নেপালী সাহিত্য
নেপালী সাহিত্য (ইংৰাজী: Nepali literature) নেপালী ভাষাত লিখা সাহিত্যক বুজায়। নেপালী ভাষা ১৯৫৮ চনৰ পৰা নেপালৰ ৰাষ্ট্ৰীয় ভাষা হৈ আহিছে।[1]নেপালী ভাষা সংস্কৃতৰ পৰা বিকশিত হৈছিল আৰু নেপালী ভাষা সাহিত্যৰ ইতিহাসৰ সঠিক আৰম্ভণি কেতিয়া হৈছিল কোৱাটো কঠিন। কিয়নো বেছিভাগ প্ৰাৰম্ভিক পণ্ডিতে সংস্কৃতত লিখিছিল। অৱশ্যে নেপালী সাহিত্যক প্ৰায় পাঁচটা সময়ত বিভক্ত কৰা সম্ভৱ।
প্ৰাক্ ভানুভক্তৰ যুগ
সম্পাদনা কৰকএয়া ধাৰণা কৰা হয় যে নেপালী সাহিত্য শ শ বছৰ ধৰি মৌখিক লোককাহিনীত বিদ্যমান আছিল। অৱশ্যে, ভানুভক্তৰ আগতে লিখিত সাহিত্য কৰ্মৰ কোনো প্ৰমাণ পোৱা নাই। ভানুভক্তৰ আগতে সংস্কৃতত লিখা হৈছিল আৰু যিহেতু সংস্কৃত সেই সময়ত উচ্চ বৰ্ণৰ ব্ৰাহ্মণসকলৰ বাবে একমাত্ৰ উপলব্ধ ভাষা আছিল, সাধাৰণ নেপালী লোকসাহিত্যৰ সৈতে জড়িত নাছিল। কেইজনমান পণ্ডিতে যুক্তি দিছে যে কবি সুৱাানন্দ দাস আধুনিক নেপালৰ ইতিহাসৰ প্ৰথম সাহিত্যিক ব্যক্তি আছিল। নিৰ্গুন ভক্তি ধাৰাক প্ৰতিনিধিত্ব কৰা ভানুভক্তৰ সমসাময়িক, সন্ত জ্ঞানীল দাস নেপালী ভাষাত সাহিত্য চৰ্চা কৰিছিল আৰু উদয়লাহাৰী ৰচনা কৰা কবি আছিল।
ভানুভক্তৰ যুগ
সম্পাদনা কৰকনেপালী ভাষীসকলে ভানুভক্তক নেপালী ভাষাৰ আদিকবি (নেপালী: आदिकवि) হিচাপে সন্মানীত কৰে। নেপালী সাহিত্যলৈ ভানুভক্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে তেওঁ পবিত্ৰ ৰামায়ণখন নেপালী ভাষালৈ অনুবাদ কৰিছিল। তেওঁ ৰামায়ণক মেট্ৰিক ৰূপত লিপিবদ্ধ কৰিছিল, সংস্কৃত পণ্ডিতসকলৰ দৰে একে ৰূপব্যৱহাৰ কৰি। ৰামায়ণ অনুবাদ কৰাৰ উপৰিও ভানুভক্তই বিভিন্ন বিষয়ৰ ওপৰত কবিতা লিখিছিল। ভানুভক্তৰকবিতাত ঠাই পাইছিল পাৰিবাৰিক নৈতিকতাৰ ওকালতিৰ পৰা আমোলাতন্ত্ৰৰ ব্যংগ আৰু বন্দীসকলৰ দুৰ্বল অৱস্থালৈকে।[2]
বিংশ শতিকাৰ আৰম্ভণি
সম্পাদনা কৰকএই যুগটো কবি মতিৰাম ভট্ট যুগ বুলিও জনা যায়। মতিৰাম ভট্টাই (১৯২৩-১৯৫৩ বিএছ বা ১৮৬৬-১৮৯৬ চিই) ভানুভক্তৰ উত্তৰাধিকাৰী কালছোৱাত নেপালী সাহিত্য পুনৰুজ্জীৱিত কৰে। আৰু ভানুভক্তৰ অৱদানৰ বিষয়ে প্ৰচাৰ কৰে।[3]গিৰীশ বল্লভ যোশীৰ 'বীৰ চৰিত্ৰ'ক প্ৰথম নেপালী উপন্যাস বুলি গণ্য কৰা হয়। এইখন ১৯০৩ চনত প্ৰকাশ কৰা হৈছিল।[4]
