পল্লৱী ডেকা বুজৰবৰুৱা

অসমীয়া লেখক, অনুবাদক, সম্পাদক

পল্লৱী ডেকা বুজৰবৰুৱা (ইংৰাজী: Pallavi Deka Buzarboruah) হৈছে এগৰাকী অসমীয়া লেখিকা, অনুবাদক, সম্পাদক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত৷ অসমত ‘তুলনামূলক ভাৰতীয় সাহিত্য’বিষয়টোক কেন্দ্ৰ কৰি তেখেতে ইতিমধ্যে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷[1] তেখেতৰ ‘গৱেষণাৰ পদ্ধতিবিজ্ঞান’ শীৰ্ষক গ্ৰন্থখন অসমীয়া ভাষাত এম.ফিল. আৰু ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷ তেখেতে এতিয়ালৈকে ৫খনকৈ প্ৰবন্ধ সংকলন প্ৰকাশ কৰাৰ লগতে দুখন উপন্যাস, এখন চুটিগল্প সংকলন আৰু ১খন অনুবাদ গ্ৰন্থ, ৫খন সম্পাদনামূলক গ্ৰন্থ আদি প্ৰকাশ কৰিছে৷ তেখেতৰ তত্ত্বাৱধানত এতিয়ালৈকে ৩০ জনতকৈয়ো অধিক শিক্ষাৰ্থীয়ে অসমীয়া বিভাগৰপৰা এম.ফিল ডিগ্ৰী আৰু ১২ জন শিক্ষাৰ্থীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে৷ [2]

জন্ম ১-১-১৯৬৯
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ৷
বিষয় তুলনামূলক ভাৰতীয় সাহিত্য

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১ জানুৱাৰী, ১৯৬৯ চনত৷ পিতৃৰ নাম তিলক বৰা আৰু মাতৃৰ ঊষা বুজৰবৰুৱা ৷ জন্মস্থান- লক্ষিমপুৰ, অসম৷

শিক্ষা সম্পাদনা কৰক

তেখেতে লক্ষিমপুৰ মহাবিদ্যালয়ৰ পৰা ১৯৯০ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ১৯৯৪ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ২০০১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেখেতৰ গৱেণাৰ বিষয় হ’ল- ‘ৰবীন্দ্ৰনাথৰ কাব্যাদৰ্শ আৰু কেইজনমান অনুৱৰ্তী অসমীয়া কবিৰ কবিতা৷’[3]

চাকৰি জীৱন সম্পাদনা কৰক

ডিব্ৰুগড় হনুমানবক্স সুৰজকমল কানৈ কলেজত অধ্যাপক হিচাপে চাকৰি জীৱনৰ পাতনি মেলে৷ (১৯৯৭ চনৰপৰা ২০০৫ চনলৈকে)
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে অংশগ্ৰহণ৷ (২০০৫ চনৰপৰা ২০০৯ চনলৈকে)
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Reader হিচাপে দায়িত্বভাৰ গ্ৰহণ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অংশগ্ৰহণ৷ (২০১২ চনৰপৰা সাম্প্ৰতিক সময়লৈকে [4]

সাহিত্যৰাজি সম্পাদনা কৰক

ৰবীন্দ্ৰনাথ আৰু অসমীয়া কবিতা, কৌষ্তুভ প্ৰকাশন, মাৰ্চ, ২০০৩
ৰবীন্দ্ৰনাথৰ চিন্তা আৰু ভাৰতীয় সাহিত্য বিচিত্ৰা, বনলতা, ডিব্ৰুগড়, মে, ২০০৩
তুলনামূলক সাহিত্য, বিকাশ আৰু বিৱৰ্তন, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, মাৰ্চ, ২০০৮
তুলনামূলক সাহিত্য তত্ত্ব, বনলতা, ডিব্ৰুগড়, মে, ২০১৩
গৱেষণা পদ্ধতিবিজ্ঞান, বনলতা, ২০১৭

চুটিগল্প সম্পাদনা কৰক

ভাৰ্ছিটিৰ ইকেবানা, চুটিগল্পৰ সংকলন, ২০১৪
যাযাৱৰী নিশাৰ সংলাপ, চুটিগল্প সংকলন 2022

উপন্যাস সম্পাদনা কৰক

পান্থশালাৰ প্ৰেমগাথা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ২০০৯
কুঞ্জপৃথিৱীৰ কৃষ্ণপ্ৰিয়া, বনলতা, ডিব্ৰুগড়, চুটিগল্পৰ সংকলন

অনুবাদ গ্ৰন্থ সম্পাদনা কৰক

ৰবীন্দ্ৰনাথ ঠাকুৰ, অনুবাদ, সাহিত্য অকাডেমী, নতুন দিল্লী, ২০১৮ [5]

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

অসমৰ জনগোষ্ঠীয় লোকসাহিত্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, মাৰ্চ, ২০০৯
অসমীয়া কাব্যকোষ, অসম সাহিত্য সভা, ২০১২
প্ৰসংগ : সাহিত্য আৰু সংস্কৃতি, বনলতা, ডিব্ৰুগড়, ২০১২
বিহু, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা, ২০২১
তুলনামূলক সাহিত্য আৰু পৰিধীয় ক্ষেত্ৰ, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা, ২০২১

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক