পুৰণি আৰু মধ্যযুগীয় অসম
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
অসমৰ প্ৰাচীন নাম অসম নাছিল। মহাভাৰতত এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ বুলি উল্লেখ আছে[উদ্ধৃতিৰ প্ৰয়োজন]। প্ৰাগজ্যোতিষৰ সীমা পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত থকাৰ কথা পোৱা যায়। কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। প্ৰাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে তেওঁলোকৰ ভিতৰত পুষ্য বৰ্মনেই (৩৫০-৩৮০ খ্ৰী.) প্ৰথম আৰু সেয়ে তেওঁ প্ৰথম ঐতিহাসিক ৰজা বোলা হয়। ভাস্কৰ বৰ্মন আনুমানিক ৫৯৪-৬৫০ খ্ৰী.ত কামৰূপৰ ৰজা হয়। সিংহাসনত আৰোহণ কৰিয়েই তেওঁ নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে। ভাস্কৰ বৰ্মন অবিবাহিত হোৱাৰ বাবে তেওঁৰ মৃত্যুৰ পিছতে (আনু. ৬৫০ খ্ৰী.) বৰ্মন বংশৰ ইতি পৰে।
বৰ্মন বংশৰ পিছত কামৰূপত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি "শালস্তম্ভ" নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভ বংশৰ প্ৰায় কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহ (আনু. ৯৭০-৯৯০ খ্ৰী.) অপুত্ৰক হোৱা বাবে শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আনু. ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে। বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছামতে তেওঁৰ পুত্ৰ ৰত্নপাল (আনু. ১০১-১০৪০ খ্ৰী.) কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পিছত ক্ৰমে ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫), ধৰ্মপাল (১০৯৬-১১২০) ৰজা হয়। ধৰ্মপাল ৰজা হৈয়ে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষৰ পৰা 'কামৰূপ নগৰ'লৈ তুলি নিয়ে। ধৰ্মপালৰ পিছত তেওঁৰ পুত্ৰ জয়পাল (১১২০-১১৩৯) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুৰ পিছতে পালবংশৰ যৱনিকা পৰে।
ইয়াৰ পিছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয় কৰ্ণ, বল্লভদেৱ, পৃথু নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে। পৃথুৰ ৰাজত্ব কালতে ১২০৬ আৰু ১২২৬ চনত মুছলমানে কামৰূপ আক্ৰমণ কৰে। ১২২৮ চনত দিল্লীৰ চুলতান ইলতুতমিছৰ হাতত পৃথুৰ মৃত্যু হয় আৰু তেওঁৰ বংশৰ দুজন ৰজাই কামৰূপ ৰাজত্ব কৰে। এই বংশৰ শেষ ৰজা আছিল সন্ধ্যা (১২৫০-১২৭০ খ্ৰী.)। ইয়াৰ পিছত পুনৰ মুছলমানে কামৰূপ আক্ৰমণ কৰাত সন্ধ্যাই কামৰূপৰ ৰাজধানী 'কামৰূপ নগৰ'ৰৰ পৰা পশ্চিম কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ-কমতা হয় আৰু ইয়াৰ অধিপতিসকলক কমতেশ্বৰ বা কামেশ্বৰ বোলা হয়। সন্ধ্যাৰ পিছত তেওঁৰ পুত্ৰ সিন্ধুৰায় (আনু. ১২৭০-১২৮৫), ৰূপনাৰায়ণ (আনু. ১২৮৫-১৩০০), সিংহধ্বজ (১৩০০-১৩০৫), প্ৰতাপধ্বজ (১৩০৫-১৩২৫) কমতাৰ ৰজা হয়। প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ জীৱিত থকা অৱস্থাতে প্ৰতাপধ্বজৰ ভতিজাক ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) বলেৰে কমতাৰ ৰজা হয়। পিছত তেওঁলোকৰ মাজৰ কমতা ৰাজ্য ভাগ হয়। দুৰ্লভনাৰায়ণৰ (১৩৩০-১৩৫০) মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়্ণ (১৩৫০-১৩৬৫) ৰজা হয়। তেওঁৱেই এই বংশৰ শেষ ৰজা।
চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূৰ্বৰ কমতা ৰাজ্যৰ উত্তৰফাল) শাসন কৰিছিল। আৰিমত্তৰ পিছত ৰত্নসিংহ, শৃতৰংগ আৰু মৃগাংগ নামৰ তিনিজন ৰজাই গৌড় শাসন কৰিছিল। মৃগাংগ নিঃসন্তান হৈ মৃত্যু হোৱাত কমতাৰাজৰ অধিনৰ ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ৰজাই গৌড়ৰ সিংহাসন দখল কৰি এক নতুন খান বা সেন বংশৰ পাতনি মেলে। কিন্তু ঘৰুৱা গৃহ কন্দলৰ সুবিধা লৈ মুছলমানে আক্ৰমণ কৰে আৰু পঞ্চদশ শতিকাৰ শেষৰ ফালে মুছলমানৰ আক্ৰমণে কমতা ৰাজ্য ধ্বংস কৰে।