পিতা-পুত্ৰ (গ্ৰন্থ)
আত্মজীৱনীমূলক উপন্যাস
(পিতা-পুত্ৰৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো হোমেন বৰগোহাঞি ৰচিত উপন্যাসৰ বিষয়ে। একে নামৰ চলচ্চিত্ৰখনৰ বাবে পিতা-পুত্ৰ (চলচ্চিত্ৰ) চাওক।
পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁওখনৰ মানুহৰ জীৱন আৰু গাঁৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে। ১৯৭০ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন লেখকে ১৯৭৫ চনত লিখি শেষ কৰিছিল।[1]
পিতা-পুত্ৰ | |
---|---|
লেখক | হোমেন বৰগোহাঞি |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | উপন্যাস |
প্ৰকাৰ | সামাজিক উপন্যাস |
লেখকৰ চমু পৰিচয়
সম্পাদনা কৰকপ্ৰধান প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।[3]
বঁটা/সন্মান
সম্পাদনা কৰকপিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে হোমেন বৰগোহাঞিদেৱে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ হালৈ, মৃদুল (১৮ ফেব্ৰুৱাৰী,২০১৬). "সাক্ষাৎকাৰ". xahitya.org. http://www.xahitya.org/2016/02/18/homen_borgohain/। আহৰণ কৰা হৈছে: 29 May 2020.[সংযোগবিহীন উৎস]
- ↑ Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
- ↑ Homen Borgohain