ৰত্নকান্ত বৰকাকতী (ইংৰাজী: Ratnakanta Borkakati) জন্ম:১৮৯৭- মৃত্যু:১৯৬৩) হৈছে অসমীয়া সাহিত্যনৱন্যাস যুগৰ আন এক জনপ্ৰিয় কবি। তেওঁক শেৱালি কবি উপনামেৰে জনা যায়। নৱন্যাসিক যুগৰ আন আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে। শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত সৃষ্ট অনুপম অনুভূতিৰ প্ৰেৰণা দেখা পোৱা যায় তেওঁৰ কবিতাত। সৰলতা আৰু নিমজ গতিৰ ছন্দসজ্জা তেওঁৰ কবিতাৰ যোগাত্মক দিশ। বৰকাকতী যদিও প্ৰেমৰ কবি তেওঁৰ কবিতাৰ মাজত ৰহস্যবাদী সুৰ এটাও ৰিণিকি ৰিণিকি ভাঁহি উঠা দেখা যায়। কিন্তু সেই ৰহস্যবাদ কেৱল ভগৱৎ প্ৰেম আৰু আধ্যাত্মিক অনুভূতিৰে সিক্ত হৈ থকা নাই। সমগ্ৰ বিশ্বৰ মাজত প্ৰতিভাত হৈ থকা অন্তহীন সৌন্দৰ্য আৰু মানুহৰ হৃদয়ত থকা অসীম প্ৰেম তেওঁৰ ৰহস্যবাদী চিন্তাধাৰাৰ উৎস। তেওঁৰ কবিতাসমূহত দাৰ্শনিক চিন্তাস্ৰোতৰ ইন্ধনো সামান্য পৰিমাণে দেখিবলৈ পোৱা যায়। তেওঁৰ কবিতাসমূহক নিৰ্মাণধৰ্মীতাৰে সুন্দৰকৈ সজাই-পৰাই অতুলনীয় কৰি তুলিছে। বৰকাকতীৰ কবিতাৰ ছন্দৰ অন্যতম বৈশিষ্ট্য হৈছে শ্বাসাঘাত। তেওঁৰ কোনো কোনো কবিতাত ৰবীন্দ্ৰনাথৰ কবিতাৰ প্ৰভাৱ দেখা যায় যদিও সি বৰকাকতীৰ কবিতাৰ স্বকীয়তাক ম্লান কৰিব পৰা নাই। বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, ছয়াময়া, তাজমহল আদি তেওঁৰ জনপ্ৰিয় কবিতা সমূহৰ অন্যতম দুটামান কবিতা।

ৰত্নকান্ত বৰকাকতী
জন্ম ২০ জুন, ১৮৯৭
ঢিঙ, নগাঁও জিলা, অসম
মৃত্যু ১৯৬৩ চন
পেচা সাহিত্যিক, কবি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজি -শেৱালি (কবিতা পুথি)
-তৰ্পণ (কবিতা পুথি)

জন্মসম্পাদনা কৰক

১৮৯৭ চনৰ ২০ জুন তাৰিখে নগাঁও জিলাৰ ধিংত ৰত্নকান্ত বৰকাকতীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভূধৰ বৰকাকতী আছিল।

শিক্ষাসম্পাদনা কৰক

ঢিং প্ৰাইমাৰী স্কুল(১৯০৩-১৯০৫), নগাঁও চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিকুলেচন(১৯১৫), কটন কলেজ, কলিকতাতৰিপন কলেজ, হুগলী কলেজ,সংস্কৃত কলেজ, ঘৰুৱা অসুবিধাৰ বাবে আধৰুৱা কলেজীয়া শিক্ষা।

কৰ্মজীৱনসম্পাদনা কৰক

নলবাৰী হাইস্কুলৰ শিক্ষক(১৯১৮), ঢিং মৌজাৰ এক্টিং মৌজাদাৰ(১৯২৪-১৯২৭), কৃষি কাৰ্য(১৯২৮-৩৩), মৌজাদাৰ(১৯৩৩)।

মৃত্যুসম্পাদনা কৰক

১৯৬৩ চনত ৰত্নকান্ত বৰকাকতীৰ মৃত্যু হয়।

সাহিত্যকৃতিসম্পাদনা কৰক

অতি কম বয়সতে সাহিত্য চৰ্চাত ব্ৰতীহোৱা বৰকাকতীয়ে সাহিত্যিক জীৱন আৰম্ভ কৰে "উষা" আলোচনীৰ জৰিয়তে। ইয়াৰ উপৰিও বাঁহী আৰু চেতনা আলোচনীতো তেখেতৰ গীতিকবিতা প্ৰকাশ হয়। সাহিত্যচাৰ্য্য যজ্ঞেশ্বৰ শৰ্মাই বৰকাকতীৰ কবিতাক পাঁচটা ভাগত ভগাইছে (১) প্ৰেম আৰু ভালপোৱা (২)কবি আৰু কাব্য সমন্ধীয় (৩)শোকৰ কবিতা (৪) পৌৰাণিক আৰু ঐতিহাসিক (৫)জীৱন সমন্ধীয় কবিতা[1]

সাহিত্য সমালোচক হিচাপেও বৰকাকতীয়ে এক উল্লেখনীয় স্থান লাভ কৰিছিল। বেজবৰুৱাৰ ডালিমী তেখেতৰ উল্লেখযোগ্য সমালোচনা।

প্ৰকাশিত গ্ৰন্থৰাজীসম্পাদনা কৰক

  • শেৱালি (১৯৩২) (কবিতা পুথি)
  • তৰ্পণ (১৯৫৩) (কবিতা পুথি)
  • চন্দ্ৰহাৰ (১৯৬৩) (কবিতা পুথি)
  • অন্যান্য- আলাপ (১৯১৯)
  • হিন্দু স্বৰাজ, Our Script Question (১৯৫৬)
  • অলকা (নাটক)

স্বীকৃতি আৰু সন্মানসম্পাদনা কৰক

১৯৬৩ চনৰ নাজিৰা অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি[2]


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "বৰেণ্য, নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী, ২০১২
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

গ্ৰন্থ সংযোগসম্পাদনা কৰক

  • সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৩৯)
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ৩১৮)
  • কবি আৰু কবিতা (ড॰ নন্দ তালুকদাৰ, পৃষ্ঠা ২৩৭)