বিষ্ণু খাৰঘৰীয়া

অসমীয়া অভিনেতা

বিষ্ণু খাৰঘৰীয়া (ইংৰাজী: Bishnu Khargharia, জন্ম-১৯৪৬) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে৷ তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য ৷ ২০২১ বৰ্ষত তেখেতে অভিনয়-জীৱনত সোণালী জয়ন্তী স্পৰ্শ কৰে৷[2] জাহ্নু বৰুৱা, মুনীন বৰুৱাকে ধৰি বহুকেইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰকাৰৰ ছবিত মননশীল অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতাজনে বিগত পাঁচ দশকত ত্ৰিশতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰিছে৷ সাগৰলৈ বহুদূৰ, বান্ধোন, কণিকাৰ ৰামধেনু, আজান ফকীৰ চাহেব, ফিৰিঙতি হৈছে তেখেতৰ কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰকৰ্ম৷ ১৯৯৫ আৰু ২০১২ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷ ২০১২ চনত তেখেতক প্ৰাগ চিনে বঁটা-প্ৰদান অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানীত কৰা হয়৷

বিষ্ণু খাৰঘৰীয়া

আজান ফকীৰৰ জীৱনীমূলক কাহিনীৰে নিৰ্মিত আজান ফকীৰ চাহেব নামৰ অসমীয়া চলচ্চিত্ৰখনত আজান ফকীৰৰ ৰূপত বিষ্ণু খাৰঘৰীয়া
জন্ম ১৯৪৬
অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৭১-বৰ্তমান
উল্লেখযোগ্য কৰ্ম [1]
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫, ২০১২)
  • জীৱনজোৰা সাধনাৰ বঁটা(২০১২)

পৰিয়াল আৰু শিক্ষা সম্পাদনা কৰক

১৯৪৬ চনৰ ডিব্ৰুগড়ৰ আমোলাপট্টিত বিষ্ণু খাৰঘৰীয়াৰ জন্ম হৈছিল৷ পিতৃ আছিল ভুৱন চন্দ্ৰ খাৰঘৰীয়া আৰু মাতৃ আছিল দিব্যলতা খাৰঘৰীয়া৷ পিতৃ আছিল এগৰাকী অভিনেতা৷ তেখেতে মঞ্চৰ লগতে ৰূপালী পৰ্দাতো অভিনয় কৰিছিল৷ চলচ্চিত্ৰকাৰ ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱাত তেখেতে অভিনয় কৰিছিল৷ বিষ্ণু খাৰঘৰীয়াই অভিনয়ৰ প্ৰেৰণা লাভ কৰিছিল পিতৃৰ পৰাই৷[2]

বিষ্ণু খাৰঘৰীয়াই স্কুলীয়া জীৱনৰ পাতনি মেলে ডিব্ৰুগড়তে৷ পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে বিষ্ণু খাৰঘৰীয়াই ডিব্ৰুগড়ৰ 'জয়শ্ৰী সংঘ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা লাচিত বৰফুকন নামৰ নাটকখনত শিশু চৰিত্ৰ ৰূপায়ণ কৰে৷ ছাত্ৰাৱস্থাতেই তেখেতে ডিব্ৰুগড়ৰ নাট্যসন্ধ্যাবোৰতো অভিনয় কৰিছিল৷ ষাঠিৰ দশকত তেখেতে কাশ্মীৰ কুমাৰী নামৰ নাটকখনত প্ৰভাৱশালী অভিনয় কৰে৷ আনহাতে সত্তৰৰ দশকৰ পৰা তেখেতে অপেছাদাৰী নাট্যগোষ্ঠীৰ লগত জড়িত হৈ পৰে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ আন এজন প্ৰসিদ্ধ অভিনেতা বিজু ফুকনৰ লগতো তেখেতে সেই সময়তে নাটকত অভিনয় কৰিছিল৷ [2]

