পাল ৰাজবংশ

(পাল বংশৰ পৰা পুনঃনিৰ্দেশিত)

পাল ৰাজবংশ (ইংৰাজী: Pala dynasty (Kamarupa))ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।[1] প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।[1] বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।

কামৰূপ ৰাজ্য
পাল ৰাজবংশ

৯৯০ খ্ৰীষ্টাব্দ–১১৩৮ খ্ৰীষ্টাব্দ
 

 

 

ৰাজধানী দুৰ্জ্জয়া (বৰ্তমানৰ গুৱাহাটী)
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ ৰাজতন্ত্ৰ
মহাৰাজাধিৰাজা ব্ৰহ্মপাল
 - ১০১০ - ১০৪০ খ্ৰীষ্টাব্দ ৰত্নপাল
 - ১০৪০ – ১০৬৫ খ্ৰীষ্টাব্দ ইন্দ্ৰপাল
 - ১০৬৫ - ১০৮০ খ্ৰীষ্টাব্দ গোপাল
 - ১০৮০ – ১০৯৫ খ্ৰীষ্টাব্দ হৰ্ষপাল
 - ১০৯৫ – ১১২০ খ্ৰীষ্টাব্দ ধৰ্মপাল
ইতিহাস
 - স্থাপিত ৯৯০ খ্ৰীষ্টাব্দ
 - পতন ১১৩৮ খ্ৰীষ্টাব্দ
Warning: Value specified for "continent" does not comply

ৰজাসকলসম্পাদনা কৰক

ক্ৰম ৰজা কাৰ্য্যকাল (খ্ৰীষ্টাব্দ)
ব্ৰহ্মপাল ৯৯০ - ১০১০
ৰত্নপাল ১০১০ – ১০৪০
ইন্দ্ৰপাল ১০৪০ - ১০৬৫
গোপাল ১০৬৫ - ‍১০৮০
হৰ্ষপাল ১০৮০ - ১০৯৫
ধৰ্মপাল ১০৯৫ - ১১২০
জয়পাল ১১২০ - ১১৩৮

বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছা অনুসৰি পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমে গোপাল, হৰ্ষপাল, ধৰ্মপাল ৰজা হয়। ৰজা হৈ ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে।[2] ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয়।

পাল বংশৰ পতনসম্পাদনা কৰক

গৌড় ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ২১. 
  2. শান্তনু কৌশিক বৰুৱা (২০১৫). অসম ইয়েৰ বুক ২০১৬. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. 

গ্ৰন্থপঞ্জীসম্পাদনা কৰক

  • Sircar, D. C. The Bhauma-Naraka or the Pala Dynasty of Brahmapala, The Comprehensive History of Assam, ed H. K. Barpujari, Guwahati, 1990.