পানী লতা
পানী লতা (বৈজ্ঞানিক নাম: Cissus repanda) এম্পেলিকেচি (Ampelicaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ প্ৰকাণ্ড আকাৰৰ আৰোহী গুল্ম৷ এই লতা প্ৰধানকৈ নামনি অসমৰ শালনি হাবিবোৰত পোৱা যায়৷ লতাডাল দুটুকুৰা কৰিলে বহু পৰিমাণৰ পানী ওলায়৷ হাবিত কাম কৰা মানুহে এই পানী খাই পিয়াহ পলুৱায় বুলি জনা যায়৷[1]
পানী লতা Cissus repanda | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Tracheophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Vitales |
পৰিয়াল: | Vitaceae |
গণ: | Cissus |
প্ৰজাতি: | Cissus repanda |
সমাৰ্থক | |
Vitis wightiana Wall. |
বিৱৰণ
সম্পাদনা কৰকনতুনকৈ ওলোৱা কুমলীয়া অংশ নোমেৰে আবৃত৷ কাণ্ড কোমল, পৰ্য্যাপ্তভাৱে ছিদ্ৰ থাকে, পুৰঠ হ’লে মৌচাকৰ দৰে জালিযুক্ত সোপোকা হয়৷
পাত সৰল, দীঘ-পুতল ক্ৰমে প্ৰায় ১২ ছেমি আৰু ৭ ছেমি৷পাতৰ আকৃতি উপবৃত্তকাৰ আৰু গভীৰ ভাৱে হৃদয়াকাৰ হয়৷ পাত দেখিবলৈ কেতিয়াবা সপ্ত-কোণাকাৰ বালতিকাৰ, দন্তাকাৰ অথবা কৰতাকাৰ, হ্ৰস্ব কুশাগ্ৰী, পাতল, লোমবিহীন সিৰ সামান্য কেশযুক্ত হয়৷ পাতৰ আধাৰিত সিৰ ৫ ডাল, ইয়াৰে প্ৰথম সিৰ মূলতে শাখাযুক্ত, মাধ্যমিক সিৰ ৪-৬, খীণাকাৰ, সামান্যভাৱে ভাঁজখোৱা৷ পাত্ৰবৃণ্ড ৮-১৩ ছেমি দীঘল৷ উপপত্ৰ প্ৰায় স্বতন্ত্ৰ, কেশযুক্ত, দীৰ্ঘায়তাকাৰ, গোল আৰু কেতিয়বা কাঁচিৰ আকাৰৰ হোৱা দেখা যায়৷
পুষ্পক্ৰম পত্ৰাভিমুখ, কোমল,কেশপূৰ্ণ, সঘন ছত্ৰাকাৰ, সমশীৰ্ষাকাৰভাৱে খতিত, সৰ্বশেষৰ কক্ষত বিকশিত ছত্ৰবিন্যাসে নিচেই কমেও ২০ পাহ ফুল ধাৰণ কৰে৷ পুষ্পবৃন্ত প্ৰায় ৬ ছেমি দীৰ্ঘ, কামিহাড় ওলোৱা, কেশযুক্ত, বৃতি আৰু বৃতিকা ক্ষুদ্ৰাকাৰ৷
ফুলৰ বৰণ ৰঙচুৱাকৈ মুগা, চাৰি পহীয়া, উভয়লিংগী৷ পাহি ডিম্বাকাৰ, দীৰ্ঘয়তাকাৰ, শীৰ্ষবিন্দু মুণ্ডাকাৰ কেশযুক্ত৷ চকা-চাৰি লতিকা ধাৰী৷ ফল এক বীজধাৰী৷[2]