বং জোন-হো (ইংৰাজী: Bong Joon-ho, জন্ম- ১৪ ছেপ্টেম্বৰ, ১৯৬৯) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ৷ তেখেত তিনিটা অ'স্কাৰ বঁটাৰ প্ৰাপক৷ তেখেতৰ ছবিসমূহত সামাজিক, কল্পনাপ্ৰসূত, ব্লেক কমেডিৰ দৰে বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ [1]

  • বং জোন-হো
  • Bong Joon-ho
  • 봉준호

২০১৭ চনত অকজা নামৰ ছবিখনৰ জাপানী প্ৰিমিয়াৰৰ সময়ত
জন্ম ১৪ ছেপ্টেম্বৰ, ১৯৬৯ (৫৪ বছৰ)
ডায়েগো, দক্ষিণ কোৰিয়া
শিক্ষা
  • জেমছিল হাইস্কুল
  • য়নছেই বিশ্ববিদ্যালয় (কলাৰ স্নাতক
  • কোৰিয়ন একাডেমি অৱ ফিল্ম আৰ্টছ
পেচা
  • পৰিচালক
  • প্ৰযোজক
  • চিত্ৰনাট্যকাৰ
উল্লেখযোগ্য কৰ্ম
  • মেমোৰিজ অৱ মাৰ্ডাৰ
  • দ্য হোষ্ট (২০০৬)
  • স্নৌপায়াৰ্চাৰ
  • 'অ'কজা
  • পেৰাছাইট
শৈলী
  • একছ্যন
  • ব্লেক কমেডি
  • অপৰাধমূলক চলচ্চিত্ৰ
  • ড্ৰামা
  • দানৱ ছবি
  • থ্ৰিলাৰ

২০০০ চনত মুক্তিলাভ কৰা ব্লেক কমেডি ছবি বাৰ্কিং ডগছ্ নেভাৰ বাইটৰ জৰিয়তে বং জোন-হো চৰ্চালৈ আহে৷ এইখন আছিল তেখেতৰ প্ৰথমখন ছবি ৷ ইয়াৰ পিছত তেখেতে মেম'ৰিচ অৱ মাৰ্ডাৰ (২০০৩), দ্য হষ্ট (২০০৬), স্নৌপায়াৰ্ছাৰ (২০১৩) আৰু পেৰাছাইট (২০১৯) নিৰ্মাণ কৰে ৷ আটাইকেইখন ছবিয়েই উপাৰ্জনকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে৷ পেৰাছাইট ছবিখনে দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে অভিলেখ ৰচিছে ৷ [2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

দক্ষিণ কোৰিয়াৰ দায়েগোত বং জোন-হোৰ জন্ম হৈছিল৷ চাৰিটা সন্তানৰ পৰিয়ালটোত তেখেত আছিল কনিষ্ঠ৷ [3]তেখেতৰ পিতৃ বং জোন-হোৰ পিতৃ বং ছাং-গ্যোন আছিল এগৰাকী প্ৰথম প্ৰজন্মৰ গ্ৰাফিক ডিজাইনাৰ, উদ্যোগিক ডিজাইনাৰ আৰ য়ুংনাম বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ ইয়াৰ লগতে তেখেত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ কলা বিভাগৰ মুৰব্বীৰ পদত অধিষ্ঠিত আছিল৷ বং জোন-হোৰ মাতৃ পাৰ্ক ছো-ইয়ং আছিল এগৰাকী গৃহিণী৷[3][4]