অৱশ্যে উপন্যাসখনৰ প্ৰকাশৰ ক্ষেত্ৰত ৰাণা শাসনৰ দ্বাৰা সীমাবদ্ধ কৰা হৈছিল আৰু উপন্যাসখনৰ সম্পূৰ্ণ সংস্কৰণ ১৯৬৫ চনত প্ৰকাশ িত হৈছিল। উপন্যাসখনৰ পাণ্ডুলিপি পঢ়ুৱৈসকলৰ মাজত ভাগ বতৰা কৰা হৈছিল। ১৯৩৪ চনত প্ৰকাশিত ৰুদ্ৰ ৰাজ পাণ্ডেৰ 'ৰূপমতী'নেপালী ভাষাৰ প্ৰথম জনপ্ৰিয় উপন্যাস হিচাপে পৰিগণিত হয়। যিহেতু ' বীৰচৰিত্ৰ'ৰ সম্পূৰ্ণ সংস্কৰণ বহু পিছত প্ৰকাশ হৈছিল। 'ৰূপমতীক' নেপালী ভাষাৰ প্ৰথমখন উপন্যাস বুলিও গণ্য কৰিব পাৰি।[2]
১৯৬০-১৯৯১
সম্পাদনা কৰকমত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ থকা স্বত্বেও সৃষ্টিশীল লিখনিৰ বাবে প্ৰাক-বিপ্লৱ যুগ নেপালী সাহিত্যৰ বাবে এক অতি উৎকৃষ্ট সময় আছিল। এই সময়ছোৱাত নেপালী সাহিত্য প্ৰকাশৰ বাবে স্বতন্ত্ৰ আলোচনী "শাৰদা" একমাত্ৰ মুদ্ৰিত মাধ্যম আছিল। লক্ষ্মী প্ৰসাদ দেৱকোটা, গুৰু প্ৰসাদ মাইনালী, বিশ্বেশ্বৰ প্ৰসাদ কৈৰালা আৰু গদুল সিং লামা (চানু লামা)ৰচুটি গল্পসমূহক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল আৰু নেপালী সাহিত্যৰ বিকাশৰ বাবে এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ আছিল।[5] নাটকৰ ভিতৰত লক্ষ্মী প্ৰসাদ দেৱকোটাৰ প্ৰভাৱশালী মুনা মদনৰ দৰে নাটকে মানৱ জীৱনৰ কাহিনীসমূহ ভালদৰে ফুটাই তুলিছিল। নাটকৰ কাহিনীটো আছিল এনে এজন ব্যক্তিৰ বিষয়ে যিয়ে তিব্বতত ধন উপাৰ্জন কৰিবলৈ তেওঁৰ পত্নী, মাতৃ আৰু ঘৰ এৰি যায়, যাৰ ফলত ট্ৰেজেডী হয়। বিশ্বেশ্বৰ প্ৰসাদ কৈৰালাৰ আন কাহিনীবোৰে সাহিত্যত মনোবিজ্ঞানৰ পৰিচয় দিছিল, উদাহৰণ স্বৰূপে টিন ঘুমতি, দোশী চশমা আৰু নৰেন্দ্ৰ দাইৰ দৰে সৃষ্টিৰ জৰিয়তে। এই সময়ছোৱাত বহুকেইজন কবিয়ে আত্মপ্ৰকাশ কৰিছিল। তাৰে ভিতৰত লক্ষ্মী প্ৰসাদ দেৱকোটা, গোপাল প্ৰসাদ ৰীমাল, সিদ্ধিচৰণ শ্ৰেষ্ঠ, ভীম নিধি তিৱাৰী আৰু বলকৃষ্ণ সমাৰ দৰে কেইবাজনো বিশিষ্ট কবি প্ৰস্তুত হৈছিল। পিছত, পঞ্চায়ত শাসনকালত কেইবাজনো কবি পোহৰলৈ আহে। ইন্দ্ৰ বাহাদুৰ ৰায়, [6]পৰিজাত, ভুপি শ্বেৰচান, মাধৱ প্ৰসাদ ঘিমিৰে, বৈৰাগী কাইনলা, বানিৰা গিৰি, ঈশ্বৰ বল্লভ, তুলসী দিৱস, কুল বাহাদুৰ কেচি, [7] এই সন্দৰ্ভত টয়া গুৰুং, বিষ্ণু ৰাজ আত্ৰেয় আৰু কৃষ্ণ ভুচন বল আদিৰ নাম উল্লেখ কৰিব পাৰি।
বিপ্লৱৰ পাছৰ যুগ
সম্পাদনা কৰক১৯৯১ চনৰ গণতান্ত্ৰিক বিপ্লৱৰ পিছত বৰ্তমানলৈকে নেপালী সাহিত্যলৈ অৱদান আগবঢ়োৱা নেপালী ভাষাৰ লেখকসকল হ'ল খগেন্দ্ৰ চাংৰাউলা, আশেশ মাল্লা, য়ুয়ুৎচু শৰ্মা, সুমন পোখৰেল, শ্ৰৱণ মুকাৰুং, গীতা ত্ৰিপাথি, নয়ন ৰাজ পাণ্ডে, ৰমেশ ক্ষিতিজ, নাৰায়ণ ৱাগল, বুদ্ধি সাগৰ, মহাানন্দ পুড়িয়াল, দীনবন্ধু শৰ্মা, সুভাষ চন্দ্ৰ ভাণ্ডাৰী, পঞ্চম আধি আদিৰ দৰে বহুতো সাহিত্যিক। নেপালী ভাষাভাষীসকলে বিশ্বজুৰি দ্ৰুতগতিত প্ৰব্ৰজন কৰি আছে আৰু বিশ্বৰ বিভিন্ন কোণৰ পৰা নেপালী ভাষা সাহিত্যৰ বহুতো কিতাপ প্ৰকাশ িত হৈছে। প্ৰবাসী সাহিত্যই নতুন চিন্তাধাৰা বিকশিত কৰিছে আৰু নেপালী ভাষা সাহিত্যত এটা নতুন শাখা সৃষ্টি কৰিছে।
বাহ্যিক সংযোগ
সম্পাদনা কৰকতথ্যৰ উৎস
সম্পাদনা কৰক- ↑ brand=ucpress Himalayan Voices: An Introduction to Modern Nepali Literature (Voices from Asia), edited and translated by Michael J. Hutt, University of California Press, 1991. p. 5. আই.এচ.বি.এন. 9780520910263
- ↑ 2.0 2.1 Ācārya, Naranātha; Śivarāja Ācārya; Sāmbkslo thiyoarāja Ācārya; Jayaraj Acharya (1979). Ādikavi Bhānubhakta Ācāryako saccā jı̄vanacarittra. প্ৰকাশক Tanuṅa: Naranātha Ācārya. OCLC 10023122.
- ↑ "Motiram Bhatta - Legend of Nepali Literature" (en ভাষাত). প্ৰকাশক Kathmandu: We All Nepali. http://www.weallnepali.com/sahitya-sumana/motiram-bhatta। আহৰণ কৰা হৈছে: 2019-02-25.
- ↑ "नेपालको पहिलो उपन्यासः वीरचरित्र" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com/2018/02/656813। আহৰণ কৰা হৈছে: 2022-03-23.
- ↑ "The Gentle Literary Giant". Government of Sikkim. 2015. Archived from the original on December 8, 2015. https://web.archive.org/web/20151208141634/http://www.sikkim-culture.gov.in/Personalities/personalities_pdf/gadul_singh_lama.pdf। আহৰণ কৰা হৈছে: December 3, 2015.
- ↑ Gorkhas Imagined: I.B. Rai in Translation, Eds. Prem Poddar and Anmole Prasad, Mukti Prakashan, 2009
- ↑ Jagannath Adhikari, David Seddon (1 January 2002). "Pokhara: Biography of a Town", p. 185. Mandala Book Point, Original from the University of Michigan.আই.এচ.বি.এন. 9789993310143 Retrieved on 29 January 2020.