নৱ কুমাৰ সন্দিকৈ (ইংৰাজী: Dr Nava Kumar Handique) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক। তেখেত সংস্কৃত সাহিত্য,ভক্তি সাহিত্য, কালিদাসৰ সাহিত্য, প্ৰাশ্চ্য আৰু পাশ্চাত্যৰ সাহিত্য, সাহিত্য তত্ত্ব আৰু সমালোচনা ইত্যাদি বিষয়ৰ অধ্যয়নৰ সৈতে জড়িত। তদুপৰি তেখেতে অনুবাদৰ যোগেদিও অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তুলিছে। কলহনৰ ৰাজতৰংগিনীৰ অসমীয়া অনুবাদৰ বাবে তেখেতে ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰে।[1]

শিক্ষা সম্পাদনা কৰক

নৱ কুমাৰ সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা এম.ফিল(M. Phil.) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা পিএইচ.ডি.(Ph.D) ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

সুদীৰ্ঘ সময় ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰাৰ পিছত ২০২১ চনত তেখেতে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্যৰাজি সম্পাদনা কৰক

  • Dasarupaka of Dhananjaya- The Primary market value innovations of newly Public firms
  • প্ৰিয়াংশু প্ৰবাল উপাধ্যায় (মানুহজন আৰু তেওঁৰ ব্যক্তিত্ব)
  • ৰূপ-তীৰ্থ (সুমনশ্ৰী তীৰ্থ সন্দিকৈৰ ৰচনা সম্ভাৰ, খণ্ড-১)
  • ৰাজতৰংগিনী (কলহনৰ ৰাজতৰংগিনীৰ অসমীয়া অনুবাদ)[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. <"AKADEMI TRANSLATION PRIZES(1989-2022)". Sahitya Akademi. 
  2. 2.0 2.1 <"Faculty Profile Nava Kumar Handique". dibru.ac.in.