বং জোন-হোৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়তে ছিউললৈ স্থানান্তৰিত হয় ৷ হান নদীৰে কাষত জামছিল ডঙত তেওঁলোকে থাকিবলৈ লয়৷ [5]১৯৮৮ চনত বঙে য়নছেই বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু সমাজতত্ত্ব বিষয়ত মেজৰ গ্ৰহণ কৰে৷ [3]কলেজৰ চৌহদবোৰ বিশেষকৈ য়নছেই সেইমুহূৰ্তত দক্ষিণ কোৰিয়াৰ গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ থলী আছিল৷ বঙে সেই আন্দোলনৰ এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী আছিল৷ প্ৰায়েই তেওঁলোক টিয়েৰ গেছৰ মুখামুখি হৈছিল৷[3][6] দক্ষিণ কোৰিয়াৰ বাধ্যতামূলক দুবছৰীয়া সামৰিক সেৱাত তেখেত নিযুক্ত হৈ সেৱা আগবঢ়াইছিল৷ ১৯৯২ চনত পুনৰ বং জোন-হো মহাবিদ্যালয়লৈ ওভতি আহে৷ [3] ইয়াৰ পিছত বঙে ইয়েল্লো ডোৰ নামৰ চলচ্চিত্ৰ ক্লাৱ এটাৰ সহ-প্ৰতিষ্ঠা কৰে৷ লগত থাকে প্ৰতিৱেশী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল৷ [3]ক্লাৱৰ সদস্য হিচাপে বঙে ষ্টপ ম'ছন ছবি লুকিং ফৰ পেৰাডাইছকে ধৰি কেইখনমান ছবি নিৰ্মাণ কৰে৷ [3] ১৯৯৫ চনত তেখেতে য়নছেই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ [3]

কৰ্মজীৱন সম্পাদনা কৰক

স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত বং জোন-হোৱে পৰৱৰ্তী পাঁচটা বছৰ বিভিন্ন পৰিচালকৰ লগত কাম কৰি অতিবাহিত কৰে ৷ ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত এখন এন্থালজি ছবি 'Seven Reasons Why Beer is Better Than a Loverৰ বাবে তেখেতক আংশিক চিত্ৰনাট্যত নামোল্লেখ (Credit) কৰা হয় ৷ ১৯৯৭ চনত পাৰ্ক কি-ইয়ঙৰ প্ৰথমখন ছবি Motel Cactusত তেখেতে সহকাৰী পৰিচালক আৰু চিত্ৰনাট্যৰ দায়িত্ব চম্ভালে ৷ [1]

বং জোন-হোৱে পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল Barking Dogs Never Bite (২০০০)৷ প্ৰযোজনাৰ দায়িত্বত আছিল চা ছিয়ু-জা৷ [7] ছবিখনত বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে প্ৰতিৱেশীৰ কুকুৰ এটাক অপহৰণ কৰাৰ কাহিনীটো উপস্থাপন কৰা হৈছিল ৷ [8] ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে হং কং আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন দুখনমান মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ [1]

বঙৰ দ্বিতীয়খন ছবি আছিল Memories of Murder (২০০৩)৷ ছবিখনৰ কাহিনীটো বাস্তৱভিত্তিক ৷ ১৯৮০ৰ দশকত এটা চিৰিয়েল কিলাৰে কিদৰে এখন চহৰত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু কিদৰে তাক কৰায়ত্ত কৰিবলৈ স্থানীয় আৰক্ষী-প্ৰশাসনে তদন্ত আৰম্ভ কৰিছিল-সেই প্ৰক্ৰিয়াটোক ছবিখনত উপস্থাপন কৰা হৈছে৷ ২০১৯ চনতহে এজন অভিযুক্তই অপৰাধৰ দায়বদ্ধতা স্বীকাৰ কৰে ৷ [9] ছবিখন ২০০৩ চনত মুক্তি দিয়া হৈছিল আৰু ছবিখনে বাণিজ্যিক সফলতাৰ লগতে যোগাত্মক সঁহাৰিও লাভ কৰে৷ [1]

 
২০১০ চনৰ ৫ মাৰ্চত অনুষ্ঠিত হোৱা পঞ্চবিংশতম ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটাৰ অনুষ্ঠানত বং

