পিনাকী চন্দ্ৰ ঘোষ

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

পিনাকী চন্দ্ৰ ঘোষ (জন্ম ২৮ মে ১৯৫২) ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত[3][4] ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।[5] উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ আগতে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত আছিল। ইয়াৰ আগতে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এজন সদস্য। ২০১৯ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু জ্যেষ্ঠ অধিবক্তা মুকুল ৰহোৎগীৰ দ্বাৰা গঠিত বাচনি সমিতিয়ে তেওঁক ভাৰতৰ প্ৰথম লোকপাল হিচাপে চয়ন কৰে। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক ভাৰতৰ প্ৰথম লোকপাল নিযুক্ত কৰে।[6] তেওঁ এই পদত পাঁচ বছৰ কাৰ্যকাল বা ৭০ বছৰ বয়সলৈকে অধিষ্ঠিত থাকিব।

ন্যায়াধীশ

পিনাকী চন্দ্ৰ ঘোষ
ভাৰতৰ প্ৰথম লোকপাল
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯ মাৰ্চ ২০১৯
মনোনয়নকৰ্তা নৰেন্দ্ৰ মোদী
নিয়োগকৰ্তা ৰাম নাথ কোৱিন্দ
পূৰ্বসূৰী পদ সৃষ্টি
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
কাৰ্যকাল
৮ মাৰ্চ ২০১৩ – ২৭ মে ২০১৭[1]
মনোনয়নকৰ্তা আল্টামাছ কবীৰ
নিয়োগকৰ্তা প্ৰণৱ মুখাৰ্জী
ব্যক্তিগত তথ্য
জন্ম ২৮ মে', ১৯৫২ (৭১ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী দেৱযানী ঘোষ
সন্তান সংযুক্তা সাহাই (দুহিতা)
সৌমাভ ঘোষ (পুত্ৰ)
শিক্ষা বি.কম.; এল.এল.বি.; এটৰ্ণি এট ল'
শিক্ষানুষ্ঠান চেইণ্ট জেভিয়াৰ্ছ কলেজ, কলকাতা[2]
ইউনিভাৰ্চিটি কলেজ অফ ল', কলিকতা বিশ্ববিদ্যালয়

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৫২ চনৰ ২৮ মে তাৰিখে কলকাতাত পিনাকী চন্দ্ৰ ঘোষৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ন্যায়াধীশ শম্ভূ চন্দ্ৰ ঘোষ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁ পৰিয়ালৰ পোন্ধৰ প্ৰজন্মৰ অধিবক্তা। তেওঁলোকৰ পৰিয়াল কলিকতাৰ উত্তৰ প্ৰভিন্সৰ জৰাশংকৰ দেৱান বানাৰছী ঘোষৰ বংশৰ আছিল। ১৮৬৭ চনত তেওঁলোকৰ পৰিয়ালৰ হৰ চন্দ্ৰ ঘোষ কলিকতাৰ দেৱানী সদৰ আদালতৰ প্ৰথম গৰাকী ভাৰতীয় মুখ্য বিচাৰপতি আছিল।[7] পিনাকী চন্দ্ৰ ঘোষে কলিকতাৰ চেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা বি.কম. ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটি কলেজ অফ ল'ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

তথ্য উৎস সম্পাদনা কৰক