কৰ্মজীৱন সম্পাদনা কৰক

অসমীয়া চলচ্চিত্ৰত অভিনয় সম্পাদনা কৰক

সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি অৰণ্যৰ যোগেদি বিষ্ণু খাৰঘৰীয়াৰ অভিষেক ঘটে৷ ১৯৭১ চনত মুক্তিলাভ কৰা এই ছবিখনত অসমৰ এগৰাকী পৰিচিত অভিনয়-শিল্পী বিদ্যা ৰাওৱে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল৷ নিশাৰ চকুলো নামৰ ছবিখনত বিষ্ণু খাৰঘৰীয়াই নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল৷ বৃষ্টি নামৰ চলচ্চিত্ৰত জয়ন্ত হাজৰিকা কণ্ঠদান কৰা এটি গীত সুৰাত মগন ভয়াল ৰাতিত বিষ্ণু খাৰঘৰীয়াই স্মৰণীয় প্ৰদৰ্শন আগবঢ়ায়৷ এইখন ছবিয়ে মুক্তি লাভ কৰিছিল ১৯৭৫ চনত৷ আজান ফকীৰৰ জীৱনভিত্তিক কথাছবি আজান ফকীৰ চাহেবত বিষ্ণু খাৰঘৰীয়াই কেন্দ্ৰীয় চৰিত্ৰত অৱতীৰ্ণ হয়৷ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত কথাছবি 'সাগৰলৈ বহুদূৰ'ত তেখেতে এজন নাৱৰীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শক আৰু সমালোচকৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰে৷ অভিনয়ৰ বাবে তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে৷ [2]

ৰঞ্জিত দাসে পৰিচালনা কৰা সংস্কাৰ নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ অৰূপ মান্নাৰ দ্বাৰা নিৰ্দেশিত ছবি জীৱন তৃষ্ণা হৈছে অভিনেতাজনৰ আন এক উল্লেখনীয় ছবি৷ এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেতাৰ সন্মান লাভ কৰে৷ [2]

বিষ্ণু খাৰঘৰীয়াই নিপ বৰুৱাৰ দ্বাৰা নিৰ্মিত ছবি মণিমা নামৰ বাংলা ছবিখনতো অভিনয় কৰিছে৷ ইয়াৰ উপৰি অসমীয়া ভাষাত নিৰ্মিত বহুকেইখন ভিচিডিৰ গুৰুত্বপূৰ্ণ ছবিত তেখেতে সফল অভিনয় কৰিছে৷ [2]

তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি তলত তালিকাভূক্ত কৰা হৈছে :

নাটকত সম্পাদনা কৰক

বঁটা সম্পাদনা কৰক

বিষ্ণু খাৰঘৰীয়াই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯৫ চনত আৰু ২০১২ চনত ক্ৰমে সাগৰলৈ বহু দূৰ আৰু বান্ধোন চলচ্চিত্ৰখনৰ বাবে লাভ কৰিছিল। ১৯৯৬ চনত তেখেতে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাগৰলৈ বহু দূৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। আনহাতে ২০১২ চনৰ প্ৰাগ চিনে বঁটাৰ জীৱনজোৰা সাফল্যৰ সন্মান তেখেতে লাভ কৰিছিল।[4] ২০১৯ চনত তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা বিজু ফুকন বঁটা লাভ কৰে। [5] ২০২০ চনত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে "আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" প্ৰদান কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. https://www.imdb.com/title/tt0113311/?ref_=nmbio_mbio
  2. 2.0 2.1 2.2 2.3 2.4 2.5 ভাগৱতী, কমল কুমাৰ (৪ এপ্ৰিল ২০২১). "বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া". দৈনিক অসম. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা ১৭. http://cnis.ddns.net/scripts/dainiknew.asp?id=apr0421/Page17। আহৰণ কৰা হৈছে: 5 April 2021. [সংযোগবিহীন উৎস]
  3. Bishnu Kharghoria filmography
  4. "Bishnu Kharghoria" (en ভাষাত). IMDb. https://www.imdb.com/name/nm0451440/awards। আহৰণ কৰা হৈছে: 2020-04-01. 
  5. "Biju Phukan Award Goes To Veteran Actor Bishnu Kharghoria" (en-US ভাষাত). The Sentinel. 2019-02-13. https://www.sentinelassam.com/guwahati-city/biju-phukan-award-goes-to-veteran-actor-bishnu-kharghoria/। আহৰণ কৰা হৈছে: 2020-04-01. 

বাহ্যিক সংযোগ সম্পাদনা কৰক