২০০৬ চনত বং জোন-হোৱে নিৰ্মাণ কৰা দ্য হষ্ট নামৰ ছবিখনৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালভাৱে কোৰিয়ান ছবি উদ্যোগো এঢাপ ওপৰলৈ যায়৷[10] কোৰিয়াৰ হান নদীৰ পৰা ওলাই অহা এটা কাল্পনিক সামুদ্ৰিক দৈত্যকায় জীৱই সৃষ্টি কৰা সন্ত্ৰাসৰ কাহিনী হৈছে ছবিখনৰ মুখ্য উপজীৱ্য৷ ছবিখনৰ বাজেট আছিল ১২ মিলিয়ন ডলাৰ৷ দক্ষিণ কোৰিয়াৰ মুঠ ১৮০০ স্ক্ৰীণৰ এক তৃতীয়াংশ স্ক্ৰীনতেই মুক্তি হয় আৰু ১ কোটি ২০ লাখ টিকট বিক্ৰীৰে অভিলেখ ৰচিবলৈ সক্ষম হয় ৷ ছবিখনৰ বাণিজ্যিক স্বত্ত্বসমূহ আমেৰিকান ষ্টুডিঅ' ইউনিভাৰ্ছেল পিকচাৰ্ছে ক্ৰয় কৰে৷ [1][11]

২০১৩ চনত বঙৰ প্ৰথমখন ইংৰাজী ভাষাৰ ছবিয়ে মুক্তি পায়৷ ছবিখনৰ নাম আছিল স্নৌপায়াৰ্চাৰ ৷ ১৯৮২ চনৰ জেকুৱাছ লব আৰু জিয়ান-মাৰ্ক ৰছেটিৰ গ্ৰাফিক উপন্যাস Le Transperceneige ৰ ওপৰত ছবিখনৰ কাহিনীটো আধাৰিত৷ [12][13][14][15][16] ছবিখনৰ কাহিনীয়ে ভৱিষ্যতৰ পৃথিৱীত ভ্ৰমণৰত এখন দীঘল ৰে'ল আৰু তাৰ অভ্যন্তৰত থকা যাত্ৰীসকলৰ মাজত সামাজিক বৈষম্যকেন্দ্ৰিক সংঘাতক উপস্থাপন কৰিছে ৷ ২০১৩ চনৰ ২৯ জুলাই তাৰিখে দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত থকা টাইমছ স্কুৱেৰ মলত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয়৷ [17]২০১৩ চনৰ ৭ ছেপ্টেম্বৰত ডিউভিলে আমেৰিকান চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি হিচাপে স্নৌপায়াৰ্চাৰ প্ৰদৰ্শিত হয় ৷[18] ছবিখনে বাণিজ্যিক সাফল্য লাভ কৰাৰ উপৰি সমালোচকৰ নিৰ্বাচিত দহখন ছবিৰ তালিকাতো সন্নিৱিষ্ট হয় ৷ [19][20] [21]

২০১৫ চনত বঙৰ পৰৱৰ্তী ছবি অ'কজা ঘোষণা কৰা হয় ৷ [22] ছবিখনৰ চিত্ৰগ্ৰহণকাৰী হিচাপে ২০১৬ চনৰ ফেব্ৰুৱাৰীত ডেৰিয়াছ খণ্ডিজীয়ে ছবিৰ কুশলী হিচাপে যোগদান কৰে৷ [23] ২০১৭ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয় ৷ ছবিখন প্ৰযোজনা কৰিছিল নেটফ্লিক্সে আৰু ইয়াৰ বাবে কিছ বিতৰ্কৰো সূচনা হৈছিল৷ [24] ২০১৭ চনৰ ২৮ জুনত নেটফ্লিক্সযোগে ছবিখনে মুক্তি লাভ কৰে আৰু ইতিবাচক সঁহাৰি পায়৷ [25] নিউ ইয়ৰ্ক টাইমছৰ সমালোচক এ.অ'. স্কট ছবিখনৰ বিষয়ে লিখিছে-: "Okja is a miracle of imagination and technique, and Okja insists, with abundant mischief and absolute sincerity, that she possesses a soul."[26]

পেৰেছাইট সম্পাদনা কৰক

 
২০১৯ চনৰ জুলাই মাহত মিউনিখ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বং জোন-হো

