পদ্মা-পুৰাণ
পদ্মা-পুৰাণ মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য আৰু গৌৰৱ প্ৰকাশক এখন প্ৰাচীন গ্ৰন্থ। গ্ৰন্থখনৰ লেখক সুকবি নাৰায়ণদেৱ। এই গ্ৰন্থখন এখন গীতি সাহিত্য। ই পঞ্চালী-গীতৰ শৈলীত ৰচিত।[1][2]
পদ্মা-পুৰাণ | |
---|---|
লেখক | নাৰায়ণদেৱ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গীতি সাহিত্য |
মিডিয়া প্ৰকাৰ | অৰ্ধমুদ্ৰণ |
বিষয়বস্তু
সম্পাদনা কৰক- পূজাৰ সৈতে জড়িত প্ৰাৰ্থনামূলক বা বৰ্ণনামূলক গীত-পদ;[1]
- চন্দ্ৰধৰৰ কাহিনী;
- বেউলা-লখিন্দৰৰ কাহিনী;
- দেওৰপদ বা দেওধনী নচোওৱা গীত আৰু
- সামৰণি গীত।
ব্যৱহৃত ৰাগ-ৰাগিনী
সম্পাদনা কৰকগ্ৰন্থখনৰ গীত সমূহ কৰুণ ৰসৰ। বিভিন্ন ৰাগ-ৰাগিনী সমূহ হৈছে- শ্ৰী, ঝুলনা, মল্লাৰ, ভৈৰৱী, মালগৰা, পটমঞ্জৰী, ধনশ্ৰী, ভাটিয়ালি, নাট, শ্ৰীবসন্ত, কৈবলু, তুড়বসন্ত, কৰুণা ভাটিয়ালি, কামন্দৰ, কেদাৰ, পাহাৰী, কৰুণা, কমোদ, অহিৰ, বৰাৰি, ৰামগিৰি, পাসজ, চই(চয়)। এই সমূহৰ প্ৰায়বিলাকেই সুকনানি বা সুকনান্নি আৰু ব্যাস ওজাপালিৰ পৰম্পৰাগতভাৱে চলি আহিছে। পাঞ্চালী সংগীতৰ নিয়ম অনুসৰি গীত সমূহ দিহা বিশিষ্ট। দিহাবোৰৰ বিষয়বস্তু বৈষ্ণৱ আৰু নৱবৈষ্ণৱ আদৰ্শৰ।[1]
চৰিত্ৰসমূহ
সম্পাদনা কৰকসুকবি নাৰায়ণদেৱ
সম্পাদনা কৰকসুকবি নাৰায়ণদেৱৰ জন্মস্থান আৰু সময়ক লৈ বিভিন্ন জনে বিভিন্ন মত দিছে। কোনো কোনো পণ্ডিতৰ মতে নাৰায়ণদেৱৰ জন্ম হৈছিল মগধত অৰ্থাৎ বিহাৰত। শ্ৰীহট্ট (সিলেট) জিলাত নাৰায়ণদেৱৰ জন্ম হৈছিল বুলিও জনশ্ৰুতি প্ৰচলিত থকা দেখা যায়। শ্ৰীহট্ট জিলা ভাৰত বিভাজনৰ পূৰ্বলৈকে অসমৰ চাৰিসীমাৰ ভিতৰতে আছিল। দীনেশ্বৰ শৰ্মাৰ মতে নাৰায়ণদেৱ আছিল ধৰ্ম নাৰায়ণৰ সভাকবি। বঙলা পণ্ডিত সুকুমাৰ সেনৰ মতে নাৰায়ণদেৱ যোড়শ শতিকাৰ লোক। কোনো কোনো বঙালী পণ্ডিতৰ মতে খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত নাৰায়ণদেৱৰ উদ্ভৱ হৈছিল। কোনো কোনো অসমীয়া কবিৰ মতে নাৰায়ণদেৱ খৃষ্টাব্দ দ্বাদশ শতিকাৰ লোক। অৱশ্যে নাৰায়ণদেৱৰ উদ্ভৱ মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পাছত। গতিকে নাৰায়ণদেৱৰ উদ্ভৱ খৃষ্টাব্দ যোড়শ শতিকাৰ শেষভাগ বা খৃষ্টাব্দ সপ্তদশ শতিকাৰ আগভাগত হোৱা বুলি কোৱা হয়। নাৰায়ণদেৱৰ গীত সমূহে বিহাৰত বিহাৰী ৰূপ, বংগদেশত বঙালী আৰু অসমত অসমীয়া ৰূপ লাভ কৰিছে। নাৰায়ণদেৱৰ বৰ্তমানলৈ উদ্ধাৰ হোৱা গ্ৰন্থ কেৱল পদ্মা-পুৰাণ। গ্ৰন্থখন সম্পূৰ্ণ ৰূপত ছপা হোৱা নাই।