পাঁচ ফোৰণ
এক প্ৰকাৰৰ মিশ্ৰণ মছলা
(পাঁচ ফুৰণৰ পৰা পুনঃনিৰ্দেশিত)
পাঁচ ফোৰণ হৈছে এক গোটা মছলা মিশ্ৰণ, ই পূব ভাৰতৰ, মুখ্যতঃ উৰিষ্যা, পশ্চিমবঙ্গ, বিহাৰ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি হোৱা। এই অঞ্চলসমূহৰ ৰন্ধনপ্ৰণালীত আৰু লগতে নেপাল আৰু বাংলাদেশৰ ৰন্ধনপ্ৰণালীতো ইয়াক ব্যৱহাৰ কৰা হয়। নামটোৰ আক্ষৰিক অৰ্থ হৈছে "পাঁচ বিধ মছলা"; বঙালী (পাঁচ ফোড়ন), ওড়িয়া (ପଞ୍ଚୁ ଫୁଟଣ, পাঞ্চু ফুৰাণ), নেপালী (পাদকাউনে মছলা)।
পাঁচ ফোৰণ | |
প্ৰকাৰ | মছলাৰ মিশ্ৰণ |
---|---|
অঞ্চল | পূব ভাৰত আৰু বাংলাদেশ |
মুখ্য উপাদান | মেথি গুটি, ক’লা জীৰা বা কাল জীৰা, জীৰা, চফ, আৰু ক’লা সৰিয়হ |
আন উপাদান | ৰাধুনি |
অনুৰূপ ব্যঞ্জন | পাঁচবিধ চীনা মছলা গুড়ি |
পাঁচ ফোৰণৰ অন্তৰ্ভুক্ত আটাইকেইবিধ মছলাই একো একোবিধ বীজ। এই বীজসমূহৰ ভিতৰত আছে:
- মেথি (Fenugreek),
- কাল জীৰা (Black Cumin),
- জীৰা (Cumin),
- চফ (Fennel), আৰু
- ক’লা সৰিয়হ (Black Mustard)।[1] কোনো কোনো ৰান্ধনীয়ে তিতিকি সোৱাদৰ বাবে মেথি গুটিৰ পৰিমাণ কমাই দিয়ে৷ পাঁচ ফোৰণত ৰাধুনি গুটিও (Carrom Seed) ব্যৱহাৰ কৰা হয়৷ ইয়াক যনি বা আজৱাইন বুলিও জনা যায়।[2]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Panch Phoron Seeds Glossary | Recipes with Panch Phoron Seeds". Tarladalal.com. http://www.tarladalal.com/glossary-panch-phoron-seeds-1027i। আহৰণ কৰা হৈছে: 2012-07-13.
- ↑ Deepika Sahu (10 May 2012). "The power of five seeds". https://timesofindia.indiatimes.com/The-power-of-five-seeds/articleshow/12594289.cms। আহৰণ কৰা হৈছে: 13 June 2020.