ফৰিদা জালাল
ফৰিদা জালাল (ইংৰাজী: Farida Jalal, জন্ম ১৪ মাৰ্চ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পঞ্চাছ বছৰৰো অধিক সময় ছবি জগতৰ লগত জড়িত থকা ফৰিদা জালালে হিন্দী, তেলেগু আৰু তামিল ভাষাৰ দুইশতাধিক ছবিত অভিনয় কৰিছে৷ স্বতন্ত্ৰ ছিনেমাকে ধৰি মূলসুঁতিৰ একাধিক ছবিত অভিনয় কৰা ফৰিদা জালালে চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি দুটা বংগ ছবি সাংবাদিক সন্থা বঁটা লাভ কৰিছে৷[1]
ফৰিদা জালাল Farida Jalal | |
---|---|
২০১৪ চনত জি চিনে এৱাৰ্ড অনুষ্ঠানত ফৰিদা জালাল | |
জন্ম | ১৪ মাৰ্চ, ১৯৪৯ (৭৫ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী, কমেডিয়ান |
সক্ৰিয় হৈ থকা সময় | ১৯৬৭-বৰ্তমান |
দাম্পত্যসঙ্গী | তাব্ৰিজ বৰ্মাবীৰ(১৯৭৮-২০০৩) (কাৰণ-মৃত্যু) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | * ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা: পাৰছ (১৯৭২) * ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা: হেনা (১৯৯২) * ফিল্মফেয়াৰৰ সমালোচকৰ পৰা শ্ৰেষ্ঠ অভিনত্ৰীৰ বঁটা: মম্মো (১৯৯৫) * ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা: দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৬) |
১৯৬৭ চনত টকদিৰ নামৰ ছবিখনৰ জৰিয়তে ফৰিদা জালালে কেৰিয়াৰৰ পাতনি মেলে৷ '৮০ আৰু '৯০ৰ দশকত বহুকেইখন ছবিত তেখেতে শীৰ্ষ আৰু সহ-অভিনেত্ৰী হিচাপে কাম কৰে৷ ১৯৭১ চনৰ ছবি পাৰছ, ১৯৯১ চনৰ ছবি হেনা, ১৯৯৫ চনৰ ছবি দিলৱালে দুলহানীয়া লে জায়েংগে হৈছে ফৰিদা জালালৰ কেইখনমান উল্লেখযোগ্য ছবি৷ এইকেইখন ছবিত অভিনয় কৰি তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ কুৰি শতিকাৰ শেষৰফালে বহুকেইটা মাতৃৰ চৰিত্ৰত সবল অভিনয় কৰি তেখেতে দৰ্শক আৰু সমালোচকৰ মাজত প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ ১৯৯৪ চনত তেখেতে মেম্মো নামৰ ছবিখনত অভিনয় কৰি ফিল্মফেয়াৰৰ পৰা সমালোচকৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷ ২০১২ চনৰ হাৰলেম আন্তৰ্জাতিক ছবি মহোৎসৱত তেখেতে এ গ্ৰেন প্লেন শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷[2]
কৰ্মজীৱন
সম্পাদনা কৰক১৯৪৯ চনৰ ১৪ মাৰ্চত নতুন দিল্লীত ফৰিদা জালালৰ জন্ম হয়৷[3] ১৯৬০ৰ দশকত ফৰিদা জালালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ ১৯৬৫ চনত ফিল্মফেয়াৰৰ উদ্যোগত আয়োজিত হোৱা ইউনাইটেড ফিল্ম প্ৰডিউছাৰছ টেলেণ্ট হাণ্ট প্ৰতিযোগিতাত তেখেতে বিজয় সাব্যস্ত কৰে৷ অভিনেতা ৰাজেশ খান্নাৰ লগত তেখেতে ফাইনেলত প্ৰৱেশ কৰে আৰু দুয়োগৰাকীকে একেখন মঞ্চত বিজয়ী ঘোষণা কৰা হয়৷ দৰ্শকৰ আসনত বহি থকা তাৰাচন্দ বাৰতাজ্যই ফৰিদা জালালক টকদিৰ নামৰ ছবিখনত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিয়ে৷ এইখনেই হৈ পৰে ফৰিদা জালালৰ প্ৰথমখন ছবি৷[4]
১৯৯০ৰ দশকত ফৰিদা জালালে ভাৰতৰ বহুকেইখন হিট ছবিত অভিনয় কৰে৷ তাৰে ভিতৰত ৰাজা হিন্দুস্তানী, কুচ কুচ হোতা হ্যেয়, দিল ট' পাগল হ্যেয়, কহো না...প্যাৰ হ্যেয়, কভি খুচি কভি গম আৰু দিলৱালে দুলহানিয়া লে জায়েংগেৰ কথা উল্লেখ কৰিব পাৰি৷ দিলৱালে দুলহানিয়া লে জায়েংগেৰ বাবে তেখেতে ১৯৯৫ চনত ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ আনহাতে মেমো নামৰ ছবিখনতত ফৰিদা জালালে শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ আনহাতে ফৰিদা জালালে ফিল্মফেয়াৰত সমালোচকৰ পৰা শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷ ফৰিদা জালালে দূৰদৰ্শনতো দেখ ভাই দেখৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰে৷
ব্যক্তিগত জীৱন
সম্পাদনা কৰককৰ্ণাটকৰ ভাটকালত জন্মলাভ কৰা টাবৰিজ বৰ্মাবীৰৰ লগত ফৰিদা জালালৰ বিবাহ সম্পন্ন হয়৷ ১৯৭৮ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ হয়৷[4] তেওঁলোকৰ য়াছিন নামৰ এটি পুত্ৰ সন্তান আছে৷[5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Farida Jalal Awards: List of awards and nominations received by Farida Jalal | Times of India Entertainment". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/topic/Farida-Jalal/awards। আহৰণ কৰা হৈছে: 2020-06-29.
- ↑ January 15, 2019. "This is what filmmakers tell Farida Jalal on her wish to play negative character". India Today. https://www.indiatoday.in/movies/Bollywood/story/this-is-what-filmmakers-tell-farida-jalal-on-her-wish-to-play-negative-character-1431190-2019-01-15। আহৰণ কৰা হৈছে: 31 March 2020.
- ↑ Mohamed, Khalid (14 March 2017). "Happy Birthday Farida Jalal: B-Town's Most Dependable Co-Actor". The Quint. https://www.thequint.com/entertainment/celebrities/farida-jalal-from-rajesh-khanna-sweetheart-to-dilip-kumar-sister-to-aapa-in-student-of-the-year। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ 4.0 4.1 Farida Jalal – Interview (2000) Archived 3 March 2014 at the Wayback Machine, "Cineplot.com"
- ↑ Ethiraj. ""I virtually grew up and grew old in the industry" – Farida Jalal". http://www.bollywoodhungama.com/celebrities/features/type/view/id/7616.