পানী (২০১৪ চলচ্চিত্ৰ)

যদুমণি দত্ত পৰিচালিত অসমীয়া ছবি (২০১৪)

পানী (ইংৰাজী: Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰযদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্‌ছৰ বেনাৰত যদুমণি দত্তৰ। দীপক কুমাৰ গগৈৰ এখন একাংকিকা নাটকৰ আধাৰত যদুমণি দত্তৰ চিত্ৰনাট্যৰে পানী এখন সমসাময়িক সামাজিক-ৰাজনৈতিক পটভূমিত নিৰ্মিত চলচ্চিত্ৰ। ২০১৩ চনৰ নৱেম্বৰ মাহত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বোলছবিখনৰ প্ৰীমিয়াৰ হয়।[1]

পানী
(Thirst)

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক যদুমণি দত্ত
চিত্ৰনাট্য যদুমণি দত্ত
কাহিনী দীপক কুমাৰ গগৈ
প্ৰযোজক যদুমণি দত্ত (জে পি ফিল্ম্‌ছ)
অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন)
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
আইমী বৰুৱা
হিমাংশু প্ৰসাদ দাস
আশা বৰদলৈ
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা ৰূপম কলিতা
সংগীত পৰিচালক অনিৰুদ্ধ বৰুৱা
মুক্তি
১২ ছেপ্টেম্বৰ, ২০১৪
দেশ  ভাৰত
ভাষা অসমীয়া

চৰকাৰৰ কথা আৰু কামৰ মাজত সদায় পাৰ্থক্য দেখা যায়। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি কিমান দূৰ পূৰণ হয় তাৰ আধাৰতেই বোলছবিখনৰ কাহিনী নিৰ্মিত।[1]


কলা-কুশলী

সম্পাদনা কৰক
  • পৰিচালনা/চিত্ৰনাট্য - যদুমণি দত্ত
  • প্ৰযোজক - যদুমণি দত্ত
  • কাহিনী/সংলাপ - দীপক কুমাৰ গগৈ
  • চিত্ৰগ্ৰহণ - সুমন দুৱৰা
  • সংগীত পৰিচালনা - অনিৰুদ্ধ বৰুৱা
  • সম্পাদনা - ৰূপম কলিতা
  • কলা নিৰ্দেশনা - জয়ন্ত ফুকন[1]
  • ছাউণ্ড ডিজাইন আৰু মিক্সিং - দেৱব্ৰত চলিহা


  • উনবিংশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০-১৭ নৱেম্বৰ, ২০১৩) প্ৰদৰ্শিত
  • দ্বিতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২১-২৭ ডিচেম্বৰ, ২০১৩) প্ৰদৰ্শিত
  • ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০-১৮ জানুৱাৰী, ২০১৪) প্ৰদৰ্শিত[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 "Paani - New Assamese Film by Jadumoni Dutta". Assam Trends. Archived from the original on 2015-03-05. https://web.archive.org/web/20150305045648/http://www.assamtrends.org/2013/11/paani-new-assamese-film-by-jadumoni.html। আহৰণ কৰা হৈছে: ১৬ অক্টোবৰ ২০১৪.