পাটেকীবড়ি
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
পাটেকীবড়ি বা পাতেকীবৰি[1][2](ইংৰাজী: Patekibori) অসমৰ মৰিগাঁও জিলাৰ এখন ঠাই য’ত শংকৰদেৱৰ জন্ম হৈছিল বুলি জনা যায়। মৰিগাঁও জিলাৰ সদৰ ঠাই লাহৰীঘাটৰ পৰা ১৮ কিলোমিটাৰ দূৰত পাটেকীবড়ি অৱস্থিত।[3] মহাপুৰুষ শংকৰদেৱৰ এই পাটেকীবড়ি-আলিপুখুৰী নামৰ এখন গাঁৱত হৈছিল।[4] শংকৰদেৱৰ পূৰ্বপুৰুষ ৰাজধৰে ৰৌতাৰ পৰা উঠি গৈ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ পাৰত বাৰভূঞাৰ সৈতে আলচ কৰি তাতে বসতি কৰাৰ সিদ্ধান্ত লৈ চাৰিওফালে আলি বন্ধাই পুখুৰী খান্দি বহিল। গুৰু চৰিত কথাত আছে,
আহি বাহ্ৰেও ভূঞা আলচি বাৰে বৰ্ষ বহি উঠি পাৰ হৈ গ’ল : চাৰি হজকৈ আলি বান্ধি পুখুৰী খান্দি বহিল আলিপুখুৰী গ্ৰাম বোলে।[5]
এই ঠাইৰ মাটি আলতীয়া। সেয়ে বাৰভূঞাসকলে কপিলী নৈৰ পাৰৰ পৰা কুমাৰৰ মাটি আনি মাটিৰ পাত্ৰ, পাট নাদ আদি তৈয়াৰ কৰিছিল। বড়ি শব্দৰ অৰ্থ টিলা। তাৰ পৰাই পাটেকীবড়ি হোৱা বুলি অনুমান কৰা হয়।[6] চৰিত পুথি মতে, শংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণ সামৰি উভতি অহালৈকে আলিপুখুৰীতে তেওঁলোকৰ বাসস্থান আছিল।
এইসৱকে মুখ্যকৈ আনো জত পৃথিৱীৰ তীৰ্থক্ষেত্ৰ আছে দেশ ৰাজ্য দ্বীপ দ্বীপান্তৰ পুণ্যভূমি চাই চিন্তি ফুৰি বেঢ়াই বাহ্ৰ বৰ্ষে আহি আলিপুখুৰী আঘ্ৰমাহ এপৰ নিশা জোয়াৎ বুঢ়ীআইক মাত লগাইচেহি।[5]
থান উদ্ধাৰ
সম্পাদনা কৰকপাটেকীবড়ি থানখন প্ৰায় চাৰিশ বছৰ পৰিত্যক্ত অৱস্থাত আছিল। ১৯২৪ চনত লাহৰীঘাট মৌজাৰ মৌজাদাৰ ভূধৰ কাকতীয়ে থানখনৰ উদ্ধাৰৰ বাবে যত্নপৰ হয় আৰু চৰকাৰৰ পৰা ৫০ বিঘা নিষ্কৰ মাটি থানৰ নামত লাভ কৰে। কালক্ৰমত চৰকাৰে প্ৰৱৰ্তন কৰা “লাইন প্ৰথা’’ৰ সুবিধাতে এই অঞ্চলত পমুৱা মুছলমানৰ জনবসতি ঘন হৈ পৰাত লাহৰীঘাট মৌজা দুভাগত বিভক্ত হয় আৰু মৈৰাবাৰী মৌজা গঠন কৰা হয়। তেতিয়াৰে পৰা পাটেকীবড়ি থান মৈৰাবাৰী মৌজাৰ অন্তৰ্গত হৈ পৰে। ১৯৭১ চনৰ লোকপিয়লমতে, লাহৰীঘাট থানাৰ অন্তৰ্গত মুঠ জনসংখ্যাৰ ৮০.৫৯ ভাগেই পমুৱা মুছলমান লোক। ৬০ দশকৰ শেষৰ ফালে ধিং ৰাজহ চক্ৰৰ উপ-প্ৰতি সমাহৰ্তা গোপাল চন্দ্ৰ শৰ্মাৰ চেষ্টাত ৰত্নকান্ত বৰকাকতী, চন্দ্ৰকান্ত বৰকাকতী, মতিন খান আদি উল্লেখযোগ্য ব্যক্তিৰ সহযোগত নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ড° মহেশ্বৰ নেওগে এই আধাৰশিলা স্থাপন কৰিছিল আৰু গড়মূৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে নৱনিৰ্মিত মণিকূটটি ১-৩-১৯৬১ চনত উদ্বোধন কৰে।[6]
থানৰ চৌহদ
সম্পাদনা কৰকথানৰ সম্পদ
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ মৰিগাঁও জিলাৰ প্ৰশাসনিক তথ্য
- ↑ Gaon Pradhan List - Morigaon district. https://morigaon.gov.in/sites/default/files/sites/all/themes/swf/images/simple_content_page/recritment_gaon_pradhan_compressed.pdf
- ↑ "মৰিগাঁও জিলাৰ ৰূপ-ৰেখা". https://xondhan.com/%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A7%82%E0%A6%AA-%E0%A7%B0%E0%A7%87%E0%A6%96%E0%A6%BE-%E0%A7%A8/। আহৰণ কৰা হৈছে: 9 October 2023.
- ↑ কল্যাণী ভৰালী কাকতি. সুৱাস - অভিনন্দন গ্ৰন্থ. পৃষ্ঠা. ২৬৮.
- ↑ 5.0 5.1 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১১, ২৮.
- ↑ 6.0 6.1 শইকীয়া, হেমচন্দ্ৰ (২০১৩). গুৰুজনাৰ জন্মস্থান : বুৰঞ্জী আৰু বিতৰ্ক. বেদকণ্ঠ. পৃষ্ঠা. ২৯. ISBN 978-93- 82931-14-0.