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হোৱা বনাঞ্চলতহে পোৱা গৈছিল যদিও বৰ্তমান নেজাল জে পখিলা খেতি-পথাৰকে ধৰি চহৰীয়া অঞ্চলতো সততে দেখা যায়৷

আচৰণ সম্পাদনা কৰক

নেজাল জে এবিধ খুউব শক্তিশালী আৰু খৰকৈ উৰিব পৰা পখিলাৰ প্ৰজাতি৷ ই প্ৰায় সকলো সময়তে অতি সক্ৰিয় হৈ থাকে৷ মতা পখিলাবোৰে ঘাইকৈ Lantana, Ixora, Mussaenda আৰু Poinsettia আদি উদ্ভিদৰ পৰা ফুলৰ মৌ খায়৷ মাইকী পখিলাবোৰে এই উদ্ভিদসমূহ কণী পাৰিবৰ বাবেও ব্যৱহাৰ কৰে৷ নেজাল জে পখিলা বছৰৰ সকলো সময়তে দেখা যায় যদিও ইয়াৰ ঘনত্ব বাৰিষাৰ আগমন তথা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে৷ [3]

 
Tailed Jay (চইতক)

খাদ্য সম্পাদনা কৰক

Polyalthia longifolia, Polyalthia cerasoides, Annona squamosa, Annona reticulata, Annona discolor, Annona muricata, Goniothalamus cardiopetalus, Mitrephora heyneana[4] and Uvaria narum[5] Michelia doltospa, Michelia champaca, Milliusa tomentosum , Cinnamom, আৰু Artabotrys hexapetalus আদি উদ্ভিদত এই পখিলাবিধে মৌৰ সন্ধান কৰা দেখা যায়৷

জীৱন-চক্ৰ সম্পাদনা কৰক

নেজাল জে পখিলাই কণীৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে মাথোঁ ৩৩-৩৬ দিন পৰ্যন্ত আয়ুস পায়৷[6] [1]

কণী সম্পাদনা কৰক

ইয়াৰ কণীৰ বৰণ শেঁতা হালধীয়া৷ এই পখিলাই সাধাৰণতে গছৰ পাতৰ তলৰফালে কণী পাৰে৷ ৩-৪ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে৷

পলু সম্পাদনা কৰক

পলুৰ বৰণ গাঢ় হালধীয়া সেউজীয়া আৰু পেটৰ অংশতে এডাল শেঁতা হালধীয়া আঁচ থাকে৷

লেটা সম্পাদনা কৰক

লেটা সাধাৰণতে সেউজীয়া বা মটিয়া বৰণৰ হয়৷ লেটাবোৰ গছৰ পাতৰ তলৰফালে সংযুক্ত হৈ থাকে৷ এই অৱস্থাত ইহঁত ১৩-১৪ দিন পৰ্যন্ত থাকে৷

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Graphium, funet.fi
  2. Bingham, C. T. (1907) Fauna of British India. Butterflies. Volume 2
  3. Sharma, R.M. and N. Chaturvedi (2005) Additions to the light attracted butterflies. J. Bombay. Nat. Hist. Soc. 102(1):129
  4. Kunte, K. 2006. Additions to known larval host plants of Indian butterflies. J. Bombay Nat. Hist. Soc. 103(1):119-120
  5. Nair, V. P. 2005 Uvaria narum, a new host plant record of the Tailed Jay Butterfly (Graphium agamemnon) from Kerala. Journal of the Bombay Natural History Society 102(3):355-356
  6. Ramana S.P., Atluri .J.B., Reddi C.S. (2003) Autecology of the tailed jay butterfly Graphium agamemnon (Lepidoptera: Rhopalocera: Papilionidae). Journal of Environmental Biology. Jul;24(3):295-303.

লগতে চাওক সম্পাদনা কৰক

  • Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Gaonkar, Harish (1996) Butterflies of the Western Ghats, India (including Sri Lanka) - A Biodiversity Assessment of a threatened mountain system. Journal of the Bombay Natural History Society.
  • Gay, Thomas; Kehimkar,Isaac & Punetha,J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Kunte,Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ সম্পাদনা কৰক