২০১৯ চনত বং জোন-হোৱে দক্ষিণ কোৰিয়ান চলচ্চিত্ৰ পেৰাছাইটৰ নিৰ্দেশনা কৰে৷ [27] এইখন এখন ব্লেক কমেডি থ্ৰিলাৰধৰ্মী ছবি য'ত এটা দৰিদ্ৰ আৰু প্ৰতিপত্তিশালী পৰিয়ালৰ মাজত সৃষ্টি হোৱা সংযোগ আৰু সংঘাতৰ দিশটো অৱলোকন কৰা হয় ৷ ২০১৯ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয় আৰু ইয়াত ছবিখনে পাম অ' ডিয়েৰ বঁটাৰে সন্মানিত হয়৷ এইটো সন্মান লাভ কৰা প্ৰথমখন কোৰিয়ান ছবি হিচাপে পেৰেছাইট চৰ্চিত হয় ৷ [28] ২০১৯ চনৰ ১৬ জুনত ছবিখনে ছিডনি চলচ্চিত্ৰ মহোৎসৱত ছিদনি ছবি বঁটা হিচাআপে ৬০,০০০ ডলাৰৰ ধনৰাশি লাভ কৰে৷ [29][30]

পেৰেছাইট ছবিখনে বিপুল মাত্ৰাৰ প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ ছবিখনে মুঠ ৩৩০টা মনোনয়ন লাভ কৰি ১৯৭ টা শাখাত বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷ পৰিচালক হিচাপে বঙৰ কাম, চিত্ৰনাট্য, সম্পাদনা, প্ৰযোজনাগত মূল্যবোধ, অভিনেতাসকলৰ অভিনয়ে দৰ্শক আৰু সমালোচকক আকৃষ্ট কৰে৷ ৯২সংখ্যক একাডেমী বঁটাত ছবিখনে ছটা শিতানত মনোনয়ন লাভ কৰে আৰু চাৰিটা শিতানত বঁটা লাভ কৰে৷ সেইকেইটা হৈছে-শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য, শ্ৰেষ্ঠ আন্তৰ্জাতিক চলচ্চিত্ৰ৷ একাডেমী বঁটাৰ স্বীকৃতি লাভ কৰা এইখন প্ৰথম দক্ষিণ কোৰিয়ান ছবি হিচাপে পৰিগণিত হয়৷ আনহাতে শ্ৰেষ্ঠ ছবিৰ শিতানত বিজয়ী হোৱা প্ৰথমখন অ-ইংৰাজী ভাষা ছবিৰ তালিকাভুক্ত হয়৷ [31]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 Paquet, Darcy (February 28, 2008). "The Bong Joon Ho Page". Koreanfilm.org. http://www.koreanfilm.org/bongjoonho.html। আহৰণ কৰা হৈছে: November 18, 2012. 
  2. "Box Office: All Time". Korean Film Council. http://www.koreanfilm.or.kr/jsp/news/boxOffice_AllTime.jsp?mode=BOXOFFICE_ALLTIME। আহৰণ কৰা হৈছে: March 11, 2018. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 Jung, E. Alex (October 7, 2019). "Bong Joon-ho's Dystopia Is Already Here The Korean director's ruthless, bleak new film Parasite is the most fun you'll have in theaters this fall.". Vulture. https://www.vulture.com/2019/10/bong-joon-ho-parasite.html. 
  4. "봉준호 감독 집안 알고보니 '로열패밀리" (ko ভাষাত). JoongAng Ilbo. February 18, 2009. https://www.koreadaily.com/news/read.asp?art_id=790752. 
  5. Jung, Ji-youn (2009). Bong Joon-ho. Seoul Selection. পৃষ্ঠা. 160. ISBN 9788991913929. https://books.google.com/books?id=UYP8CAAAQBAJ&pg=PT160. 
  6. Russell, Mark (May 28, 2006). "Unlike His Peers, the Director Bong Joon-ho Likes Ideas and Metaphors". The New York Times. https://www.nytimes.com/2006/05/28/movies/28russ.html. 
  7. "Bong Joon Ho: Writing New Chapter in Korean Film History". Korean Broadcasting System. November 15, 2006. http://english.kbs.co.kr/Archives/index.html?sec=people&No=5391। আহৰণ কৰা হৈছে: November 18, 2012. 
  8. Paquet, Darcy. "Barking Dogs Never Bite". Koreanfilm.org. http://koreanfilm.org/kfilm00.html#dogs। আহৰণ কৰা হৈছে: October 11, 2012. 
  9. Page, Thomas (January 13, 2020). "Bong Joon Ho had a big year. And not just because of 'Parasite'". CNN. https://www.cnn.com/2020/01/13/entertainment/bong-joon-ho-interview-parasite/index.html. 
  10. "The Bong Joon-ho Page". Koreafilm. February 14, 2008. https://www.koreanfilm.org/bongjoonho.html। আহৰণ কৰা হৈছে: February 9, 2020. 
