পামিৰ পৰ্বতমালা মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত অৱস্থিত এক পৰ্বতমালা। ই অন্যান্য উল্লেখযোগ্য পৰ্বতমালা যথা টিয়েন শ্বান, কাৰাকোৰাম, কুনলুন, হিন্দুকুশ আৰু হিমালয়ৰ সংযোগস্থলত অৱস্থিত। ই পৃথিৱীৰ অন্যতম ওখ পৰ্বত

পামিৰ পৰ্বতমালা

পামিৰ পৰ্বতমালা
উচ্চতা ৭৬৪৯ m (25,095 ft)
অৱস্থান
স্থানাংক 38°35′39″N 75°18′48″E / 38.59417°N 75.31333°E / 38.59417; 75.31333

পামিৰ পৰ্বতমালাৰ বেছিভাগেই তাজিকিস্তানৰ গৰ্নো-বাদাখছান অঞ্চলত অৱস্থিত। এই পৰ্বতবোৰ চাৰিখন দেশৰ সীমাৰেখাৰে বিস্তৃত হৈ আছে। দক্ষিণে ইয়াৰ লগত আছে আফগানিস্তানৰ বাদাখছান প্ৰদেশৰ ৱাখান কৰিডৰ, পাকিস্তানৰ চিত্ৰাল আৰু গিলগিট-বাল্টিস্তান অঞ্চলৰ হিন্দুকুশ পৰ্বতমালা। পূবে ই চীনৰ কাংগুৰ টাগ [1] ৰ সৈতে এটা পৰ্বতমালালৈ বিস্তৃত হৈ আছে, যাক "পূব পামিৰ" বুলি কোৱা হয়, যিটো কুৱেনলুন পৰ্বতমালাৰ পৰা ইয়াৰকাণ্ড উপত্যকাৰ দ্বাৰা পৃথক হৈছে। ভিক্টোৰিয়ান যুগৰ পৰাই পামিৰ পৰ্বতমালাক "বিশ্বৰ মূধচ" বুলি জনা যায়, সম্ভৱতঃ এয়া পাৰ্চী ভাষাৰ পৰা অনুবাদ কৰা। [2]

পামিৰ পৰ্বতমালা is located in Pamir
পামিৰ
আমু দৰিয়া
হেলমাণ্ড
মানচিত্ৰৰ পৰা দেখা পোৱা পামিৰ, লগতে হিন্দুকুশৰ উত্তৰত পামিৰ পৰ্বতমালাৰ পৰা ওপৰলৈ উঠি অহা আমু দৰিয়া নদী আৰু সমগ্ৰ আফগানিস্তানৰ আটাইতকৈ দীঘল নদী হেলমাণ্ড নদী।

ভূতাত্ত্বিক শব্দ

সম্পাদনা কৰক

পামিৰ অঞ্চলত কেইবাটাও ভিন্ন সংস্কৃতি, জনগোষ্ঠী আৰু ভাষাৰ লোকৰ বাসস্থান। এনে কিছুমান ভাষাত পামিৰ পৰ্বতক বিভিন্ন নামেৰে উল্লেখ কৰা হয়।

ইন্দু-ইউৰোপীয় ভাষাত ইহঁতক কোৱা হয়
  • পশতু ভাষাত پامیر غرونه পামিৰ ঘ্ৰুনা;
  • তাজিক ভাষাত رشته کوه‌های پامیر, Ришта Кӯҳҳои Помир, ৰিচতা কোহহোই পমিৰ;
  • উৰ্দু ভাষাত پامیر کوهستان পামিৰ কোহিস্তান;
  • সংস্কৃত ভাষাত सुमेरु সুমেৰু।

তুৰ্কী ভাষাসমূহত, কোৱা হয়:

  • কিৰ্গিজত پامىر توولورۇ, Памир Тоолору, পামিৰ টুলৰু;
  • উইগুৰ ভাষাত پامىر ئېگىزلىكى, Памир Егизлики, পামিৰ গিজলিকি।

মিডলটন আৰু থমাছৰ মতে "পামিৰ" এটা ভূতাত্ত্বিক শব্দও।[3] পামিৰ হৈছে পাহাৰেৰে আগুৰি থকা সমতল মালভূমি বা U আকৃতিৰ উপত্যকা। হিমবাহ বা বৰফৰ পথাৰ গলি শিলৰ সমভূমি এৰি গলিলে ই গঠন হয়। এটা পামিৰ তেতিয়ালৈকে থাকে যেতিয়ালৈকে খহনীয়াই মাটি গঠন নকৰে আৰু স্বাভাৱিক উপত্যকাবোৰ কাটি পেলায়। এই ধৰণৰ ভূখণ্ড ৱাখানৰ পূব আৰু উত্তৰত আৰু পশ্চিমৰ উপত্যকা আৰু গৰ্জৰ বিপৰীতে গৰ্নো-বদাখছানৰ পূব আৰু দক্ষিণত পোৱা যায়। পামিৰ গ্ৰীষ্মকালীন চৰণীয়া পথাৰত ব্যৱহাৰ কৰা হয়।[3][4]

গ্ৰেট পামিৰ জোৰকুল হ্ৰদৰ আশে-পাশে। ইয়াৰ পূবে ৱাখানৰ সুদূৰ পূবত লিটিল পামিৰ। কাৰাকোৰাম ঘাইপথৰ পশ্চিমে তাছকুৰগান আৰু ৱাখানৰ মাজত তাঘডুম্বাছ পামিৰ। গুণ্ট নদীৰ যশিল কুলৰ আশে-পাশে আলিচুৰ পামিৰ। তাজিকিস্তানৰ মুৰ্গাব চহৰৰ আশে-পাশে অৱস্থিত ছাৰেজ পামিৰ। কাৰকুল হ্ৰদৰ দক্ষিণে খাৰগুছ পামিৰ। আৰু কেবাটাও আছে।

পামিৰ নদী পামিৰৰ দক্ষিণ-পশ্চিমে অৱস্থিত।

পামিৰ্ছৰ মূল তিনিটা উচ্চতম পৰ্বত হ'ল ইছমোইল ছ'মনি শৃংগ (১৯৩২ চনৰ পৰা ১৯৬২ চনলৈ ষ্টেলিন শৃংগ, আৰু ১৯৬২ চনৰ পৰা ১৯৯৮ চনলৈ কমিউনিজম শৃংগ নামেৰে জনাজাত), ৭৪৯৫ মি ইবন চিনা শৃংগ (এতিয়াও বেচৰকাৰীভাৱে লেনিন শৃংগ নামেৰে জনাজাত), ৭১৩৪ মি; আৰু শৃংগ কোৰজেনেভস্কয়া (সাঁচ:লেংক্স, পিক কোৰজেনেভস্কোই),৭৪৯৫ মি[5] পূব পামিৰত ৭৬৪৯ মি সৰ্বাধিক কংগুৰ টাঘ।

পামিৰ পৰ্বতমালাৰ উল্লেখযোগ্য শৃংগসমূহৰ ভিতৰত তলত দিয়া শিখৰসমূহ হ’ল-[6]

নাম উচ্চতা
মিটাৰত
স্থানাংক উপ-পৰ্বতমালা দেশ
কংগুৰ (কুংগুৰ টাঘ) ৭,৬৪৯ (38°35′36″N 75°18′45″E / 38.593428°N 75.312560°E / 38.593428; 75.312560 (Kongur)) কংগুৰ ছান   চীন
কংগুৰ জিউবিয়ে (কুংগুৰ ট্জুবে টাঘ) ৭,৫৩০ (38°36′57″N 75°11′45″E / 38.615833°N 75.195833°E / 38.615833; 75.195833 (Kungur Tjube Tagh)) কংগুৰ ছান   চীন
মুজটাঘ আটা ৭,৫০৯ (38°16′33″N 75°06′58″E / 38.275855°N 75.1161°E / 38.275855; 75.1161 (Muztagata)) মুজটাঘ আটা মচ্চিফ   চীন
ইছমইল ছমনি শৃংগ
(পূৰ্বতে কমিউনিজম শৃৃৃংগ, ষ্টেলিন শৃংগ)
৭,৪৯৫ (38°56′36″N 72°00′57″E / 38.943422°N 72.015803°E / 38.943422; 72.015803 (Ismoil Somoni Peak)) অকাডেমী অৱ চাইন্স ৰেঞ্জ   তাজিকিস্তান
লেনিন শৃংগ
(নতুন নাম: আবু আলী ইবনে চিনো শৃংগ,
পূৰ্বতে কৌফমেন শৃংগ)
৭,১৩৪ (39°20′37″N 72°52′39″E / 39.343724°N 72.877536°E / 39.343724; 72.877536 (Pik Lenin)) ট্ৰান্স-এলয় ৰেঞ্জ   তাজিকিস্তান,
  কিৰগিজস্তান
কৰঝেনেভস্কায়া শৃংগ ৭,১০৫ (39°03′26″N 72°00′35″E / 39.057317°N 72.00983°E / 39.057317; 72.00983 (Peak Korzhenevskaya)) অকাডেমী অৱ চাইন্স ৰেঞ্জ   তাজিকিস্তান
ইণ্ডিপেণ্ডেন্স শৃংগ
(বা কোৱাল্লাই ইষ্টিকলল,
পূৰ্বতে ৰিভল্যুচন পিক, ড্ৰেইস্পিট্জ)
৬,৯৪০ (38°30′36″N 72°21′15″E / 38.51°N 72.354167°E / 38.51; 72.354167 (Independence Peak)) ইয়াজগুলেম ৰেঞ্জ   তাজিকিস্তান
ৰাছিয়া শৃংগ ৬,৮৭৫ (38°53′46″N 72°01′44″E / 38.896°N 72.029°E / 38.896; 72.029 (Russia Peak)) অকাডেমী অৱ চাইন্স ৰেঞ্জ   তাজিকিস্তান
মস্কো শৃংগ ৬,৭৮৫ (38°56′55″N 71°50′04″E / 38.948563°N 71.8344°E / 38.948563; 71.8344 (Moscow Peak)) পিটাৰ আই ৰেঞ্জ   তাজিকিস্তান
কাৰ্ল মাৰ্ক্স শৃংগ ৬,৭২৬ (37°09′45″N 72°28′54″E / 37.1625°N 72.481667°E / 37.1625; 72.481667 (Karl Marx Peak)) শখদৰা ৰেঞ্জ   তাজিকিস্তান
গোৰা কুৰুমডী ৬,৬১৪ (39°27′21″N 73°34′01″E / 39.455812°N 73.566978°E / 39.455812; 73.566978 (Gora Kurumdy)) ট্ৰান্স-এলয় ৰেঞ্জ   তাজিকিস্তান,
  কিৰগিজস্তান
মাউণ্ট গাৰ্মো ৬,৫৯৫ (38°48′39″N 72°04′20″E / 38.810955°N 72.072344°E / 38.810955; 72.072344 (Mount Garmo)) অকাডেমী অৱ চাইন্স ৰেঞ্জ   তাজিকিস্তান
এঞ্জেছ শৃংগ ৬,৫১০ (37°10′18″N 72°31′22″E / 37.171671°N 72.522898°E / 37.171671; 72.522898 (Engels Peak)) শখদৰা ৰেঞ্জ   তাজিকিস্তান
কোহি পামিৰ ৬,৩২০ (37°09′N 73°13′E / 37.15°N 73.21°E / 37.15; 73.21 (Koh-e Pamir)) ৱাখান ৰেঞ্জ   আফগানিস্তান
পিক অৱ দ্য ছোভিয়েট অফিছাৰছ্ ৬,২৩৩ (38°25′26″N 73°18′07″E / 38.424°N 73.302°E / 38.424; 73.302 (Peak of the Soviet Officers)) মুুুঝকল ৰেঞ্জ   তাজিকিস্তান
মায়াকোভস্কি শৃংগ ৬,০৯৫ (37°01′16″N 71°42′54″E / 37.021092°N 71.715138°E / 37.021092; 71.715138 (Mayakovskiy Peak)) শখদৰা ৰেঞ্জ   তাজিকিস্তান
পটখৰ শৃংগ ৬,০৮৩ (37°53′21″N 72°11′21″E / 37.889167°N 72.189167°E / 37.889167; 72.189167 (Patkhor Peak)) ৰুছান ৰেঞ্জ   তাজিকিস্তান
লেইপজিগ শৃংগ ৫,৭২৫ (39°20′53″N 72°28′37″E / 39.348°N 72.477°E / 39.348; 72.477 (Leipzig Peak)) ট্ৰান্স-এলয় ৰেঞ্জ   তাজিকিস্তান,
  কিৰগিজস্তান
স্কালিষ্ট্য শৃৃৃংগ ৫,৭০৭ (37°36′02″N 72°13′37″E / 37.6005°N 72.227°E / 37.6005; 72.227 (Skalisty Peak)) ছুংগনান ৰেঞ্জ   তাজিকিস্তান
ক্যচ্যলডংগি শৃংগ ৫,৭০৪ (37°24′02″N 72°50′37″E / 37.4006°N 72.8435°E / 37.4006; 72.8435 (Kysyldangi Peak)) দক্ষিণ আলিটচুৰ ৰেঞ্জ   তাজিকিস্তান

টীকা: কংগুৰ আৰু মুজতাগাটা গোটৰ শিখৰসমূহ কিছুমান উৎসত কুনলুন পৰ্বতৰ অংশ হিচাপে গণ্য কৰা হয়, যিয়ে ইছমোইল ছমনি শৃৃৃংগক পামিৰৰ সৰ্বোচ্চ শিখৰ কৰি তুলিব।

 
আকাশী যানৰ পৰা পামিৰৰ দৃশ্য

পামিৰ পৰ্বতমালাত বহুতো হিমবাহ আছে, ইয়াৰ ভিতৰত ৭৭ কিলোমিটাৰ (৪৮ মাইল) দীঘল ফেডচেংকো হিমবাহ, পূৰ্বৰ ইউ এছ এছ আৰৰ আটাইতকৈ দীঘল আৰু মেৰু অঞ্চলৰ বাহিৰৰ আটাইতকৈ দীঘল হিমবাহ।[7] পামিৰৰ প্ৰায় ১২,৫০০ কিলোমিটাৰ বৰ্গফুট (প্ৰায় ১০%)[8] হিমবাহৰে আবৃত। দক্ষিণ পামিৰৰ হিমবাহবোৰ দ্ৰুতগতিত পিছুৱাই গৈছে। বাৰ্ষিক পানীৰ দহ শতাংশ পানী দক্ষিণ পামিৰৰ পিছুৱাই যোৱা হিমবাহৰ পৰা উৎপত্তি হোৱাৰ অনুমান কৰা হয়।[8] উত্তৰ-পশ্চিম পামিৰত হিমবাহৰ ভৰৰ ভাৰসাম্য প্ৰায় সুস্থিৰ।[8]

 
বসন্ত কালত পামিৰ পৰ্বতমালাৰ অংশ।

বছৰৰ বেছিভাগ সময় বৰফেৰে আবৃত পামিৰ অঞ্চলৰ শীতকাল দীঘলীয়া আৰু তিক্ত শীতৰ অনুভৱ হয়, আনহাতে গ্ৰীষ্মকাল চুটি, আৰু শীতল, যিটো কপেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি (তুষাৰ ৰেখাৰ ওপৰত ই এফ) ই.টি (টুণ্ড্ৰা জলবায়ু)ৰ সমান। বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ১৩০ মিলিমিটাৰ (৫ ইঞ্চি), ফলত ঘাঁহনি গজি উঠিলেও কিন্তু গছৰ সংখ্যা নগণ্য হোৱা দেখা যায়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Arnaud, N. O.; Brunel, M. (1993). High cooling and denudation rates at Kongur Shan, Eastern Pamir (Xinjiang, China). pp. 1335–1346. doi:10.1029/93TC00767. 
  2. Bliss, Frank (2002-06-01). Social and Economic Change in the Pamirs (Gorno-Badakhshan, Tajikistan): Translated from German by Nicola Pacult and Sonia Guss with support of Tim Sharp. Taylor & Francis. পৃষ্ঠা. 13–14. ISBN 978-0-203-40531-4. https://books.google.com/books?id=IEyTC-_VtAQC. 
  3. 3.0 3.1 This section is based on the book by R. Middleton and H. Thomas: Robert Middleton and Huw Thomas, 'Tajikistan and the High Pamirs', Odyssey Books, 2008
  4. "Aga Khan Development Network (2010): Wakhan and the Afghan Pamir". পৃষ্ঠা: 3. http://www.akdn.org/publications/2010_akf_wakhan.pdf. 
  5. Tajikistan: 15 Years of Independence, statistical yearbook, Dushanbe, 2006, p. 8, in Russian.
  6. "Dominance". www.8000ers.com. https://www.8000ers.com/cms/en/download.html?func=select&id=3। আহৰণ কৰা হৈছে: 6 April 2010. 
  7. In the Karakoram Mountains, Siachen Glacier is 76 km long, Biafo Glacier is 67 km long, and Baltoro is 63 km long. The Bruggen or Pio XI Glacier in southern Chile is 66 km long. Kyrgyzstan's South Inylchek (Enylchek) Glacier is 60.5  km in length. Measurements are from recent imagery, generally with Russian 1:200,000 scale topographic mapping for reference as well as the 1990 Orographic Sketch Map: Karakoram: Sheets 1 and 2, Swiss Foundation for Alpine Research, Zurich.
  8. 8.0 8.1 8.2 Knoche, Malte; Merz, Ralf; Lindner, Martin; Weise, Stephan M. (2017-06-13). "Bridging Glaciological and Hydrological Trends in the Pamir Mountains, Central Asia" (en ভাষাত). Water খণ্ড 9 (6): 422. doi:10.3390/w9060422.