পঞ্জাবী ভাষা

ভাৰত আৰু পাকিস্তানত কোৱা ভাষা

পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی ) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতপঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পাঞ্জাৱী বা লাণ্ডা পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, যুক্তৰাজ্য, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কানাডাত পাঞ্জাৱী ভাষাৰ প্ৰচলন আছে। কানাডাত আঢ়ৈ লাখৰো অধিক মানুহে পাঞ্জাৱী ভাষাত কথা কয়; সেয়ে ই কানাডাৰ ৬ষ্ঠ বৃহত্তম ভাষা।

পূৰ্ৱ পাঞ্জাৱী ভাষা ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। ভাৰতৰ পাঞ্জাৱ ৰাজ্যত যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায় আৰু গণমাধ্যমত এই ভাষা ব্যবহৃত হয়।

পাকিস্তানত পশ্চিম পাঞ্জাৱী ভাষাৰ কোনো চৰকাৰি স্বীকৃতি নাই। তাৰ পাঞ্জাৱী ভাষীসকলে মূলত ইংৰাজী আৰু উৰ্দু ভাষাৰ মাধ্যমত প্ৰশাসন, শিক্ষা, গণমাধ্যম আদিৰ কামবিলাক সম্পাদন কৰে।

পাঞ্জাৱী ভাষা শিখ ধৰ্মাবলম্বীসকলৰ ধৰ্মীয় ভাষা।

তথ্যসূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক