চ্যু-ণেণ-ফা
চাওফা চ্যু-ণেণ-ফা বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ শিৱ সিংহৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।[1] স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল। ১৭৪৫ চনত এওঁ পুনৰায় জমিৰ জৰীপ কৰায় আৰু মানুহৰ পিয়ল কৰায়। ৰজাৰ কাৰেংঘৰ এওঁ পকী কৰে।[1] ১৭৪৬ চনত প্ৰমত্ত সিংহই ৰংপুৰত ৰংঘৰ নিৰ্মাণ কৰে। এই ৰংঘৰৰ সন্মুখৰ বহল পথাৰত বিহু-নাচ, ম’হ-যুঁজ, হাতী-যুঁজ আদি নানা ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হৈছিল। ৰজা আৰু ডা-ডাঙৰীয়া সকলে ৰংঘৰৰ ওপৰৰ পৰা সেই ধেমালি উপভোগ কৰিছিল।[1]
চাওফা চ্যু-ণেণ-ফা | |
---|---|
চাওফা | |
১৭৪৪–১৭৫১ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-ণেণ-ফা | |
বাসগৃহ | ছ্যু ফৈদ, আহোম ৰাজবংশ |
ধৰ্ম | হিন্দু ধৰ্ম |
প্ৰমত্ত সিংহই ৰাজত্ব কালত বিভিন্ন দৌল আৰু অট্টালিকা নিৰ্মাণ কৰিছিল। গুৱাহাটীত শুক্লেশ্বৰ দেৱালয় আৰু উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় এইজন ৰজাই নিৰ্মাণ কৰিছিল।[1] ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত হাজোত এটা গণেশ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহৰ মৃত্যু হয়।[1]
লগতে চাওকসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- Baruah, S L (1993), Last Days of Ahom Monarchy: A History from 1769 to 1826, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi.