পত্ৰলেখা মিশ্ৰ পাল (ইংৰাজী: Patralekha Mishra Paul) (জন্ম ২০ ফেব্ৰুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।[5][6][7] তেওঁ হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে।[8][9][10] এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰে। পত্ৰলেখাৰ দ্বিতীয় ছৱি, লাভ গেমছ, বিক্ৰম ভাটৰ দ্বাৰা পৰিচালিত আৰু মুকেশ ভাট আৰু মহেশ ভাটৰ দ্বাৰা প্ৰযোজিত এখন ৰহস্য চলচ্চিত্ৰ (urban-thriller)।[2] এই চলচ্চিত্ৰখন ব্যৱসায়িক ভাৱে সফল নহ’ল যদিও পত্ৰলেখাৰ অভিনয়ে ইয়াতো প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

পত্ৰলেখা মিশ্ৰ পাল

লেকমি ফেশ্বন সপ্তাহ ২০১৮ ত পত্ৰলেখা
জন্ম ২০ ফেব্ৰুৱাৰী, ১৯৯০ (৩৪ বছৰ)[1][2]
শ্বিলং, মেঘালয়, ভাৰত[3]
বাসগৃহ মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম অনশ্বিতা পাল[4]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৪—বৰ্তমান
উচ্চতা ১.৫৭ মিটাৰ
অংশীদাৰ ৰাজকুমাৰ ৰাও

শৈশৱ সম্পাদনা কৰক

পত্ৰলেখাৰ জন্ম হৈছিল মেঘালয়ৰ শ্বিলঙত। তেওঁৰ আইতাক এগৰাকী কবি আছিল। তেওঁৰ দেউতাক এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু মাক গৃহিণী।[11] পত্ৰলেখাৰ সহোদৰ দুগৰাকী হ’ল পৰ্নলেখা মিশ্ৰ পাল আৰু অগনিশ পাল। তেওঁ অসমত অৱস্থিত আৱাসিক বিদ্যালয় ’আছাম ভেলী স্কুল’ত শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পিছত পত্ৰলেখাই বেংগালুৰুৰ বিছপ কটন বালিকা বিদ্যালয় (Bishop Cotton Girls' School) ত স্কুলীয়া শিক্ষা সাং কৰে। তেওঁ এইচ আৰু কলেজ অব কমাৰ্চ আৰু ইক’ন’মিকছৰপৰা স্নাতক ডিগ্ৰী লয়। এই সময়ছোৱাত পত্ৰলেখাই ব্লেকবেৰী, টাটা ড’ক’ম আদিৰ বাবে কেইবাটাও বিজ্ঞাপনত অভিনয় কৰে।[1]

কেৰিয়াৰ সম্পাদনা কৰক

পত্ৰলেখা পালে হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে। এই চলচ্চিত্ৰখনত ৰাজস্থানৰ পৰা জীৱিকাৰ সন্ধানত মুম্বাইলৈ পৰিব্ৰজন কৰা এহাল দুখীয়া মানুহৰ জীৱন সংগ্ৰাম বৰ্ণিত হৈছে।[4] সীমিত বাজেটেৰে কৰা এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা লাভ কৰিবলৈ সক্ষম হয়।[12] তদুপৰি চিটি লাইটছে চিত্ৰনাট্য, পৰিচালনা আৰু অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসাও লাভ কৰে।

পত্ৰলেখাৰ দ্বিতীয় ছৱি, ’লাভ গেমছ’, বিক্ৰম ভাটৰ দ্বাৰা পৰিচালিত আৰু মুকেশ ভাট আৰু মহেশ ভাটৰ দ্বাৰা প্ৰযোজিত এখন ৰহস্য চলচ্চিত্ৰ (urban-thriller)।[2] এই ছৱিখনৰ মুখ্য অভিনেতাসকল হৈছে পত্ৰলেখা, গৌৰৱ আৰোৰা আৰু তাৰা আলিশা বেৰী (Tara Alisha Berry)। ’লাভ গেমছ’ চলচ্চিত্ৰখন ২০১৬ চনৰ আঠ এপ্ৰিলত মুক্তি দিয়া হয়। চলচ্চিত্ৰখনে মূলত সমমালোচকৰ ঋণাত্মক মন্তব্য লাভ কৰে যদিও পত্ৰলেখাৰ অভিনয়ে ইয়াতো প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

২০১৮ চনত পত্ৰলেখা পলে ’নানু কি জানু’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে। ফাৰাজ হায়দাৰ (Faraz Haider) ৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন ভৌতিক-কমেডী। ইয়াত পত্ৰলেখাই অভয় দেউলৰ বিপৰীতে অভিনয় কৰিছে। ’নানু কি জানু’-এ ২০১৮ চনৰ ২০ এপ্ৰিলত মুক্তি লাভ কৰে।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

পত্ৰলেখা বৰ্তমান অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে সম্পৰ্কত আবদ্ধ হৈ আছে।[13]

অভিনীত চলচ্চিত্ৰ সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ টোকা
২০১৪ চিটিলাইটছ ৰাখী সিং সৰ্বোৎকৃষ্ট নৱাগতাৰ বাবে ষ্টাৰ এৱাৰ্ড
২০১৬ লাভ গেমছ ৰ’মনা ৰায়চাণ্ড
২০১৮ নানু কি জানু সিদ্ধি
২০১৯ Where is My Kannadaka TBA

দূৰদৰ্শন সম্পাদনা কৰক

বৰ্ষ নাম চৰিত্ৰ নেটৱৰ্ক টোকা
২০১৭ বোস:ডেড/এলাইভ নন্দিনী বালাজী

বঁটা সম্পাদনা কৰক

বৰ্ষ বঁটা বিভাগ অৱদান ফলাফল
২০১৫ ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড আটাইতকৈ সম্ভাৱনাপূৰ্ণ মহিলা অভিনেত্ৰীৰ বাবে ষ্টাৰ স্ক্ৰীণ বঁটা style="background: #99FF99; color: black; vertical-align: middle; text-align: center; " class="yes table-yes2"|বিজয়ী

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 Vaibhavi V Risbood (20 February 2016). "Reports about my break-up with Rajkummar astonished me: Patralekha". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Reports-about-my-break-up-with-Rajkummar-astonished-me-Patralekha/articleshow/51065777.cms। আহৰণ কৰা হৈছে: 12 April 2016. 
  2. 2.0 2.1 2.2 Press Trust of India (28 March 2016). "Did not get many offers after 'CityLights': Patralekha" (English ভাষাত). IBNLive. http://www.ibnlive.com/news/movies/did-not-get-many-offers-after-citylights-patralekha-1221954.html। আহৰণ কৰা হৈছে: 12 April 2016. 
  3. "Patralekha wants to act with everyone  — from Meryl Streep to Ranbir Kapoor". Hindustan Times. 29 May 2014. http://www.hindustantimes.com/bollywood/patralekha-wants-to-act-with-everyone-from-meryl-streep-to-ranbir-kapoor/story-WyLPU92SNoYTZ2VyK9dJAM.html। আহৰণ কৰা হৈছে: 12 April 2016. 
  4. 4.0 4.1 Jaskiran Kapoor (16 May 2014). "Girl And the City". The Indian Express. http://indianexpress.com/article/entertainment/play/girl-and-the-city/। আহৰণ কৰা হৈছে: 12 April 2016. 
  5. "Why Rajkummar and Patralekha are tight-lipped about their relationship". The Times of India. 6 May 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Why-Rajkummar-and-Patralekha-are-tight-lipped-about-their-relationship/articleshow/34691015.cms। আহৰণ কৰা হৈছে: 12 April 2016. 
  6. IANS (29 May 2014). "Newcomer Patralekha eyeing Hollywood". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Newcomer-Patralekha-eyeing-Hollywood/articleshow/35714393.cms?। আহৰণ কৰা হৈছে: 12 April 2016. 
  7. Anand Vaishnav (28 May 2014). "CityLights Actress Patralekha Is Happy With Her Unconventional Debut". Indiatimes.com. http://www.indiatimes.com/entertainment/bollywood/citylights-actress-patralekha-is-happy-with-her-unconventional-debut-151250.html। আহৰণ কৰা হৈছে: 12 April 2016. 
  8. IANS (29 May 2014). "Newcomer Patralekha eyeing Hollywood". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Newcomer-Patralekha-eyeing-Hollywood/articleshow/35714393.cms। আহৰণ কৰা হৈছে: 12 April 2016. 
  9. Indo-Asian News Service (29 May 2014). "Patralekha Wants to go to Hollywood, Star With Streep, Roberts and Winslet". NDTV Movies.com. Archived from the original on 19 October 2015. https://web.archive.org/web/20151019181926/http://movies.ndtv.com/bollywood/patralekha-wants-to-go-to-hollywood-star-with-streep-roberts-and-winslet-532659। আহৰণ কৰা হৈছে: 12 April 2016. 
  10. Aanchal Tuli (11 May 2014). "Patralekha talks about memories of Delhi". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Patralekha-talks-about-memories-of-Delhi/articleshow/34931124.cms। আহৰণ কৰা হৈছে: 12 April 2016. 
  11. IANS (28 May 2014). "Vidya Balan my inspiration: Patralekha". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Vidya-Balan-my-inspiration-Patralekha/articleshow/35662266.cms। আহৰণ কৰা হৈছে: 12 April 2016. 
  12. IANS (12 June 2014). "Patralekha dedicates ‘Citylights’ success to Mahesh Bhatt, Hansal Mehta". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/patralekha-dedicates-citylights-success-to-mahesh-bhatt-hansal-mehta/। আহৰণ কৰা হৈছে: 12 April 2016. 
  13. "Bollywood celebs on a vacation". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/bollywood-celebs-on-a-vacation/photos-rajkummar-rao-and-girlfriend-patralekhaa-set-out-on-a-romantic-weekend-getaway-in-goa/photostory/66374460.cms. 

বাহ্যিক সংযোগ সম্পাদনা কৰক