পদ (ব্যাকৰণ)

ব্যাকৰণৰ এটা বিষয়

ব্যাকৰণ শাস্ত্ৰত, পদ (ইংৰাজী: Parts of speech বা word class[1] বা grammatical category[2]) হৈছে ভাষাৰ ৰূপতাত্ত্বিক শ্ৰেণীবিভাজন, য’ত বাক্যৰ গঠন আৰু সেই ভাষাৰ শব্দৰ চিনাক্তকৰণ, বিশ্লেষণ আৰু অন্যান্য ভাষিক গঠনৰ বৰ্ণনা কৰা হয়। অসমীয়া ব্যাকৰণত পদ প্ৰধানত পাঁচ প্ৰকাৰৰ— বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া

প্ৰায় সকলো ভাষাতে বিশেষ্য আৰু ক্ৰিয়া পদ ব্যৱহাৰ হয় যদিও বিভিন্ন ভাষাত এই দুটা পদৰ মাজত তাৰতম্য দেখা যায়।[3] যেনে— জাপানী ভাষাত তিনিটা পৃথক বিশেষণ পদৰ বিপৰীতে ইংৰাজী আৰু অসমীয়া ভাষাত কেৱল এটাহে বিশেষণ পদ আছে।

অৰ্থ সম্পাদনা কৰক

বহল ব্যাকৰণ সম্পাদনা কৰক

  1. অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক পদ বোলা হয়৷
  2. প্ৰকৃতিত বিভক্তি যোগ হ’লে তাক পদ বোলা হয়৷

অসমীয়া ব্যাকৰণ প্ৰৱেশ সম্পাদনা কৰক

  1. বাক্যৰ ভিতৰত থকা সৰু সৰু গাইগুটীয়া খণ্ডবোৰক পদ বোলে৷
  2. বিভক্তি যোগ হোৱাৰ আগৰ ৰূপটোক শব্দ বোলে৷ শব্দৰ লগত বিভক্তি যোগ হ’লে তাক পদ বোলে৷
পদ অৰ্থ উদাহৰণ
বিশেষ্য (Noun) কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷ Bird, Boy, Apple
সৰ্বনাম (Pronoun) বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে৷ I, We, You
বিশেষণ (Adjective) যিবোৰ শব্দই বিশেষ্য আৰু সৰ্বনাম পদৰ দোষ-গুণ বুজায় তাক বিশেষণ পদ বোলে৷ Blind, Bad, Fat
ক্ৰিয়া (Verb) যিবোৰ শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়া পদ বোলে৷ Play, Go, Eat
ক্ৰিয়া বিশেষণ (Adverb) যিবোৰ শব্দ বিশেষ্য আৰু সৰ্বনাম পদৰ বাহিৰে বাকীবোৰ পদৰ দোষ-গুণ বুজাবলৈ ব্যৱহাৰ কৰা হয় তাক ক্ৰিয়া বিশেষণ বোলে৷ Now, Always, Before
অব্যয় (Preposition) যি পদৰ কোনো অৱস্থাতে পৰিৱৰ্তন নহয় তাক অব্যয় বোলে৷ On, In, With
সংযোগ অব্যয় (Conjunction) যিবোৰ শব্দই বাক্য বা শব্দক লগ কৰে তাক সংযোগ অব্যয় বোলে৷ And, Both, Also
ভাববোধক অব্যয় (Interjection) যিবোৰ শব্দই মনৰ হৰ্ষ, বিষাদ, দুখ, প্ৰবল চিন্তা আদি প্ৰকাশ কৰে তাক ভাববোধক অব্যয় বোলে৷ Alas!, Ah!, Bravo!

শ্ৰেণীবিভাজন সম্পাদনা কৰক

ৰূপতত্ত্বৰ ভিত্তিত অসমীয়া ভাষাৰ পদৰ শ্ৰেণীবিভাজন

পদ
সব্যয়
অব্যয়
ক্ৰিয়াপদ
নামপদ
বিশেষণীয়
অন্যান্য
সকৰ্মক
অকৰ্মক
উপপদ
অনুপদ
আনুষঙ্গিক
কেৱলীয়া
সৰ্বনাম
বিশেষ্য
ব্যক্তিবাচক
সাকল্যবাচক
তদৰ্থক
সাধৰণ
সংজ্ঞাবাচক
বিশেষ
সংজ্ঞাবাচক

সম্বন্ধবাচক

অধিক তথ্যৰ বাবে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Rijkhoff, Jan (2007). "Word Classes". Language and Linguistics Compass (Wiley) খণ্ড 1 (6): 709–726. doi:10.1111/j.1749-818x.2007.00030.x. ISSN 1749-818X. 
  2. Payne, Thomas E. (1997). Describing morphosyntax: a guide for field linguists. প্ৰকাশক Cambridge. ISBN 9780511805066. 
  3. Kroeger, Paul (2005). Analyzing Grammar: An Introduction. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 35. ISBN 978-0-521-01653-7.