পিজৌ গাভৰু

ঐতিহাসিক চৰিত্ৰ

পিজৌ গাভৰু (ইংৰাজী: Pijou Gabharu) আহোমৰ ৰাজবিষয়া বদন বৰফুকনৰ কন্যা আছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ পুত্ৰ ওৰেষানাথৰ পত্নী আছিল৷ বুৰঞ্জীত বদন বৰফুকনে অসমলৈ মান অনাত যি উদ্যোগ লৈছিল তাত পিজৌ গাভৰুৰো হাত আছিল বুলি বৰ্ণিত আছে৷

ৰাজনৈতিক প্ৰেক্ষাপট

সম্পাদনা কৰক

আহোম শাসনকালৰ শেষৰ ফালে ৰাজশাসন শিথিল হোৱা যেন পাই বিভিন্ন ঠাইত সৰু সৰু গোটবোৰে বিদ্ৰোহ কৰিবলৈ ধৰে৷ ১৭৯৮ খ্ৰীঃত কামৰূপত দন্দুৱা দ্ৰোহ গঢ়ি উঠে ৷ সেইসময়ত গুৱাহাটীৰ দায়িত্বত থকা বদনচন্দ্ৰ বৰফুকনে এই বিদ্ৰোহ দমনত ব্যৰ্থ হয়৷ ফলত পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে বদনক আঁতৰাই কলিয়া ভোমোৰাক বৰফুকন পাতি বিদ্ৰোহ দমনৰ ভাৰ দিয়ে ৷ তেওঁ নিজাববীয়াকৈ সৈনিক গোটাই বিদ্ৰোহ দমন কৰে ৷ কিন্তু অচিৰেই কলিয়া ভোমোৰাৰ মৃত্যু ঘটাত বদনচন্দ্ৰ পুনৰাই বৰফুকন পদত অধিষ্ঠিত হয় ৷ কলিয়া ভোমোৰাক বৰফুকন পতাৰ কাৰ্য্য তথা নিজৰ বিশ্বাসী বিষয়াসকলক গুৰুত্বপূৰ্ণ বিষয়-বাব দিয়াৰ বাবে বদনৰ মনত পূৰ্ণানন্দৰ প্ৰতি আক্ৰোশৰ ভাৱ জাগি উঠে যদিও ক্ষমতাশালী পূৰ্ণানন্দৰ প্ৰতি প্ৰকাশ্যে বিৰুদ্ধাচৰণ নকৰি ষড়যন্ত্ৰত লিপ্ত হয়৷[1][2]

পিজৌৰ ভূমিকা

সম্পাদনা কৰক

বদন বৰফুকন আছিল পিজৌ গাভৰুৰ দেউতাক৷ সেই সূত্ৰে পূৰ্ণানন্দ আছিল বদনৰ বিয়ৈ৷ ইপিনে চন্দ্ৰকান্তৰ ল’ৰালি কালৰ বন্ধু সতৰাম ৰজাৰ আসৈ পাই চাৰিঙ্গিয়া ফুকন হয়গৈ৷ তেওঁ প্ৰৱল প্ৰতাপী পূৰ্ণানন্দক ভাল নেপাইছিল৷ তেওঁ পূৰ্ণানন্দক আঁতৰাবলৈ ষড়যন্ত্ৰ কৰে৷ বুঢ়াগোহাঞিয়ে এই কথা জানিব পাৰি ৰাজদ্ৰোহৰ অপৰাধত সতৰামক নিৰ্বাসন দিয়ে৷ এই খবৰ পাই বদন বৰফুকন বুঢ়াগোহাঞিৰ ক্ষমতা সম্বন্ধে আশংকাত ভোগে আৰু সতৰামৰ লগত যোগাযোগ কৰে৷ এই কথাৰ সম্ভেদ পাই পূৰ্ণানন্দই বদনক ধৰি আনিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক প্ৰেৰণ কৰে ৷ জীয়ৰী পিজৌয়ে শহুৰেকৰ সিদ্ধান্তৰ কথা স্বামী ওৰেষানাথৰ হতুৱাই এখন চিঠিত লিখি এজন ঘোঁৰাচোঁৱাৰীৰ হাতত বাপেকলৈ প্ৰেৰণ কৰে৷[3] পিজৌৰ পৰা আগতীয়াকৈ বাৰ্তা পাই বদন কলিকতালৈ পলায়ন কৰে ৷ তাত তেওঁ ব্ৰিটিচ গভৰ্ণৰ জেনেৰেলক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷ কিন্তু ব্ৰিটিচ গভৰ্ণৰে সন্মত নোহোৱাত বদনে মানদেশৰ এজন প্ৰতিনিধিৰ লগত মানদেশ পায়গৈ আৰু মান ৰজা বদৌপায়াকো অনুৰোধ জনায় ৷ এইক্ষেত্ৰত বদনৰ সহায় কৰিলে বদৌপায়াৰ আহোম কুঁৱৰী আৰু সম্বন্ধত বদনৰ পেঁহীয়েক ৰঙিলী আইদেৱয়ে ৷ অসম আক্ৰমণৰ সুযোগ বিচাৰি থকা বদৌপায়াই মান্তি হৈ অসমলৈ মানসেনা পঠায়৷[2] অসমলৈ মান সৈন্য অহাত বা অনাত পিজৌ গাভৰুক বহুতে দোষী কৰিব খোজে যদিও এইগৰাকী নাৰীৰ অন্তিম পৰিণতি সম্বন্ধে বুৰঞ্জী নিমাত৷ পিতৃ হিচাপে বদনলৈ আসন্ন বিপদৰ খবৰ দি বদন পলুৱাই পঠিওৱা পিজৌৰ শেষত কি হ’ল কোনোৱে নাজানে৷ [4]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "আৰ্কাইভ কপি". Archived from the original on 2023-02-07. https://web.archive.org/web/20230207141558/http://sangbadprabhat.knowledgebooks.net/2021/07/ahom-dynestry.html। আহৰণ কৰা হৈছে: 2023-02-07. 
  2. 2.0 2.1 গোহাইবৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. ABT Publications. পৃষ্ঠা. ১৪১. 
  3. ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ৫৭৬. ISBN 81-7339-308-7. 
  4. বৰগোহাঁই, ইলা (২০০১). পিজৌ গাভৰু. উদয়ন প্ৰকাশন. পৃষ্ঠা. আগকথা. ISBN 81-87911-04-2.