পৰিণাম (ইংৰাজী: Parinam ) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। বিজয় ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল প্ৰবীণ বৰা[1]

পৰিণাম
Parinam

ছবিৰ পোষ্টাৰ
পৰিচালক প্ৰবীণ বৰা
প্ৰযোজক প্ৰবীণ বৰা
অভিনয়ত ইভা আচাও
ইফতিকাৰ আহমেদ
চিত্ৰগ্ৰহণকাৰী প্ৰভাত ঘোষ
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
১৩ চেপ্তেম্বৰ ১৯৭৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

দুই সন্তান জীৱন আৰু ৰবীনত উচ্চশিক্ষাৰে শিক্ষিত কৰি মানুহ কৰি তোলাৰ সপোন দেখিছিল হৰেন্দ্ৰই। কিন্তু এদিন এই পৃথিৱীৰ মায়া এৰি তেওঁ গুছি গ.ল। ভাগ্যৰ সৈতে সংগ্ৰাম কৰি দুই সন্তানৰ সৈতে জীয়াই থাকিল হৰেন্দ্ৰৰ বিধবা পত্নী প্ৰতিভা। খলনায়কৰ অত্যাচাৰত জীৱন আৰু ৰবীন জৰ্জৰিত হৈ পৰিল। ছবিখনৰ নায়িকা মমী বৰুৱা; অগাধ সম্পত্তিৰ গৰাকিনী। সেই সম্পত্তিতো খলনায়কৰ লোলুপ চকু। মমীৰ সম্পত্তি হাত কৰিবলৈও চলিল ষড়যন্ত্ৰ। কিন্তু সকলো বেয়া কামৰে এটা শেষ আছে, আছে এক পৰিণাম। খলনায়কেও অৱশেষত কৰিবলগীয়া হৈছে পাপৰ প্ৰায়শ্চিত্ত।[1]

অভিনয়-শিল্পী সম্পাদনা কৰক

  • ইভা আচাও
  • ইলা কাকতি
  • ইফতিকাৰ আহমেদ
  • জুনু বৰুৱা
  • জেইবা মমতাজ
  • প্ৰবীণ বৰা
  • সত্যেন চৌধুৰী, চিৰাজুল ইচলাম, প্ৰদীপ ভূঞা, নীনা, ভোলা কাকতি, তৰুণ দুৱৰা, নিমাই বৰুৱা আদি।[1]

কলা-কুশলী সম্পাদনা কৰক

(তথ্যছ’কত নথকা)
  • বেনাৰ- বিজয় ফিল্মচ
  • শব্দ গ্ৰহণ- অৱণী চেতাৰ্জী
  • দৃশ্যসজ্জা- তৰুণ সন্দিকৈ, হেমেন দাস[1]

সংগীত সম্পাদনা কৰক

সঙ্গীত পৰিচালনা ৰমেন বৰুৱাৰ। গীত লিখিছিল সতীশ দাস আৰু নৱকান্ত বৰুৱাই। কণ্ঠ দ্বীপেন বৰুৱা আৰু নীলিমা খাতুনৰ।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "মানুহৰ এই পৃথিৱী কিযে মোহনীয়া ছবি"  সতীশ দাসদ্বীপেন বৰুৱা  
2. "বনে বনে আজি বনৰীয়া ফুলে সজালে অননি বননি"  সতীশ দাসদ্বীপেন বৰুৱা, নীলিমা খাতুন  
3. "মন যদি নিদিলা হৃদয় কিয় ভুলালা"  নৱকান্ত বৰুৱাদ্বীপেন বৰুৱা  
4. "ধুলিৰ কণাৰ কাৰণে আকাশ নীলা, ধুলিৰ বাবেই মেঘে মেঘে এই নীলা"  নৱকান্ত বৰুৱাদ্বীপেন বৰুৱা, নীলিমা খাতুন  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 222. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 201.