ফাৰ্ডিনেণ্ড মেগালান (পৰ্টুগীজ ভাষাত /məˈɡɛlən/[1]) এজন পৰ্টুগীজ অভিযাত্ৰী আছিল যিয়ে ১৫১৯-২২ চনৰ ভিতৰত স্পেনিচ ৰজাৰ অধীনত ইষ্ট ইণ্ডিজলৈ এক অভিযানৰ আয়োজন কৰিছিল, যি আছিল পৃথিৱীৰ সমগ্ৰ বৃত্তাকায় সামৰি লোৱা প্ৰথমটো সফল অভিযান।

ফাৰ্ডিনেণ্ড মেগালান
জন্ম ১৪৮০
ছাব্ৰছা, পৰ্টুগাল
মৃত্যু ১৩ ফেব্ৰুৱাৰী, ১৫২১
লাপু-লাপু চহৰ, ফিলিপাইনছ
সমাধিস্থল ছান ল'ৰেঞ্জ' গীৰ্জা, ভেনিছ
45°26′14″N 12°20′44″E / 45.4373°N 12.3455°E / 45.4373; 12.3455
জনা যায় ইউৰোপৰ পৰা পশ্চীমলৈ এছিয়া হৈ গোটেই পৃথিৱীৰ এপাক ভ্ৰমণ কৰা প্ৰথমজন অভিযাত্ৰী, তেওঁ লগতে আটলাণ্টিক মহাসাগৰ হৈ প্ৰশান্ত মহাসাগৰলৈ "ষ্ট্ৰেইত অব মেগালান" হৈ অভিযানৰ নেতৃত্ব দিয়া প্ৰথমজন ব্যক্তি
স্বাক্ষৰ

১৪৮০ চনত ফাৰ্ডিনেণ্ড মেগালান এক সম্ভ্ৰান্ত পৰ্টুগীজ পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু কালক্ৰমত নিজকে এক নিপুন নাৱিক তথা নৌ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰে। মালুকু দ্বীপপুঞ্জ (স্পাইচ দ্বীপপুঞ্জ)লৈ এক পশ্চীমমুৱা যাত্ৰাপথ সন্ধানৰ নিমিত্তে তদানীন্তন স্পেইনৰ ৰজা "চাৰ্লচ ১ম"ৰ দ্বাৰা তেওঁ নিৰ্বাচিত হয়। পাঁচখন জাহাজৰ নেতৃত্ব লৈ তেওঁ আটলাণ্টিক মহাসাগৰেদি পাটাগনিয়ালৈ বুলি "ষ্ট্ৰেইট অব মেগালান"হৈ দক্ষিণলৈ যাত্ৰা আৰম্ভ কৰি অন্য এক জলৰাশিত উপস্থিত হয়গৈ যাক তেওঁ শান্ত সাগৰ বুলিছিল (বৰ্তমানৰ প্ৰশান্ত মহাসাগৰ)। কেইবাটাও ধুমুহা আৰু বিদ্ৰোহ অতিক্ৰম কৰি সেই অভিযানকাৰি দলটো ১৫২১ চনত স্পাইচ দ্বীপপুঞ্জত আহি উপস্থিত হৈ ভাৰত মহাসাগৰ হৈ পুনৰ স্পেইনত গৈ উপস্থিত হয়গৈ। ইয়ে আছিল বিশ্বৰ সমগ্ৰ বৃত্ত সামৰি লোৱা প্ৰথমটো মানৱ অভিযান। দুৰ্ভাগ্যবশতঃ অভিযানকালত ১৫২১ চনত ফিলিপাইনচৰ মাক্টান যুদ্ধত মেগালানৰ মৃত্যু ঘটে, সেয়েহে তেওঁ অভিযানটোৰ পৰিসমাপ্তি দেখা নাপালে।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক