পানী (ইংৰাজী: Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ। আবহ সঙ্গীত ৰচনা কৰিছিল জিতু তপনে[1][2]

পানী
Paani

পানীৰ দুটি দৃশ্যত ক্ৰমে প্ৰাঞ্জল শইকীয়া আৰু ববিতা শৰ্মা
পৰিচালক প্ৰফুল্ল শইকীয়া
কাহিনী নিৰোদ চৌধুৰী
প্ৰযোজক নৰেন শৰ্মা
অভিনয়ত প্ৰাঞ্জল শইকীয়া
ববিতা শৰ্মা
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
৬ জানুৱাৰী ১৯৯৫
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

পাগলাদিয়া নৈৰ পাৰৰ গাঁও বৰজহা। বৰজহা গাঁৱৰে এজন প্ৰতিপত্তিশীল আৰু চহকী ব্যক্তি বলোভদ্ৰ চৌধুৰী। তেওঁৰ একমাত্ৰ জীয়ৰী আল্পনা। শ্বিলঙত পঢ়ে। চহকী ঘৰৰ ছোৱালী হ’লেও তাই অতি সহজ-সৰল। তাইৰ এই সৰল স্বভাৱৰ বাবে গাঁৱৰ সকলো মানুহে তাইক ভাল পায়। দীঘলীয়া বন্ধৰ দিনকেইটা গাঁৱতে কটাব বুলি ভাবি তাই বৰজহা পালেহি। এনেতে আহিল প্ৰলয়ংকৰী বান। ভৱিষ্যতে এম.এল.এ হোৱাৰ বাসনা পুহি ৰখা চৌধুৰীয়ে বান-পীড়িত ৰাইজক অলপ সহায়-সাহায্য কৰি নিজৰ স্বাৰ্খ সিদ্ধি কৰাৰ কথা ভাবিলে। তেওঁৰ এই পৰিকল্পনাক কাৰ্যত পৰিনত কৰাৰ দায়িত্ব দিলে তেওঁৰ সোঁহাতস্বৰূপ নয়ন বৰুৱাক।

পাগলাদিয়াৰ ছিগা মথাউৰি মেৰামতি কৰিবলৈ চহৰৰ পৰা ইঞ্জিনিয়াৰ দিলীপ চলিহা আহিল।দিলীপক বলোভদ্ৰ চৌধুৰীৰ ঘৰতে ৰখাৰ ব্যৱস্থা কৰা হ’ল। লাহেলাহে মথাউৰিৰ মেৰামতিৰ কাম শেষ হৈ আহিল। ইফালে ক্ৰমাৎ আল্পনাও দিলীপৰ ওচৰ চাপি গ’ল। কিন্তু এই অন্তৰঙ্গতাত বাধা হৈ থিয় দিয়ে নয়ন বৰুৱাই। নয়নে ভাবুকি দিলে, আল্পনাই যদি বিয়া কৰাবই লাগে, তেন্তে নয়নকে কৰাব লাগিব, দিলীপক নোৱাৰে।আল্পনাই কিয় বুলি প্ৰশ্ন কৰি যি উত্তৰ পালে, শুনি তাই স্তম্ভিত হৈ গ’ল। এতিয়া কি কৰিব তাই? এফালে বৰজহাৰ বান-পীড়িত ৰাইজ, আনফালে তাইৰ ব্যক্তিগত প্ৰেম। [1]

অভিনয় শিল্পী সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • বেনাৰ- নবাৰুণ ফিল্মচ্ (অসম)
  • কাহিনী, চিত্ৰনাট্য, সংলাপ- নিৰোদ চৌধুৰী
  • শব্দগ্ৰহণ-সতীশ চৌহান, শনিৰাম ডেকা, হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্য, দীপক দত্ত
  • কলা নিৰ্দেশনা- বীৰেন সিংহ
  • ক’ৰিয়’গ্ৰাফী- কমল নাথ[3][1]

সঙ্গীত সম্পাদনা কৰক

পানী ছবিখনৰ গীতৰ ৰচনা, সুৰ আৰু সঙ্গীত ভূপেন হাজৰিকাৰ।[2] আবহ সঙ্গীত জিতু তপনৰ।

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "উত্তৰে পানী দক্ষিণে পানী পূবে পানী পশ্চিমে পানী[4]"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
2. "মই অথাই জলধিৰ মাজলৈ আহিলো সাতুৰি"  ভূপেন হাজৰিকালতা মংগেশকাৰ  
3. "লুইতৰ বলীয়া বান তই কলৈনো ধাপলি মেলিছ[3]"  ভূপেন হাজৰিকাভূপেন হাজৰিকা আৰু সঙ্গীবৃন্দ  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 419. 
  2. 2.0 2.1 "Assamese Movie *Pani*(1995)". http://www.assamesemoviediary.com/.+Archived+from the original on 8 December 2020. https://web.archive.org/web/20201208211524/http://www.assamesemoviediary.com/2019/01/assamese-movie-pani.html। আহৰণ কৰা হৈছে: 29 November 2020. 
  3. 3.0 3.1 3.2 Luitor Boliya Baan, Pani (1995). Youtube. 
  4. "Uttore Pani, Pani (1995) , Bhupen Hazarika". Youtube. https://www.youtube.com/watch?v=thqonLitX7k। আহৰণ কৰা হৈছে: 29 November 2020.