প্ৰাৰ্থনা সমাজ

ভাৰতৰ বোম্বাইত আৰম্ভ হোৱা এটা সামাজিক আৰু ধৰ্মীয় আন্দোলন

প্ৰাৰ্থনা সমাজ (ইংৰাজী: Prarthana Samaj বা Prayer Society) আছিল ভাৰতবোম্বাইত আৰম্ভ হোৱা এটা সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াৰ ভেটি আছিল পূৰ্ববৰ্তী সংস্কাৰ আন্দোলনসমূহ। প্ৰাৰ্থনা সমাজৰ গুৰি ধৰে দাদোবা পাণ্ডুৰাং আৰু তেখেতৰ ভ্ৰাতৃ আত্মাৰাম পাণ্ডুৰাঙে, ১৮৬৩ চনত। কেশৱ চন্দ্ৰ সেনে সেইখিনি সময়তে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল আৰু জনগণক একেশ্বৰবাদী উপাসনাত বিশ্বাসী কৰিবলৈ লক্ষ্য বান্ধি লৈছিল। মহাদেৱ গোবিন্দ ৰাণাডেই এই আন্দোলনত যোগদান কৰাৰ পাছত অনুষ্ঠানটিৰ জনপ্ৰিয়তা বাঢ়িছিল। ইয়াৰ মূল সংস্কাৰকসকল আছিল হিন্দুধৰ্মীয় সামাজিক ব্যৱস্থাটোৰ সংশোধন কৰিব বিচৰা কেইগৰাকীমান বুদ্ধিজীৱী। তেলুগু সংস্কাৰক আৰু লেখক কান্দুকাৰী ৱিৰাছালিংগামৰ জৰিয়তে এই আন্দোলন দক্ষিণ ভাৰতৰ দিশে প্ৰসাৰিত হৈছিল।

প্ৰাৰ্থনা সমাজ মন্দিৰ, ১৮৭৪ আৰু ১৯২২
প্ৰাৰ্থনা সমাজৰ পুৰণি সদস্য

বংগত সমান্তৰাল গতিত চলি থকা ব্ৰাহ্ম সমাজ, যুক্তিবাদ অথবা ঈশ্বৰবাদী বিশ্বাস, আৰু সামাজিক সংস্কাৰৰ বিপৰীতে প্ৰাৰ্থনা সমাজৰ অনুগামীসকল আছিল নামদেৱ আৰু তুকাৰামৰ দৰে মাৰাঠী ধৰ্মীয় সন্তৰ অনুসৰণকাৰী। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতাসকলে পৃথিৱীৰ বহুতো ধৰ্ম পৰীক্ষা-নিৰীক্ষা কৰিছিল। তাৰে ভিতৰত বৈদিক লিপিও আছিল আৰু সেইসমূহৰ অখণ্ডতা আৰু নৈসৰ্গিকতা নাকচ কৰা হৈছিল। যদিও প্ৰাৰ্থনা সমাজৰ অনুগতসকল পৰম ঈশ্বৰবাদী হিচাপে পৰিগণিত হৈছিল, তেওঁলোকেও পিছে বেদক অখণ্ড আৰু স্বৰ্গীয় বুলি গণ্য কৰা নাছিল। হিন্দু ধৰ্মগ্ৰন্থৰ দ্বাৰা তেওঁলোক সমৃদ্ধ হৈছিল আৰু প্ৰাৰ্থনাসমূহত পুৰণি মাৰাঠী স্তোত্ৰ ব্যৱহাৰ কৰিছিল।[1] তেওঁলোকৰ ধাৰণাসমূহক ৱিত্থিলাৰ ভক্তিবাদী কাব্যৰ লগত সম্পৃক্ত কৰিব পাৰি।[2][3] মাৰাঠী কবিসকলে মোগলৰ বিৰুদ্ধে এক প্ৰতিবাদী আন্দোলনৰ ভেটি তৈয়াৰ কৰিছিল। ধৰ্মীয় দৃষ্টিকোণৰ বাহিৰেও, প্ৰাৰ্থনা সমাজৰ মূল লক্ষ্য আছিল সামাজিক আৰু সাংস্কৃতিক সংস্কাৰ।

তথ্যউৎসসম্পাদনা কৰক