প্ৰসন্নলাল চৌধুৰী (ইংৰাজী: Prasannalal Choudhury) (১৮৯৮-১৯৮৬)বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক আছিল। তেওঁ সাপ্তাহিক কাকত প্ৰকাশৰ সম্পাদক আছিল। তেওঁ এগৰাকী চিকাৰী আৰু সু-অভিনেতাও আছিল। প্ৰধানকৈ কবি হিচাপে তেওঁ বিদ্ৰোহী কবি নামেৰেহে জনাজাত আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ লিখা মেলা কৰিছিল।অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনৱদ্য বৰঙণিৰ বাবে অসম সাহিত্য সভাই ৪৫ তম গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাত তেওঁক সভাপতিৰ পদত বৰণ কৰিছিল।[1]

প্ৰসন্নলাল চৌধুৰী
জন্ম ১৮৯৮ চন
পলাশবাৰী, গুৱাহাটী, অসম
মৃত্যু ১৯৮৬ চন
পেচা শিক্ষক, কবি, গল্পকাৰ, প্ৰবন্ধকাৰ,নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

প্ৰসন্নলাল চৌধুৰী দেৱৰ ১৮৯৮ চনৰ ৭ ডিচেম্বৰত কামৰূপ জিলাৰ পলাশবাৰীত জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল শ্যামলাল চৌধুৰী আৰু মাকৰ নাম আছিল প্ৰমীলা চৌধুৰী। প্ৰাথমিক শিক্ষাৰ আৰম্ভনি পলাশবাৰীতে হৈছিল। পাছত ১৯১৯ চনত যোৰহাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৮ চনত চৌধুৰীয়ে কলিকতাৰ ছেণ্ট পল মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ন হয়।[1]

কৰ্মজীৱন

সম্পাদনা কৰক

প্ৰশন্নলাল চৌধুৰীয়ে কেইবাখনো বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৬৫ চনত তেওঁ বৰপেটা বিদ্যাপীঠৰ পৰা প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে। তাৰো পৰি তেওঁ কিছুদিন অসম চৰকাৰৰ প্ৰচাৰ বিভাগৰো চাকৰিয়াল আছিল।[1]

সাহিত্যিক অৱদান

সম্পাদনা কৰক

কবিতা পুথি

১)অগ্নিমন্ত্ৰ (১৯৫০)

২)চানেকি (১৯৬৫)

৩) কণ্টক উপহাৰ

গীতৰ পুথি

১) গুঞ্জৰী

২) ৰঙ্গে ফাগু খেলে(১৯৭৭)

নাটক

১) নীলাম্বৰ (১৯৩৩)

২) চুলতানা ৰেজিয়া(১৯৪৯)

৩)ৰণজিৎ সিংহ(১৯৪৯)

৪)বাৰিষাৰ ৰঙা ৰ'দ(১৯৫৯, অনাতাঁৰ নাট)

৫)অপেশ্বৰী (১৯৬১, কাব্য-নাটক)

গল্পসংকলন

১) মধুৰ-বিপাক (১৯৮১)

চিকাৰ কাহিনী

১) চিকাৰ-নিকাৰ (১৯৮৮)

শিশু সাহিত্য

১)আমাৰ দেশৰ সাধু (১৯৫৬)

২)জাতিৰ ফুল(১৯৬৭)

৩)মৌচাক (১৯৯৫)

৪)তেজৰ অৰিহণা

৫)ৰাণা প্ৰতাপ

অন্যান্য গ্ৰন্থ

সম্পাদনা কৰক

১. সম্পাদনা

  • মাধৱ কন্দলীৰ ৰামায়ণ(১৯৪১)
  • প্ৰকাশ(সাপ্তাহিক বাতৰিকাকত,১৯৫১)

২. স্মৃতিচাৰণ গ্ৰন্থ

  • স্মৃতিৰ সঁফুৰা (১৯৯৭)

বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীদেৱৰ ১৯৮৬ চনৰ ২০ জানুৱাৰী তাৰিখে দেহৱসান ঘটে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১৩৪, ১৩৫. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক