নৱ-বৈষ্ণৱ ধৰ্ম

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্ম

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমত মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰে। এই ধৰ্মৰ মূল মন্ত্ৰ আছিল- 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাত কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। সেইসময়ত অসমত চলি থকা বলি বিধান আৰু সাকাম উদ্দেশ্যে কৰা দেৱ-দেৱীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই ভগৱান বিষ্ণুৰ উপাসনাক প্ৰাধান্য দিবলৈ মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে। মানুহক ভগৱান শ্ৰীকৃষ্ণৰ গুণ আৰু মাহাত্ম্যৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ নানান শাস্ত্ৰ ৰচনা কৰিবলৈ ধৰে।

শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে আমি খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগ পৰ্যন্ত ৰচিত সাহিত্যৰাজিৰ কথাই বুজোঁ। এই সময়ছোৱাই আছিল অসমীয়া সাহিত্যৰ ঐশ্বৰ্যময় আৰু সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ অৰ্থে ৰচনা কৰা সাহিত্যৰাজিৰ মাজত এই সন্তগৰাকীৰ প্ৰতিভাৰ পূৰ্ণ প্ৰতিফলন ঘটাৰ লগতে তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত কৰি বহু সাহিত্যিক-কবিক কাব্যচৰ্চাত আত্মনিয়োগ কৰাবলৈ সক্ষম হৈছিল। শংকৰদেৱৰ বহুমুখী অৱদানলৈ লক্ষ্য কৰি সাহিত্যৰ বুৰঞ্জী ৰচয়িতাসকলে এই যুগটিক ‘শংকৰী যুগ’ বুলি অভিহিত কৰাৰ লগতে ‘নৱ-বৈষ্ণৱ যুগ’ বুলিও অভিহিত কৰে। অসমত শংকৰদেৱে আৰম্ভ কৰা ‘নৱ-বৈষ্ণৱ আন্দোলন’ৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিবিধ সাহিত্যৰাজি ৰচিত হৈছিল বাবে ‘ভক্তি সাহিত্য’ বা ‘নৱ-বৈষ্ণৱ সাহিত্য’ৰ প্ৰকাশে অন্যতম প্ৰধান স্থান লাভ কৰিছিল। এই যুগটিক ‘শংকৰী যুগ’ ‘নৱ-বৈষ্ণৱ যুগ’ বা ‘ভক্তি যুগ’ বুলি কোৱাৰ খেও ধৰিয়েই ক’ব পাৰি ‘শংকৰী সাহিত্য’, ‘নৱ-বৈষ্ণৱ সাহিত্য’ বা ‘অসমীয়া ভক্তি-সাহিত্য’ৰ মাজত কোনো পাৰ্থক্য নাই। এই যুগটিৰ পটভূমি সম্পৰ্কে ক’বলৈ হ’লে আমি সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হোৱা ‘ভক্তি আন্দোলন’ৰ বিষয়েও সম্যক ধাৰণা লাভ কৰিব লাগিব। খ্ৰীঃ পঞ্চদশ শতিকাৰ আশ-পাশৰ সময়খিনিত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হৈছিল বৈষ্ণৱ ভক্তি আন্দোলন। ভক্তি ধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সমুন্নতি। পণ্ডিতসকলে মত পোষণ কৰে যে বৈদিক বিষ্ণু উপাসনা পদ্ধতিৰ লগত লোকধৰ্মৰ সংযোগ প্ৰক্ৰিয়াৰ ফলত নৱ-বৈষ্ণৱ বা ভক্তি ধৰ্মৰ উদ্ভৱ আৰু বিকাশ হৈছে। খ্ৰীঃ পূৰ্ব কেইবা শতিকাৰ আগৰে পৰা বৈষ্ণৱ সম্প্ৰদায়ৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। বিভিন্ন সময়ৰ নানা সাহিত্যৰাজি, প্ৰত্নলিপি, শিলালিপি, বেদ-বেদান্ত আদি শাস্ত্ৰসমূহেই ইয়াৰ প্ৰতিফলক। খ্ৰীঃ সপ্তমৰ পৰা দশম শতাব্দীত তামিল দেশৰ আলোৱাৰ ভক্তসকলে বৈষ্ণৱ ধৰ্মক অভিনৱভাৱে জনপ্ৰিয় কৰি তোলে। তেওঁলোকে তামিল ভাষাত ৰচিত আবেগপ্ৰসূত গীত (হেজাৰ গীত) পদ আৰু নৃত্যৰে বাল-গোপালক উপাসনা কৰিছিল। বিভিন্ন সমীক্ষকে ধাৰণা কৰে যে এই সময়ছোৱাতে ‘ভাগৱত পুৰাণ’খন ৰচনা কৰা হৈছিল। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, নিম্বাকাচাৰ্য, মধবাচাৰ্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্ত মহাপুৰুষসকলে ভিন্ ভিন্ সময়ত বেলেগ বেলেগ ধৰণে ভাৰতৰ বিভিন্ন স্থানত বৈষ্ণৱ আন্দোলন প্ৰসাৰিত কৰে। তেওঁলোকৰ শিষ্য-প্ৰশিষ্যসকলে এই জাগৰণ তীব্ৰতৰ আৰু ব্যাপক ৰূপ প্ৰদান কৰে। চতুদৰ্শ-পঞ্চদশ শতিকাত বংগত চৈতন্যদেৱ আৰু অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা ধৰি সমাজত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰে। সবৰ্ভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলন বিকাশৰ আঁৰত কিছুমান ৰাজনৈতিক আৰু সামাজিক কাৰণেও অনুঘটক হিচাপে ক্ৰিয়া কৰিছিল। যথা:-

  • নব্য ভাৰতীয় আৰ্যভাষাৰ স্বকীয় ৰূপ লাভ আৰু এই ভাষাবোৰলৈ সংস্কৃত সাহিত্যৰাজিৰ অনুবাদ।
  • একেশ্বৰবাদৰ পুনৰ প্ৰতিষ্ঠা। বৈষ্ণৱ ভক্তি মাৰ্গৰ সহায়েৰে ঐকান্তিক ভক্তিৰ আদৰ্শৰ প্ৰসাৰ তথা প্ৰচাৰ।
  • প্ৰান্তীয় ভাষাত সাধন প্ৰণালীৰ অনুশীলন আৰু ভক্তিমাৰ্গক প্ৰাধান্য দি প্ৰান্তীয় ভাষাত ৰচিত পুথিৰ প্ৰসাৰ।
  • ধৰ্মৰ সংস্কাৰকসকলে ভক্তিমাৰ্গৰ সংস্কাৰ সাধন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক আত্মিক বিকাশৰ সুবিধা প্ৰদান।

অসমতো খ্ৰীঃ শতাব্দীৰ আদি ভাগতে বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল। প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ৰচনাত বিভিন্ন ৰূপত বিষ্ণু মাহাত্ম্য বৰ্ণিত হৈছিল যদিও এক জাগৰণৰ বাবে যিমানখিনি প্ৰয়োজন সেয়া সৃষ্টি হোৱা নাছিল। শংকৰদেৱে হাতত আঁৰিয়া লৈ এই জাগৰণ অসমলৈ বোৱাই আনিলে আৰু পূৰ্বৰ বৈষ্ণৱ পৰম্পৰাৰ আধাৰত এক স্বতন্ত্ৰ বিশিষ্টতা প্ৰদান কৰি নৱ-বৈষ্ণৱ ধৰ্মৰ সৰ্বজনীন ভেটি নিৰ্মাণ কৰিলে। শংকৰদেৱে জীৱনৰ আদি কালছোৱাত বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান, মঠ-মন্দিৰ ভ্ৰমণ কৰি সেইসময়ৰ বিশিষ্ট ধৰ্মসাধকসকলৰ চিন্তাধাৰাৰ সৈতে পৰিচিত হৈছিল। এইবোৰৰ প্ৰভাৱত নিজ দেশলৈ উভতি আহি নিজৰ দেশ কাল আৰু পাত্ৰৰ উপযোগীকৈ বিভিন্ন সাহিত্য সৃষ্টি কৰি এক শৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। এই ক্ষেত্ৰত অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰক্ষাপটেও শংকৰদেৱক সহায় কৰিছিল। পুৰণি অসমত ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰি অসমৰ সকলো জাতি-উপজাতিক একতাৰ ডোলেৰে বান্ধি বহুদেৱতা উপাসনাৰ ঠাইত এক ঈশ্বৰৰ ভেটি স্থাপন কৰি সৰ্বসাধাৰণক ভগৱৎমুখী কৰি তোলে তেওঁ। মন কৰিবলগীয়া যে নিধানপুৰ তামৰ ফলি পুষ্যবৰ্মণৰ ডুবি তামৰ ফলি, ধৰ্মপালৰ পুষ্পভদ্ৰা শাসন আদিত বিষ্ণু উপাসনাৰ সমল উপলব্ধ হয়। এইবোৰে পূৰ্বৰে পৰা যে অসমত বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল তাৰ প্ৰমাণ দাঙি ধৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল- সেইসময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি তথা শাসকসকলে সৰ্বসাধাৰণ ৰাইজৰ সামাজিক মৰ্যাদা একেবাৰে নিম্ন কৰি ৰাখিছিল। এওঁলোকেও এই অৱস্থাৰ পৰা পৰিত্ৰাণৰ বাট বিচাৰি ফুৰিছিল। সেই সময়তে শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক শৰণ নাম ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰে। কাৰণ সামাজিক মৰ্যাদা নোপোৱাৰ ক্ষোভ অলপ হলেও প্ৰশমিত কৰিছিল ধৰ্মীয় সমমৰ্যাদাই। তদপুৰি প্ৰাক্-শংকৰী যুগৰ কবিসকলে নিৰ্মাণ কৰি যোৱা অসমীয়া সাহিত্যৰ ভেটিত শংকৰদেৱ আৰু তেৰাৰ ছাঁয়া-প্ৰছাঁয়াৰ কবিসকলে বিবিধ কাব্য, গীত, নাটক, গদ্য আদিৰ সহায়েৰে এক মন্দিৰ প্ৰতিষ্ঠা কৰাৰ লগতে জনগণৰ মনত সৌন্দৰ্যবোধ জগাই সাংস্কৃতিকভাৱে সচেতনতা বৃদ্ধি কৰে। এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য স্মতৰ্ৱ্য-”অসমত নৱ জাগৃতিৰ শুভ সূচনা হয় যাৰ ফলত অসমীয়া সামাজিক জীৱন বহু পৰিমাণে শ্ৰীমণ্ডিত হৈ উঠে। ” ইতিমধ্যে উল্লেখ কৰা হৈছে যে শংকৰী যুগৰ সাহিত্যৰাজি ৰচিত হৈছিল মূলতঃ ধৰ্ম প্ৰচাৰৰ অৰ্থে। ধৰ্মৰ জটিল তত্ত্ব কথাবোৰ জনগণৰ সহজে বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তন কৰিবলৈ সহায়ক হোৱাকৈ কৃষ্ণ-মাহাত্ম্য প্ৰচাৰৰ অৰ্থে এই সকলোবোৰ ৰচিত হৈছিল। আদৰ্শবাদী ধাৰাৰ প্ৰাধান্যৰে ৰচিত সাহিত্যৰাজিৰ মাজত সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা ব্যক্ত হোৱা নাই। ভগৱন্ত পুৰুষৰ অৱতাৰী কথা, কৃষ্ণভক্তিৰ তাত্ত্বিক কথাবোৰেই এই ৰচনাসমূহৰ মাজত উদ্ভাসিত হৈছে। সেইবাবে তেওঁলোকে ৰচনা কৰা কাব্য-নাট-গীতত বিবিধ ৰসৰ প্ৰকাশ ঘটিলেও সেয়া যে ভগৱন্তৰ লীলাহে তাক বাৰে বাৰে সোঁৱৰাবলৈ পাহৰা নাই আৰু ভক্তিৰসৰ অমৃত ভণ্ডত সকলো ৰস বিলীন হৈছে। অন্তঃসলিলা ফুল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণ ৰতি বা ভক্তি ৰস। এই সময়ৰ সাহিত্যৰাজি আছিল মূলতঃ অনুবাদমূলক। ভাগৱত পুৰাণকে মুখ্য হিচাপে লৈ বিবিধ পুৰাণৰ পৰা সমল সংগ্ৰহ কৰি সাহিত্য ৰচনাত ব্ৰতী হৈছিল এই সময়ৰ কবিসকল। উল্লেখযোগ্য যে অনুবাদমূলক সাহিত্য বা কোনো পুৰাণৰ আধাৰত সাহিত্য সৃষ্টি কৰিছিল যদিও এইবোৰৰ মাজত তেওঁলোকৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ যে প্ৰতিভাত হোৱা নাছিল এনে নহয়। বৰং মৌলিকতাৰ পৰশ ছত্ৰে ছত্ৰে অনুভূত হোৱাৰ লগতে অসমীয়া সমাজ জীৱনৰ অতিকে চিনাকি বিবিধ চিত্ৰেৰে ভৰপূৰ আছিল। নৱ-বৈষ্ণৱ কবিসকলে প্ৰদৰ্শন কৰা আদৰ্শ আৰু মাৰ্গ পৰিহাৰ কৰি লৌকিক ৰুচিৰে কাব্য বা সাহিত্য ৰচনা কৰা কবিসকলক এওঁলোকে বৰ ভাল চকুৰে চোৱা নাছিল। আনকি বহুসময়ত তুচ্ছ-তাচ্ছিল্যও কৰা হৈছিল। এই যুগৰ সাহিত্যৰাজিক আমি কাব্য, নাটক, গীত-বৰগীত-ভটিমা-অংকৰ গীত, অনুবাদমূলক, কথাবন্ধে ৰচিত গ্ৰন্থ আৰু চৰিত সাহিত্য আদি ভাগত বিভাজন কৰিব পাৰোঁ। এটা কথা ঠিক যে স্ত্ৰী-শূদ্ৰে সৰ্বলোকে বুজিব পৰাকৈ ৰচনা কৰা এই সময়ৰ সাহিত্যৰাজিয়ে আজিও অসমীয়া জাতীয় জীৱনত সমতা আৰু সংহতি অনাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আছে। অসমৰ নিৰক্ষৰ সমাজক অনানুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰি আহিছে। তলত এই সময়ছোৱাৰ প্ৰধান কবিসকল আৰু তেওঁলোকৰ সাহিত্যকৃতি সম্পৰ্কে আলোচনা কৰা হ’ল।

শংকৰী যুগৰ সাহিত্যিকসকল

সম্পাদনা কৰক

অসমীয়া সাহিত্যৰ জনক শংকৰদেৱকে কেন্দ্ৰত লৈ এই সময়ছোৱাত বিভিন্ন ভক্ত সন্তসকলে অসমীয়া ভাষা-সাহিত্যক উচ্চ স্থানত উপৱিষ্ট কৰালে। শংকৰদেৱৰ বাদে এই সময়ৰ আন আন ভক্ত সাহিত্যিকসকল হ’ল মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, কংসাৰি কবি, সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলি, ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্ৰ, দামোদৰদেৱ, ভট্টদেৱ আদি। তলত তেওঁলোকৰ সাহিত্যকৰ্ম সম্পৰ্কে আলোচনা কৰা হ’ল।

শংকৰদেৱে নিজৰ পৰিচয় তেওঁৰ বিভিন্ন ৰচনাৱলীত ছেগা-চোৰোকাকৈ দি গৈছে। ৮ম স্কন্ধ ভাগৱতত এওঁ উল্লেখ কৰা নিজৰ বংশ পৰিচয়টি এই ক্ষেত্ৰত উল্লেখযোগ্য—

টেমোনীয়া বন্ধে গ্ৰাম বটদ্ৰৱা যাৰ নাম লৌহিত্যৰ জলে অনুকূল। ভৈলা সেহি গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ কায়স্থ কুলৰ পদ্মফুল॥ তান পুত্ৰ সূৰ্যধৰ মহা বৰা বংশধৰ আতি গুণৱন্ত সন্ত শিষ্ট। যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ দুই ভাই যাহাৰ কনিষ্ঠ॥ তান হৈতে ভৈল জাত সমস্ত দেশতে খ্যাত প্ৰসিদ্ধ কুসুম নাম যাৰ। গুণৱন্ত মহামানী দাতাৰ অগ্ৰতগণি শিৰোমণি সমস্ত ভূঞাৰ॥ তাহাৰ তনয় কবি কৃষ্ণৰ চৰণ সেবি শংকৰে ৰচিলা ইটো গীত। শুনিয়োক বুধ লোক মোৰ পদ যেন হোক কৃষ্ণকথা শুনি ৰঞ্জা চিত্ত॥

বৰদোৱাৰ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ পুত্ৰ হিচাপে ১৪৪৯ চনত শংকৰদেৱৰ জন্ম হয়। নিচেই সৰু কালতে তেওঁৰ পিতৃ-মাতৃৰ লোকান্তৰ ঘটে। বুঢ়ীমাক খেৰসুঁতীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হোৱা শংকৰদেৱ প্ৰায় দহ বছৰ বয়সলৈকে কোনো শিক্ষানুষ্ঠানত ভৰ্তি হোৱা নাছিল। দহ বছৰ বয়সত বুঢ়ী মাকে তেওঁক মহেন্দ্ৰ কন্দলিৰ টোলত নাম ভৰ্তি কৰাই দিয়ে। তেওঁ অতি কম বয়সৰ ভিতৰতেই নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি টোলৰ ওজা ছাত্ৰ হিচাপে নিৰ্বাচিত হয়। প্ৰচলিত বিশ্বাস মতে ইয়াত পঢ়ি থকা কালতেই ‘ভকতিৰ চাৰিখুটি মাৰি’ হৰিশ্চন্দ্ৰ উপাখ্যান পুথিখন ৰচনা কৰে। সোতৰৰ পৰা কুৰি বছৰ বয়সৰ ভিতৰত তেওঁ পঢ়াশলীয়া শিক্ষা সাং কৰি পাৰিবাৰিক দায়িত্ব কান্ধ পাতি লয়। ডেকাগিৰি হিচাপে পৰিচিত হৈ পৰা শংকৰদেৱে টোলৰ পৰা উভতি আহি ‘শিৰোমণি ভূঞা’ৰ বাব গ্ৰহণ কৰে আৰু একৈশ বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰায়। এটি কন্যা সন্তান জন্ম দিয়াৰ ন মাহ পাছতেই সূৰ্যৱতীয়ে ইহলীলা সম্বৰণ কৰে। এই ঘটনাই শংকৰদেৱক সংসাৰৰ প্ৰতি বিৰাগ জন্মায় আৰু ইহ সংসাৰৰ প্ৰতি নিস্পৃহ কৰি তোলে। কন্যা মনুক বিয়া দিয়েই কেইজনমান সংগী (সোতৰজন)ৰ সৈতে তেওঁ বত্ৰিশ বছৰ বয়সত (১৪৮১ খ্ৰীঃ) প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান ভ্ৰমণ কৰে। এই ভ্ৰমণ কালতে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সন্ত-মহন্তক, বিশেষকৈ ভক্তি আন্দোলনৰ পুৰোধা ব্যক্তি, প্ৰচাৰকাৰীসকলক লগ পাইছিল। তেওঁলোকৰ সৈতে ধৰ্ম-দৰ্শন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ নতুন ধৰণে, অসমৰ সামাজিক প্ৰেক্ষাপটত খাপ খোৱাকৈ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ অনুপ্ৰেৰণা লাভ কৰে। তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পাছত বিভিন্ন আত্মীয়-স্বজনৰ অনুৰোধ পেলাব নোৱাৰি শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে বিবাহ কৰাবলৈ সন্মত হয় আৰু কালিন্দী আইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তথাপিও তেওঁ গৃহস্থী ধৰ্মত বৰ মন নিদি ভক্তি ধৰ্ম প্ৰচাৰলৈহে মন মেলে। প্ৰথমতে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰে সংস্কাৰ সাধন কৰি বেলেগ ধৰণে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰে। বৰদোৱাত থকা কালতে তেওঁ সৰিয়হ তলি চিকুণাই তাতে নামঘৰ প্ৰতিষ্ঠা কৰি চিহ্নযাত্ৰা ভাওনা মঞ্চস্থ কৰে আৰু নব্য ধাৰণাৰে ধৰ্ম প্ৰচাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ পাছতেই তেওঁ ১৫১৬ চন মানত বৰদোৱা এৰি লুইতৰ উত্তৰ পাৰলৈ গৈ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গাংমৌত থাকে। ১৫২১চন মানত তেওঁ মাজুলীৰ ধুঁৱাহাট বেলগুৰিলৈ যায়। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতেই তেওঁৰ প্ৰধান শিষ্য ‘বৰাৰ পো’ মাধৱদেৱৰ সৈতে মিলন ঘটে। এই মিলনক পণ্ডিত সমাজে ‘গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি চিহ্নিত কৰে। এই সময়ছোৱাতে মাধৱদেৱৰ উপৰি ৰত্নাকৰ কন্দলি, ভাস্কৰ বিপ্ৰ, ব্যাস কলাই আদিয়েই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মধ্য অসমৰ আকাশ-বতাহ নাম-কীৰ্তনৰ ৰোলেৰে মুখৰিত কৰে। অৱশ্যে এটা কথা উল্লেখযোগ্য যে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পথ ইমান নিষ্কণ্টক নাছিল। বিভিন্ন সময়ত ভিন্‌ ভিন্‌ ব্যক্তি তথা আহোম ৰজাৰ ফালৰ পৰাও অসুবিধাৰ সন্মুখীন হৈছিল। আনকি হাতী ধৰিব নোৱাৰাৰ অজুহাতত আহোম ৰজাই এওঁৰ জোঁৱায়েক হৰিদেৱক শিৰশ্ছেদ কৰে আৰু মাধৱদেৱক বছৰেক কাল বন্দী কৰি থোৱাৰ দৰে থয়। এই ঘটনাই শংকৰদেৱৰ স্থান পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰিলে। তেওঁ কোঁচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰ পশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰ সাজি থাকিবলৈ লয়। ইয়াৰ পৰাই ১৫৪৬ চন মানত তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। এইবাৰ পিছে তেওঁ ছমাহতে তীৰ্থ যাত্ৰা সামৰে। ইয়াত থকা কালছোৱা শংকৰদেৱৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল। ধৰ্ম প্ৰচাৰৰ উপৰি বিভিন্ন সাহিত্য সৃষ্টিৰে এই কালছোৱা ভৰাই তুলিছিল শংকৰদেৱে। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতো তেওঁ নিষ্কণ্টকভাৱে ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল। অৱশ্যে চিলাৰায় দেৱানৰ বিশেষ যত্নত তেওঁ নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰে। ইয়াত থকা কালছোৱাতে শংকৰদেৱে পাটবাউসীৰ পৰা বেহাৰলৈ ভালেমান বাৰ অহা-যোৱা কৰিছিল। বেহাৰত থকা সময়ছোৱাতে তেওঁৰ গাত এটা ফোঁহোৰা ওলায় আৰু ইয়াৰ ফলতেই ১৫৬৮ চনত ‘বৰাৰ পো’ মাধৱদেৱৰ হাতত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ভাৰ সমৰ্পণ কৰি ভৱলীলা সম্বৰণ কৰে। অসমীয়া সংস্কৃতিৰ এনে এটা দিশ নাই য’ত শংকৰদেৱৰ হাতৰ পৰশ অনুভূত নহয়। অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি সময়ৰ বান্ধোনেৰে একগোট কৰি সেই সমাহিত ৰূপটিক গভীৰ আৰু স্থায়ী ৰূপ দিয়াৰ চেষ্টা কৰিছিল তেওঁ। একাধাৰে ধৰ্মপ্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদকাৰী, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকাৰ আদি বিবিধ গুণৰ সমাহাৰেৰে এইজনা মহান পুৰুষে অসমীয়া জাতিটোক এক নিজস্ব পৰিচয় দিয়ালে। এই ক্ষেত্ৰত বাণীকান্ত কাকতিৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান। ’’ শংকৰদেৱৰ বহুমুখী দান সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে ভিন্‌ ভিন্‌ ধৰণে শ্ৰেণী বিভাজন কৰিছে ৰচনাক্ৰমৰ আধাৰত, তত্ত্ব নিৰূপণৰ আধাৰত, বন্ধৰ আধাৰত, মৌলিকতা আধাৰত বা ভাষা প্ৰয়োগৰ আধাৰত। আমি এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাই তত্ত্ব নিৰূপণৰ আধাৰত কৰা শ্ৰেণী বিভাজনকেই গ্ৰহণ কৰি ইয়াত উল্লেখ কৰিলোঁ।

  • কাব্যঃ হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন কাব্য, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।
  • ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থঃ ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱ-সিদ্ধ-সংবাদ, অনাদিপতন।
  • অনুবাদমূলকঃ ভাগৱত ১ম, ২য়, ষষ্ঠ (অজামিল উপাখ্যান), ৮ম (বলিছলন, অমৃত মথন), আদ্য দশম, ১১শ, ১২শ স্কন্ধ ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ।
  • অংকীয়া নাটঃ পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।
  • গীতঃ বৰগীত, ভটিমা, টোটয় আৰু চপয়।
  • নাম প্ৰসঙ্গঃ কীৰ্তন আৰু গুণমালা।
  • কাব্যঃ মাৰ্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়ৰ আধাৰত ৰচনা কৰা ‘হৰিশ্চন্দ্ৰ উপখ্যান’ শংকৰদেৱৰ আদি ৰচনা। বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাই হ’ল এইখন কাব্যৰ মূল উপপাদ্য। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে গুৰুজনাই মূলৰ কাহিনীভাগৰ ভালেখিনি পৰিৱৰ্তন সাধন কৰি এই কাব্যখনত উপস্থাপন কৰিছে। ‘চাৰিখুটা মাৰি সেৱক’লৈ অৰ্থাৎ ভক্তিৰ ক্ষেত্ৰখনি চাৰিওফালে খুটিমাৰি কৃষ্ণ সেৱকৰ বাবে নিকপকপীয়া কৰিবলৈকে শংকৰদেৱে এই কাব্যখন ৰচনা কৰিছিল।
  • হৰিবংশৰ পৰা গ্ৰহণ কৰা কাহিনীভাগৰ লগত ভাগৱত পুৰাণৰ কথা মিহলাই শংকৰদেৱে তেওঁৰ দ্বিতীয়খন কাব্য ‘ৰুক্মিণী হৰণ কাব্য’ ৰচনা কৰে। স্থানীয় সাঁচত পেলাই কৰা চৰিত্ৰ চিত্ৰণ, পৰিৱেশ চিত্ৰণ আৰু স্থানীয় বচনভংগী এইখন কাব্যৰ প্ৰধান বৈশিষ্ট্য। মূলৰ পৰা কাহিনীভাগ চয়ন কৰিলেও কবিয়ে নিজৰ মৌলিকত্বৰ পৰশ বাৰুকৈয়ে ৰাখি গৈছে এইখনি কাব্যত। শৃংগাৰ আৰু বীৰৰসৰ প্ৰাধান্য থাকিলেও কাব্যখনিত হাস্যৰসৰ ছিটিকনিয়ে উপভোগ্য কৰি তুলিছে। ভাগৱতৰ ৫ম স্কন্ধৰ ২য় অধ্যায়, ৬ষ্ঠ স্কন্ধৰ ১-৩ অধ্যায়ৰ পৰা আহৰণ কৰা কাহিনী ভাগেৰে ‘অজামিল উপাখ্যান’খন শংকৰদেৱে ৰচনা কৰে। মূলৰ পৰা আঁতৰি নাহি পৰম অনাচাৰী, পৰম পাতকীজনেও নামৰ মহিমাৰ বলত ‘চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ’ বুলি মন্তব্য কৰি কৃষ্ণ-বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ কৰা এইখনি কাব্যত গভীৰ ভক্তিতত্ত্বক কাব্যিক সুষমাৰে আকৰ্ষণীয় ৰূপত তুলি ধৰাত সফল হৈছে শংকৰদেৱ।
  • ‘বলিচলন’ কাব্যখন ভাগৱত আৰু বামণ পুৰাণৰ পৰা সমল আহৰণ কৰি ৰচনা কৰা হৈছে। বামণে তিনিপদ ভূমি বিচাৰি কিদৰে অত্যাচাৰী বলিক ছলনা কৰিলে সেয়া বৰ্ণনা কৰি কবিয়ে কৃষ্ণপদৰ মাহাত্ম্য ঘোষণা কৰিছে। ভাগৱতৰ অষ্টম স্কন্ধৰ আধাৰতে ‘অমৃত মথন’ নামৰ কাব্যখন কবিজনাই ৰচনা কৰে। ভাগৱতৰ ১৫ম-১৩শ অধ্যায়ত বৰ্ণিত কাহিনীভাগৰ লগত নিজস্ব কিছু সংযোগ কৰি দেৱতা অসুৰৰ মাজৰ যুদ্ধৰ কথা বৰ্ণনা কৰি অমৃত হস্তগত কৰিবলৈ বিষুৱে কেনেদৰে মোহিনী ৰূপ ধাৰণ কৰিছিল সেই কথা বৰ্ণনা কৰিছে এইখন কাব্যত। ঠিক সেইদৰে ভাগৱতৰ দশম স্কন্ধৰ ৮২-৮৫ম অধ্যায়ৰ বৰ্ণিত কৃষ্ণ তথা যাদৱ বংশৰ কুৰুক্ষেত্ৰলৈ যাত্ৰা, নন্দ যশোদা আৰু গোপসকলৰ লগত পুনৰ মিলন, কৃষ্ণৰ প্ৰধান মহিষীসকলৰ নিজ নিজ বিবাহৰ বিৱৰণ, বাসুদেৱৰ যজ্ঞ অনুষ্ঠান, নন্দ যশোদাৰ কৰুণ বিদায় আদি ঘটনাকে আধাৰ হিচাপে লৈ ‘কুৰুক্ষেত্ৰ’ কাব্যখন ৰচনা কৰা হৈছে। এই তিনিওখন কাব্যৰ বৰ্ণনাত ভক্তিবাদৰ মনোৰম সংযোগ ঘটিছে বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে।
  • ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থঃ কৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ জৰিয়তে ভক্তিৰ তত্ত্বসমূহ প্ৰকাশ কৰিবলৈকে মহাপুৰুষজনাই ‘ভক্তি প্ৰদীপ’ ৰচনা কৰিছিল। ঠিক সেইদৰে সৃষ্টিতত্ত্ব, পিণ্ড ব্ৰহ্মাণ্ড-তত্ত্ব, ষট চক্ৰৰ কথা, ছৌবিছ তত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিৱৰণেৰে ৰচনা কৰা ‘অনাদি পতন’ গ্ৰন্থখনৰ আধাৰ গ্ৰন্থ হ’ল ভাগৱতৰ তৃতীয় স্কন্ধ আৰু বামণ পুৰাণ। ন-গৰাকী সিদ্ধৰ লগত নিমি ৰজাৰ কথোপকথনৰ যোগেদি আধ্যাত্মিক আৰু ভক্তিতত্ত্বৰ কথা আলোচনা কৰা হৈছে ‘নিমি-নৱ-সিদ্ধ সংবাদ’ত। ‘ভক্তি ৰত্নাকৰ’ সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এইখন এখন প্ৰকৰণমূলক গ্ৰন্থ আৰু ইয়াত বিভিন্ন শ্লোক সংস্কৃত শাস্ত্ৰৰ পৰা চয়ন কৰি সংকলিত কৰা হৈছে। পৰৱৰ্তী কালত ৰামচৰণ ঠাকুৰে এই কাব্যখন অসমীয়ালৈ অনুবাদ কৰে। বৈষ্ণৱ ধৰ্মৰ তাত্ত্বিক দিশসমূহ সহজবোধ্য কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টা এই কাব্যকেইখনত অনুভূত হয়।
  • অনুবাদমূলকঃ শংকৰদেৱৰ প্ৰায়খিনি ৰচনাই মূলতঃ অনুবাদমূলক যদিও কেইখনমান অনুবাদ কৰোঁতে তেওঁ সততে মূলৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছিল আৰু কল্পনা সংযত কৰিছিল। সেই ৰচনাৰাজিকে অনুবাদমূলক সাহিত্যৰ অন্তৰ্ভুক্ত বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে। উল্লেখযোগ্য যে পুৰাণ সূৰ্য ভাগৱত হ’ল বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথি স্বৰূপ। এইখন পুৰাণৰ ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১১শ, ১২শ স্কন্ধ শংকৰদেৱে অসমীয়া লোকসমাজৰ সহজবোধ্যভাৱে অনুবাদ কৰিছিল। ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম ৪৯টা অধ্যায় (৯০টা ভিতৰত) শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল। এইখিনিক আদি দশম বুলি কোৱা হয়। কৃষ্ণৰ ল’ৰালি কালৰ বিভিন্ন কাহিনী আৰু ঘটনা এই অংশটোত বৰ্ণিত হৈছে। মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰাকাণ্ড দুয়োটা নোহোৱা হোৱাত গুৰুজনাই নিজে উত্তৰা কাণ্ড ৰচনা কৰে আৰু প্ৰধান শিষ্য মাধৱদেৱক আদি কাণ্ড ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে।
  • অংকীয়া নাটঃ শংকৰদেৱৰ প্ৰধান সৃষ্টিকাৰ্যসমূহৰ ভিতৰত এক নব্য নাট্য শৈলী সৃষ্টিয়েই হ’ল আটাইতকৈ উল্লেখযোগ্য। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সৰিয়হ তলি চিকুণাই নামঘৰ পাতি তাতে চিহ্নযাত্ৰা অভিনয় কৰি শংকৰদেৱে এই পৰম্পৰাৰ পাতনি মেলে। ‘চিহ্নযাত্ৰা’ নাটখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। এটা কথা ঠিক যে পূৰ্বতে অসমত বিভিন্ন লোকনাট্য পৰম্পৰা চলি আছিল যদিও সেইবোৰৰ সংস্কাৰ সাধন কৰি সৃষ্টি কৰা কোনো ধৰণৰ নাট্য পৰম্পৰাৰ প্ৰচলন নাছিল। শংকৰদেৱ হ’ল ইয়াৰ প্ৰথম সংস্কাৰক, সেয়ে তেৰাক অসমীয়া নাটকৰ জনক বোলা হয়। ব্ৰজাৱলী ভাষাত ৰচনা কৰা তেওঁৰ নাটকসমূহ হ’ল ক্ৰমে পত্নী প্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।
  • গীতঃ শংকৰদেৱে ৰচনা কৰা গীতসমূহক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। যথা বৰগীত, ভটিমা, টোটয় আৰু চপয়। ‘বৰগীত’ মহাপুৰুষজনাৰ অন্যতম অভিনৱ সৃষ্টি। এই নামকৰণটি মহাপুৰুষজনাই কৰা নাই যদিও পৰৱৰ্তীকালত বৈষ্ণৱ ভক্তসকলে আন গীতৰ পৰা পৃথক কৰিবলৈ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণী গীতক বৰগীত বুলি আখ্যায়িত কৰে। ‘মন মেৰি ৰাম চৰণেহি লাগু’ শিৰোনামৰে বদৰিকাশ্ৰমত ৰচনা কৰা (প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কালত) গীতটোৱেই হ’ল প্ৰথম বৰগীত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল যদিও কমলা বায়ন নামৰ ভকত এজনে আওৰাবলৈ নিওঁতে সেয়া বনপোৰা জুয়ে পুৰিলে। তাৰে ৩৪টাহে ভকতৰ মুখত ৰ’ল। সেই দুখতে শংকৰদেৱে আৰু বৰগীত ৰচনা নকৰি মাধৱদেৱক ৰচনা কৰিবলৈ আজ্ঞা কৰে। বৰগীতৰ ভাষা ব্ৰজাৱলী। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহেই ভটিমা। মহাপুৰুষজনাই ‘নাট-ভটিমা’, ‘দেৱ ভটিমা’ আৰু ‘ৰাজ ভটিমা’ বুলি তিনিশ্ৰেণীৰ ভটিমা সৃষ্টি কৰিছিল। দেৱতাক স্তুতি কৰা গীতসমূহ দেৱ ভটিমা, ৰজাৰ স্তুতি কৰা ভটিমাসমূহ ৰাজ ভটিমা আৰু নাটবোৰ কাহিনীৰ স্বাৰ্থত কাৰোবাৰ স্তুতি বা প্ৰশস্তিত গোৱা গীতসমূহ নাট ভটিমা। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত মাধৱদেৱে শংকৰদেৱক স্তুতি কৰাৰ নিমিত্তে ‘গুৰু ভটিমা’ সংযোগ কৰি চতুৰ্থটো ভটিমাৰ সৃষ্টি কৰে। ‘টোটয়’ পদটো সংস্কৃত ‘টোটক’ পদৰ পৰা আহিছে। ই এবিধ সংস্কৃত ছন্দ বিশেষ। নৰনাৰায়ণৰ ৰাজসভাত থাকোঁতে বিষ্ণুৰ মহিমা প্ৰকাশক এক শ্ৰেণীৰ শ্লোক লিখিছিল শংকৰদেৱে আৰু সেয়াই টোটক। উদাহৰণস্বৰূপে ‘মধু-দানৱ-দাৰণ দেৱ বৰম্‌’ শ্লোকটিৰ কথা ক’ব পাৰি। আনহাতে ‘চপয়’ ছন্দত ৰচিত স্তৱ বা গুণানুকীৰ্তনমূলক গীতবোৰেই চপয়।
  • নাম প্ৰসংগমূলক গ্ৰন্থঃ একশৰণ নামধৰ্মৰ চাৰি পুথিৰ অন্যতম ‘কীৰ্তন’খন হ’ল শংকৰদেৱৰ এখন উল্লেখযোগ্য পুথি। কীৰ্তনত মুঠতে ২৭টা স্বয়ংসম্পূৰ্ণ কাহিনী সন্নিৱিষ্ট হৈ আছে। শংকৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱৰ আজ্ঞা মতে ভাগিন ৰামচৰণে বিভিন্ন খণ্ড সংগ্ৰহ কৰি একগোট কৰি সংকলিত কৰে। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্তনৰ গুৰুত্ব সৰ্বাধিক বুলি শংকৰদেৱে বিবেচনা কৰে। সেয়ে এই দুয়োটা দিশৰ অভাৱ পূৰণ কৰিবৰ বাবেই তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত এই খণ্ডসমূহ লিপিবদ্ধ কৰিছিল। ভগৱন্তৰ নাম বা লীলামালাক আবৃত্তি কৰাকে কীৰ্তন আৰু শুনাকে শ্ৰৱণ কৰা বুলি কোৱা হয়। ইয়াত ভজনীয় ঈশ্বৰৰ স্বৰূপ নিৰ্ণিত হৈছে।
  • এই গ্ৰন্থখনৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এষাৰ মন্তব্য কৰিছিল— ‘‘ভাষাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাবৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শংকৰদেৱৰ কীৰ্ত্তন ৰচিত। ’’ ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি গ্ৰন্থখনৰ সুদূৰ প্ৰসাৰী ভূমিকাৰ কথা, কালজয়ী ভাবটিৰ কথা। উল্লেখযোগ্য যে বৰ্তমান প্ৰচলিত কীৰ্তন পুথিখনত মাধৱদেৱৰ ভণিতাযুক্ত ‘ধ্যানবৰ্ণন’, ৰত্নাকৰ কন্দলিৰ ‘সহস্ৰ নাম বৃত্তান্ত’ আৰু শ্ৰীধৰ কন্দলিৰ ‘ঘুনুচা কীৰ্তনো’ সন্নিৱিষ্ট হৈ আছে।
  • মাত্ৰ ৩৭৭টা পদৰ সমষ্টি, ছয় আখৰীয়া কুসুমমালা ছন্দেৰে ৰচিত গুণমালা এখন উল্লেখযোগ্য গ্ৰন্থ। ব্যক্তিগতভাৱে বা অকলশৰীয়াকৈ ঈশ্বৰৰ লীলা স্মৰণ কৰাৰ বাবে এইখন পুথি ৰচিত। নৰনাৰায়ণৰ ৰাজসভাত তেওঁ পণ্ডিতসকলক হাতী মাৰি ভুৰুকাত ভৰাবলৈ কোৱাত শংকৰদেৱে সমস্ত ভাগৱত পুৰণাখনৰ কথাবস্তু এই কেইটামান পদত প্ৰতীকাত্মকভাৱে ভুৰুকাত ভৰাই তুলি দিছিল। গুণমালাখনত ৬টা খণ্ডত বিষয়বস্তু বিভাজন কৰি থোৱা হৈছে।


লগতে চাওক

সম্পাদনা কৰক

অসমৰ পৰিস্থিতিত নৱবৈষ্ণৱ ধৰ্মৰ গুৰুত্ব

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক