কুলদা কুমাৰ ভট্টাচাৰ্য
কুলদা কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Kulada Kumar Bhattacharjee, জন্ম: ১৯৩৩) অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।[1] লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত তেখেত অন্যতম।[2] তেখেতে ১৯৬০ চনৰ মাজভাগত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰে[2] আৰু অসমৰ থিয়েটাৰী মঞ্চৰ তেখেত এগৰাকী জেষ্ঠ অভিনেতা।[3]বহুবছৰ লণ্ডনত থাকি অহা বাবে তেখেতে সলসলিয়াকৈ ব্ৰিটিছ ইংলিচ ক'ব পাৰিছিল। ইয়াৰ উপৰিও তেখেতৰ অসমীয়া, বঙালী আৰু হিন্দী ভাষাত দখল আছিল। তেখেত এগৰাকী সফল আবৃত্তিকাৰো।[4] ভট্টাচাৰ্য ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (জ্যোতি চিত্ৰবন)-ৰ প্ৰতিষ্ঠাপক সঞ্চালক।[5] ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে তেখেত দুবাৰকৈ জুৰীৰ সদস্য নিৰ্বাচিত হৈছিল। ২০১৮ চনত তেখেতক প্ৰাগ চিনে এৱাৰ্ডে নৰ্থ ইষ্টৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে।[5]কুলদা কুমাৰ ভট্টাচাৰ্য এগৰাকী কীৰ্ত্তি গদ্য লেখকো। কাকত আলোচনীত চিনেমা, ক্ৰীড়া বিষয়ক বিভিন্ন প্ৰবন্ধ লিখাৰ উপৰিও তেখেতে কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে।
কুলদা কুমাৰ ভট্টাচাৰ্য | |
---|---|
২০১৫ চনতকুলদা কুমাৰ ভট্টাচাৰ্য | |
জন্ম | ১৮ আগষ্ট ১৯৩৩ (২ ভাদ ১৮৫৫ শক) যশোবন্ত ৰ'ড, পাণবজাৰ, গুৱাহাটী, অসম |
বাসগৃহ | ৰিহাবাৰী, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | এম এ, লণ্ডনফেৰৎ |
পেচা | শিল্পী |
জনা যায় | অভিনেতা, পৰিচালক, লিখক, অনাতাঁৰ শিল্পী |
উল্লেখযোগ্য কৰ্ম | শকুন্তলা, লটিঘটি, চিকমিক বিজুলী, ভিলেজ ৰকষ্টাৰ্ছ ইত্যাদি |
গৃহস্থান | গুৱাহাটী |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | অবিবাহিত |
পিতৃ-মাতৃ | কালীপ্ৰসন্ন ভট্টাচাৰ্য, কমলা দেৱী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | প্ৰাগ চিনে এৱাৰ্ড, অপ্সৰা বঁটা, নিৰোদ চৌধুৰী জীৱনজোৰা সাধনা বঁটা ইত্যাদি |
জন্ম, পৰিয়াল আৰু শিক্ষা
সম্পাদনা কৰকপাণবজাৰ যশোৱন্ত ৰ'ড নিবাসী অধিবক্তা কালিপ্ৰসন্ন ভট্টাচাৰ্যৰ ঔৰষত ১৯৩৩ চনৰ ১৮ আগষ্ট তাৰিখে কুলদা কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়। মাতৃ কমলা দেৱী।[6][4] পিতৃ মাতৃ দুয়োৰে জন্ম শ্ৰীহট্ট জিলাত। চিলেট তেতিয়া অসমৰ অন্তৰ্গত আছিল। ভট্টাচাৰ্য আছিল মাক-দেউতাকৰ তৃতীয় সন্তান। জন্মসূত্ৰে তেখেতৰ দুজন ককায়েক আৰু দুগৰাকী সহোদৰা।[6]
তেখেতে ১৯৪৬ চনত মেট্ৰিকুলেচন পৰীক্ষা আৰু কটন কলেজৰ পৰা বি এ পাছ কৰে। তেখেতে এম এ পাছ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। অনাৰ্চ আছিল বুৰঞ্জী বিষয়ত।[3][4][2] লণ্ডন আৰু জাৰ্মানীত তেখেতে মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।
কৰ্মজীৱন
সম্পাদনা কৰকনাটক আৰু আবৃত্তিৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ বাবে তেখেতে ছয় বছৰ বয়সতে মঞ্চত ভৰি থৈছিল। কলেজত পঢ়ি থকা সময়ত হেমাংগ বিশ্বাসৰ নেতৃত্বত তেখেত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে।[4] গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতো ভট্টাচাৰ্য আই টি পি এ আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰণে নাটক কৰাত ব্যস্ত আছিল। লীডচত এম বি এ পঢ়িবলৈ গৈ গণিত বিষয়ত থকা দুৰ্ব্বলতাৰ বাবে ছীট নাপাই কুলদা কুমাৰ ভট্টাচাৰ্যই দেউতাকৰ উপদেশ অনুসৰি থিয়েটাৰত পেচাদাৰী শিক্ষা লোৱাৰ সিদ্ধান্ত লয়। ১৯৬০ চনত লণ্ডনৰ 'নিউ এৰা একাডেমি অব্ ড্ৰামা এণ্ড মিউজিক'ৰপৰা অভিনয় আৰু মঞ্চকলা বিষয়ত ছবছৰীয়া ডিপ্ল'মা[2][5] কৰি উঠি প্ৰডাকচন ডিজাইনত ব্ৰিটিছ ড্ৰামা লীগৰপৰা তিনি সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰে।[3] সেইখিনি সময়তে তেখেতে লণ্ডনত এখন কিতাপৰ দোকানত বিক্ৰেতাৰূপে কাম কৰিছিল। তেনেতে বিবিচিৰ বঙালী শাখাত কাম কৰাৰ সুবিধা পায়। বিবিচিত কৰ্মৰত কালতে তেখেতে ভাৰতীয় টেলিভিচনত ঘোষকৰ পদৰ বাবে আবেদন কৰে কিন্তু বিফল হয়। দেশলৈ উভতি গৈ কাম কৰাত অসফল হৈ টেলিভিচন বিষয়ত পাঠ্যক্ৰম পঢ়াৰ মন মেলে আৰু সেইসূত্ৰে তেখেত ১৯৬০ চনত জাৰ্মানীৰ হামবুৰ্গলৈ যায় আৰু তাত Nordlund Westdeutsche Rundfunk and Fernsehenৰপৰা টেলিভিছন ডিৰেকচন আৰু ভিছন মিক্সিং বিষয়ত শিক্ষা গ্ৰহণ কৰে।[2][5] যথেষ্ট অভিজ্ঞতাসম্পন্ন হৈ ১৯৬১ চনত ভট্টাচাৰ্য ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীত এটা ইংৰাজ নাট্য গোষ্ঠীৰ লগত কাম কৰে। এইখিনি সময়ত তেখেতে হবিব তনবীৰ, সুষমা শেঠৰ সৈতে কাম কৰাৰ সুবিধা পায়। লণ্ডনত লগ পোৱা এজন বন্ধুৱে ভট্টাচাৰ্যক আকাশবাণীৰ সহকাৰী কেন্দ্ৰ সঞ্চালকৰ সৈতে চিনাকি কৰি দিয়ে আৰু তাত তেখেতে আমেৰিকাৰপৰা সম্প্ৰচাৰ হোৱা অনুষ্ঠানৰ বাঙালী ৰেকৰ্ডিং কৰাৰ কাম পায়।[3]
১৯৬২ চনত কুলদাকুমাৰ ভট্টাচাৰ্য অসমলৈ ঘূৰি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰ্যবাহী প্ৰযোজক (নাটক) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।[3] আকাশবাণীৰ কাৰ্যবাহী প্ৰযোজক ৰূপে তেখেতে শ্ব্যেক্সপীয়েৰৰ হেমলেটকে ধৰি কেইবাখনো প্ৰখ্যাত নাটকৰ অনাতাঁৰ প্ৰচাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰে।[4]
চলচ্চিত্ৰ
সম্পাদনা কৰককুলদা কুমাৰ ভট্টাচাৰ্যই অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহ হ'ল:[3]
বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | স্বীকৃতি |
---|---|---|---|
১৯৬১ | শকুন্তলা | ভূপেন হাজৰিকা | নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
১৯৬৬ | লটিঘটি | ভূপেন হাজৰিকা | দ্বাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
১৯৬৯ | চিকমিক বিজুলী | ভূপেন হাজৰিকা | |
১৯৯২ | প্ৰভাতী পখীৰ গান | মুনিন বৰুৱা | |
২০১১ | ৰামধেনু | মুনিন বৰুৱা | |
২০১৩ | সূৰ্যাস্ত | প্ৰদ্যুৎ কুমাৰ ডেকা | ফিল্মফেয়াৰ বঁটালৈ মনোনয়ন |
২০১৬ | দিকচৌ বনত পলাশ | সঞ্জীৱ সভাপণ্ডিত | ৬৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত নাৰ্গিচ দত্ত বঁটা |
২০১৬ | কেকটাছ | অৰূপ মান্না[5] | |
২০১৭ | মাজ ৰাতি কেতেকী | সান্ত্বনা বৰদলৈ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-স্পেচিয়েল মেনচন (আদিল হুছেইনলৈ) |
২০১৭ | ভিলেজ ৰকষ্টাৰ্ছ | ৰীমা দাস | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ভাৰতৰপৰা অস্কাৰলৈ মনোনয়ন আৰু বহুতো |
২০২১ | ক্ষণচৰ | সৌৰভ বৈশ্য | |
২০২২ | হাতী বন্ধু | কৃপাল কলিতা | শ্ৰেষ্ঠ ভইচ অ’ভাৰৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
দূৰদৰ্শন
সম্পাদনা কৰকভট্টাচাৰ্যই দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছে। তাৰে ভিতৰত তেখেতৰ দ্বাৰা পৰিচালিত, ঈশান বৰুৱা, সান্ত্বনা বৰদলৈ, মিণ্টু বৰুৱা, নিকুমণি বৰুৱা অভিনীত ধাৰাবাহিক "তেজাল ঘোঁৰা" উল্লেখযোগ্য। ১৯৯৪ চনত নিৰ্মিত '"তেজাল ঘোঁৰা"'[2] আজিৰ তাৰিখলৈকে এখন সৰ্বোত্তম অসমীয়া ধাৰাবাহিক। "তেজাল ঘোঁৰা"ৰ উপৰিও তেখেতে অভিনয় আৰু পৰিচালনা কৰা টেলি চিৰিয়েল হ'ল-[4]
তথ্যচিত্ৰ
সম্পাদনা কৰকতেখেতে ৩৫ খনতকৈও অধিক তথ্যচিত্ৰ আৰু ছুটী ছবি নিৰ্মাণ কৰিছিল।[4] তাৰে কেইখনমান হ'ল-[7]
- ‘Delightful Nature’ (১৯৭২),
- ‘Pride of Nature’ (১৯৭২),
- ‘Mopin’ (১৯৭৩)
- ‘Elephant Befriended’ (১৯৭৪)
- ‘Men Behind Metal’ (১৯৭৫)
- ‘Danger Ahead’ (১৯৭৬)
নাটক
সম্পাদনা কৰককুলদা কুমাৰ ভট্টাচাৰ্যই ১৯৬০ চনত 'অসম জাতীয় নাট্যশালা' প্ৰতিষ্ঠা কৰে। প্ৰখ্যাত নাট্যকাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ' নাটক, ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল। শৈশৱত তেখেতে কবিগুৰুৰ 'ডাকঘৰ' নামৰ নাটকখনত অমল নামৰ চৰিত্ৰটোত অভিনয় কৰি অমল বুলি জনাজাত হৈ পৰিছিল। দিল্লীত থকাৰ সময়ত এক্সটাৰনেল এফেয়াৰ্চৰ এচিচটেণ্ট ষ্টেচন ডিৰেক্টৰ শৈলেন্দ্ৰ শংকৰৰ উৎসাহ আৰু তাগিদাত তেখেতে বহুকেইখন নাটকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।[1] তেখেতে অভিনয় কৰা উল্লেখযোগ্য নাটকসমূহ হ'ল-
ভাৰতীয় গণনাট্য সংঘৰ লগত[2]
সম্পাদনা কৰক- নতুন ইহুদী (সলিল সেনৰ)
- মশাল (দ্বিগেন্দ্ৰচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ)
- ৰক্তকৰবী (ৰবীন্দ্ৰনাথ ঠাকুৰৰ)
ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে[2]
সম্পাদনা কৰকস্বীকৃতি আৰু সন্মান[3]
সম্পাদনা কৰক- তৰুণ দুৱৰা মেম'ৰিয়েল অইল ইণ্ডিয়া বঁটা
- নিৰোদ চৌধুৰী জীৱনজোৰা সাধনা বঁটা
- জীৱন ৰাম মুংগি দেৱী গোৱেংকা চেৰিটেবল ট্ৰাষ্টৰপৰা স্বীকৃতি
- অপ্সৰা বঁটা
- ২০১৬ চনত জিপ্লাচ থিয়েটাৰ মহোৎসৱত 'লাইফ ইন আ থিয়েটাৰ এৱাৰ্ড' প্ৰদান।[8]
- ২০১৮ চনত প্ৰাগ চিনে এৱাৰ্ডৰ নৰ্থ ইষ্টৰ জীৱনজোৰা সাধনা বঁটা[5]
- ২০২৩ চনত শ্ৰেষ্ঠ ভইচ অভাৰৰ বাবে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ।[9] ( তথ্যচিত্ৰ: হাতীবন্ধু, পৰিচালক:কৃপাল কলিতা, ইংৰাজী ধাৰা বিৱৰণী: কুলদা কুমাৰ ভট্টাচাৰ্য, অসমীয়া ধাৰা বিৱৰণী: নয়ন প্ৰসাদ )
বাহ্যিক সংযোগ
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "অসমৰ-নাট্য-জগতৰ মহীৰূহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ". ১৫ জানুৱাৰী, ২০১৯. http://www.xahitya.org/2019/01/15/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A7%8D%E0%A6%AF-%E0%A6%9C%E0%A6%97%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A6%A4%E0%A7%83%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0/। আহৰণ কৰা হৈছে: 4 May 2020.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 সম্পাদনা: শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কুলদাকুমাৰ ভট্টাচাৰ্য. কথা প্ৰকাশন. ISBN ৮১-৮৯১৪৮-১৪-১.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 আয়ুষ্মান দত্ত (২ ফেব্ৰুৱাৰী). "কুলদা কুমাৰ ভট্টাচাৰ্য". https://aiyushmandutta.wordpress.com/tag/kulada-kumar-bhattacharjee/। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 4.6 পৰেশ মালাকাৰ, দুদুলমণি শৰ্ম্মা (২০১২). আমাৰ শৈশৱ, প্ৰথম খণ্ড. অন্বেষা. পৃষ্ঠা. ২৪৯, ৫০. ISBN ৮১-৮৯০০৩-৬০-৭.
- ↑ 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 সমীৰ ৰঞ্জন গোস্বামী (২৬ মে' ২০১৮). "কুলদা কুমাৰ ভট্টাচাৰ্য". প্ৰাগজ্যোতিকা: ৪৩, ৪৪.
- ↑ 6.0 6.1 কুলদা কুমাৰ ভট্টাচাৰ্য (এপ্ৰিল-ছেপ্টেম্বৰ, ২০১৮). ল'ৰালিতে-ধেমালিতে, আত্মকথা. সঞ্জীৱ পল ডেকা. পৃষ্ঠা. ২২৫.
- ↑ "কুলদা কুমাৰৰ নাটেশ্বৰী আৰু চিনেমাৰ আঁৰৰ কবিতা". ড্যা নিউ লীম. ৩/৫/২০১৯. https://thenewleam.com/2019/05/kulada-kumars-naateshwari-and-the-poetry-behind-cinema/। আহৰণ কৰা হৈছে: 5 May 2020.
- ↑ "কুশলী অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ লাইফ ইন আ থিয়েটাৰ বঁটা". https://thenewsmill.com/.+২১ ছেপ্টেম্বৰ, ২০১৬. https://thenewsmill.com/veteran-actor-kulada-bhattacharjee-awarded-life-theatre-award/। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ "ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা". অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক. ২৪ আগষ্ট, ২০২৩. https://www.asomiyapratidin.in/national/69th-national-film-awards-announced। আহৰণ কৰা হৈছে: ২৫ আগষ্ট, ২০২৩.