পাউৰুটী
পাউৰুটী (ইংৰাজী: Bread) হৈছে ময়দা আৰু পানীৰ ডাঠ মিশ্ৰণৰ পৰা সাধাৰণতে বেকিং পদ্ধতিৰে প্ৰস্তুত কৰা এক প্ৰকাৰৰ প্ৰধান খাদ্য। অতিজৰে পৰা ই পৃথিৱীৰ এক বৃহৎ অংশৰ এক বিশিষ্ট খাদ্য ৰূপে পৰিগণিত হৈ আহিছে। কৃষিৰ আৰম্ভণিৰ পৰাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত, আৰু ধৰ্মীয় ৰীতি-নীতি আৰু ধৰ্মনিৰপেক্ষ সংস্কৃতি দুয়োটাতে এক অপৰিহাৰ্য ভূমিকা পালন কৰা ই হৈছে মানৱ-নিৰ্মিত আটাইতকৈ পুৰণি খাদ্য।
বিভিন্ন প্ৰকাৰৰ পাউৰুটী | |
মুখ্য উপাদান | ময়দা, পানী |
---|
প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা জীৱাণু, ৰাসায়নিক পদাৰ্থ, ঔদ্যোগিকভাৱে উৎপাদিত ইষ্ট, বা উচ্চ-চাপৰ দ্বাৰা সৃষ্টি হোৱা গেছৰ বুদবুদে পাউৰুটী ফুলাই তোলে। বহুতো দেশত, বাণিজ্যিকভাৱে প্ৰস্তুত কৰা পাউৰুটীৰ সোৱাদ, গাঁথনি, ৰং, স্থায়িত্ব, পুষ্টি, আৰু উৎপাদনৰ আদি বৃদ্ধি তথা উন্নত কৰিবলৈ কিছুমান অন্য ৰসায়নো যোগ কৰা হয়।
পাউৰুটী হৈছে এবিধ সংৰক্ষণযোগ্য খাদ্য।[1] নিমখ, ময়দা, পানী, ইষ্ট আৰু ৰন্ধন কাৰ্যত ব্যৱহৃত চ'ডা হৈছে পাউৰুটীৰ সাধাৰণ উপাদান, তথাপি বহু সময়ত পাউৰুটী প্ৰস্তুত কৰোঁতে গাখীৰ, কণী, চেনি, মচলা, ফল, পিয়াঁজ, বাদাম ইত্যাদি সামগ্ৰীও মিহলি কৰা হয়।
ময়দাৰ উপৰিও স্পেল্ট (spelt), এমাৰ (emmer), ইনকৰ্ণ (einkorn) আৰু কামুটৰ (kamut) দৰে ঘেঁহু প্ৰজাতিৰ অন্য শস্যৰ গুড়িৰ পৰাও পাউৰুটী তৈয়াৰ কৰা হয়।[2] ৰাই (rye), যৱ (barley), গোমধান (maize), অ'ট (oats), জোৱাৰ (sorghum), বাজৰা (millet) আৰু চাউলকে (rice) ধৰি ঘেঁহু বিহীন অন্যান্য খাদ্যশস্যৰ গুড়িৰ পৰাও পাউৰুটী তৈয়াৰ কৰা হয়, কিন্তু ৰাইৰ বাহিৰে, বাকীবোৰত সাধাৰণতে গ্লুটেন নামৰ এবিধ প্ৰ’টিন কম পৰিমাণে থকা বাবে সেইবোৰত কিছু পৰিমাণে ময়দা মিহলি কৰা হয়।[3]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "bread." Britannica Concise Encyclopedia. Encyclopædia Britannica, Inc., 2006. Answers.com 19 Feb. 2008.
- ↑ "Wheat". Grains & Legumes Nutrition Council. http://www.glnc.org.au/grains/types-of-grains/wheat/। আহৰণ কৰা হৈছে: 1 October 2016. "Aside from bread wheat and durum, other types of wheat include spelt, emmer, einkorn and kamut. These wheat varieties are commonly referred to as ‘ancient’ grains and are increasingly being used in the manufacture of niche wheat-based food products."
- ↑ Cauvain, Stanley (2015). Technology of Breadmaking. Springer. পৃষ্ঠা. 377. ISBN 978-3-319-14687-4. https://books.google.com/books?id=Y6q3BgAAQBAJ&pg=PA376. "In the past, maize (corn), barley, oats, sorghum, millet and rice have all found their way into bread products at some time, usually when wheat and rye have been in short supply."