পুঠি মাছ (ইংৰাজী: swamp barb, chola barb, বৈজ্ঞানিক নাম:Puntius chola) চাইপ্ৰিনিডে পৰিয়ালৰ এবিধ বিষুৱীয় অঞ্চলত পোৱা সতেজ পানীৰ মাছ। এচিয়াৰ নদী, বিল, পুখুৰী আদিত মূলতে উদ্ভুত এই মাছবিধ পাকিস্তান, ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভূটান আৰু ম্যানমাৰত পোৱা যায়। পুঠি মাছ একোটাৰ দৈৰ্ঘ্য ৬ ইঞ্চি (১৫ চেণ্টিমিটাৰ) পৰ্যন্ত আৰু ওজন ৬০ গ্ৰাম (২.১ আউন্স) পৰ্যন্ত হ’ব পাৰে। মাছটোৰ শৰীৰ মজলীয়া চাপযুক্ত আৰু পিছফালৰ অংশটো ঠেক তথা ৰূপালী ৰঙৰ। শৰীৰৰ পৃষ্ঠ উজ্জ্বল ছাইবৰণীয়াৰ পৰা সেউজীয়া ছাইবৰণীয়া। তলৰ অংশটো বগা ৰঙৰ।[1]

পুঠি মাছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Actinopterygii
বৰ্গ: Cypriniformes
পৰিয়াল: Cyprinidae
উপপৰিয়াল: Barbinae
গণ: Puntius
প্ৰজাতি: P. chola
বৈজ্ঞানিক নাম
Puntius chola
(এফ হেমিল্টন, ১৮২২)
পুঠি মাছ থকা দেশসমূহ
সমাৰ্থক
  • Cyprinus chola (Hamilton, 1822)
  • Puntius titius (Hamilton, 1822)
  • Barbus chola (Hamilton, 1822)
  • Capoeta chola (Hamilton, 1822)
  • Barbus titius (Hamilton, 1822)

প্ৰজনন সম্পাদনা কৰক

পুঠি মাছে মুকলি পানীত কণী পাৰে আৰু প্ৰাপ্তবয়স্ক মাছে কণীবোৰ পহৰা নিদিয়ে।

প্ৰজননৰ সময়ত মাছবোৰৰ গাত ৰঙা ৰেখা দেখা যায়।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 ৰাহুল আলী (14 May 2022). "সঠিক পদ্ধতিৰে পুখুৰীত লোকেল পুঠি মাছ পালন". asomiya.krishijagran.com. https://asomiya.krishijagran.com/animal-husbandry/puthi-fish-farming-guide/। আহৰণ কৰা হৈছে: 7 August 2022.