প্ৰভাতী পখীৰ গান
প্ৰভাতী পখীৰ গান (ইংৰাজী: Prabhati Pokhir Gaan) ১৯৯২ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক মুনিন বৰুৱা। কাহিনী- অমূল্য কাকতিৰ। ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰীয়ে। সংগীত জে পি দাসৰ। প্ৰভাতী পখীৰ গানৰ মাজেৰে নিবনুৱা সমস্যা, দুৰ্নীতি আদি সামাজিক বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠা যুৱপ্ৰজন্মৰ হতাশা আৰু আশাৰ এখন নিৰ্মোহ ছবি অংকন কৰা হৈছে।[1][2]
প্ৰভাতী পখীৰ গান | |
---|---|
![]() | |
পৰিচালক | মুনিন বৰুৱা |
ৰচনা | কাহিনী- অমূল্য কাকতি সংলাপ- মুনিন বৰুৱা, অমূল্য কাকতি |
চিত্ৰনাট্য | মুনিন বৰুৱা, অমূল্য কাকতি |
প্ৰযোজক | বিজয় নাৰায়ণ তিৱাৰী অমৰ নাথ তিৱাৰী |
অভিনয়ত | প্ৰাঞ্জল শইকীয়া তপন দাস মৃদুলা বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | অজান বৰুৱা |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | জে পি দাস |
মুক্তি |
২৭ মাৰ্চ ১৯৯২ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ সম্পাদনা কৰক
‘সেউজপুৰ মিলন সংঘ’- এসময়ৰ কলা-সংস্কৃতিৰ চৰ্চা হৈছিল। কিন্তু এতিয়া সংঘৰ ঘৰটো উৱলি গৈছে। তথাপি তাতেই ডেকা ল’ৰাজাকে আড্ডা মাৰে। কোনোবাই কেৰম খেলে। কেইজনমানে আকৌ গীটাৰত টুংটুঙাই সংগীতৰো চৰ্চা কৰে। চাকৰিৰ দৰ্খাস্ত দি দি ভাগৰি পৰা কোনোবাই আকৌ তাতে আহি অলপ জিৰায়। ছবি পৰিচালক হোৱাৰ সপোন দেখা কোনোবাই আকৌ পেটৰ তাড়নাত ধনী ঠিকাদাৰৰ সহকাৰী ৰূপে কাম কৰে আৰু সংঘলৈ আহি মনৰ দুখখিনি উজাৰি দিয়ে। কেতিয়াবা নিৰাশ হয় তেওঁলোক। কিন্তু তাৰ মাজতে তেওঁলোকে পোহৰৰ সপোন দেখে।[2][1]
অভিনয় শিল্পী সম্পাদনা কৰক
- প্ৰাঞ্জল শইকীয়া
- তপন দাস
- মৃদুলা বৰুৱা
- সঞ্জীৱ হাজৰিকা
- বিদ্যুৎ চক্ৰৱৰ্তী
- পূৰৱী শৰ্মা ভট্টাচাৰ্য
- জয়ন্ত দাস
- মিৰেল কুদ্দুচ
- কুলদা কুমাৰ ভট্টাচাৰ্য
- অৰুণ নাথ
- ডাঃ হাদি আলম বৰা
- ধীৰু ভূঞা
- বাদল দাস
- হেমন্ত দত্ত
- অৰুণ বৰুৱা
- বিউতি সভাপণ্ডিত
- ডাঃ হেমেন বৰ্মণ
- সাধন হাজৰিকা
- ভবেশ দাস
- মীনা কুমাৰী বৰ্মন
- ৰাণা তামুলী
- মঞ্জুলা বৰুৱা
- শম্ভু গুপ্তা
- চাকিৰ হাজৰিকা[1]
সঙ্গীত সম্পাদনা কৰক
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ওৰে ৰাতি অন্ধকাৰত আছিল মোৰ দুৱাৰ বন্ধ" | পাৰ্বতী প্ৰসাদ বৰুৱা | সমৰ হাজৰিকা | |||||||
2. | "ধেমালীৰ আমনি যদি সঁচাকৈ কাহিনী হয়" | হেমন্ত দত্ত | সন্ধ্যা মেনন | |||||||
3. | "দেহাৰ ভৰষা নাই জীৱ থাকে সৰ্বদাই" | হেমন্ত দত্ত | কুল বৰুৱা, সন্ধ্যা মেনন | |||||||
4. | "ঘোৰ এন্ধাৰ চৌদিশে ঘোৰ এন্ধাৰ ছিদ্ৰহীন এক মাজনিশা" | হেমন্ত দত্ত | সমৰ হাজৰিকা | |||||||
5. | "প্ৰণাম জনাও ফাগুণ তোমাক যৌৱন জোনাক ওপচে য’ত" | হেমন্ত দত্ত | সমৰ হাজৰিকা | |||||||
6. | "সমদলে দৃঢ়তাৰে আগবাঢ়ি গঢ়ি যাম প্ৰতিভাৰে দেউল আমি" | হেমন্ত দত্ত | সমৰ হাজৰিকা, জে পি দাস, সন্ধ্যা মেনন, শ্বাশ্বতী বটব্যাল, জিণ্টি দাস |
তথ্যউৎস সম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 379.
- ↑ 2.0 2.1 Borgohain, Dimpul (28 October 2018). "‘ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত মৰাশত শগুণ পৰা দি নপৰিব…’". Asomiya Pratidin. https://www.asomiyapratidin.in/prabhati-pakhir-gaan-an-assamese-movie-giff/। আহৰণ কৰা হৈছে: 11 July 2021.