  11. Sedia, Giuseppe (February 14, 2008). "An Interview with Bong Joon Ho". Koreanfilm.org. http://www.koreanfilm.org/bongjh.html। আহৰণ কৰা হৈছে: November 18, 2012. 
  12. Kim, Young-gyo (May 27, 2008). "Film adaptation of French dystopian comic to go global: Bong". Yonhap News Agency. http://english.yonhapnews.co.kr/Features/2008/05/27/93/0801000000AEN20080526006100315F.HTML। আহৰণ কৰা হৈছে: November 18, 2012. 
  13. Noh, Jean (July 17, 2012). "Bong Joon Ho wraps Snowpiercer in Prague". Screen International. http://www.screendaily.com/news/asia-pacific/bong-joon-ho-wraps-snow-piercer-in-prague/5044425.article। আহৰণ কৰা হৈছে: November 18, 2012. 
  14. Schou, Solvej (October 29, 2012). "Coming to America: South Korea's top directors on hitting Hollywood with English language films". Entertainment Weekly. http://insidemovies.ew.com/2012/10/29/south-korea-top-directors-park-chan-wook-kim-jee-woon-bong-joon-ho/। আহৰণ কৰা হৈছে: November 18, 2012. 
  15. Paquet, Darcy (April 30, 2013). "What SNOWPIERCER Means to the Korean Film Industry: PART 1 – The summit of KOREAN Film's ambition". Korean Cinema Today. http://koreanfilm.or.kr/webzine/sub/news.jsp?mode=A_VIEW&wbSeq=218। আহৰণ কৰা হৈছে: June 7, 2013. 
  16. Bechervaise, Jason (April 30, 2013). "Bong Joon-ho, Director of SNOWPIERCER: PART 2 – INTERVIEW "I wanted to make a very exciting train and sci-fi movie"". Korean Cinema Today. http://koreanfilm.or.kr/webzine/sub/interview.jsp?mode=A_VIEW&wbSeq=45। আহৰণ কৰা হৈছে: June 7, 2013. 
  17. "Snowpiercer VIP premiere to be held on July 28". Yahoo!. July 30, 2013. Archived from the original on October 27, 2014. https://web.archive.org/web/20141027000731/https://ph.celebrity.yahoo.com/news/snowpiercer-vip-premiere-to-be-held-on-july-031303090.html. 
  18. Richford, Rhonda (August 20, 2014). "Deauville American Film Festival Adds 'Snowpiercer' as Closing Film". The Hollywood Reporter. http://www.hollywoodreporter.com/news/deauville-american-film-festival-adds-609669. 
  19. "Snowpiercer (2014)". Metacritic. http://www.metacritic.com/movie/snowpiercer। আহৰণ কৰা হৈছে: June 27, 2014. 
  20. "Box Office: July 25 – August 7, 2013". http://www.koreanfilm.or.kr/jsp/news/reports.jsp?pageIndex=2&blbdComCd=601008&seq=257&mode=VIEW। আহৰণ কৰা হৈছে: April 12, 2014. 
  21. "Best of 2014: Film Critic Top Ten Lists". Metacritic. Archived from the original on July 10, 2019. https://web.archive.org/web/20190710180015/https://www.metacritic.com/feature/film-critic-top-10-lists-best-movies-of-2014। আহৰণ কৰা হৈছে: December 6, 2014. 
  22. Jones, Julie (April 8, 2015). "Bong Joon Ho Will Film His Next Project In The U.S. And Korea". KDrama Stars. http://www.kdramastars.com/articles/80958/20150408/bong-joon-ho-will-film-his-next-project-in-the-u-s-and-korea.htm. 
  23. Stellarise (February 3, 2016). "Bong Joon-ho, Netflix and Darius Khondji join forces for Okja". Asian Movie Pulse. Archived from the original on December 8, 2019. https://web.archive.org/web/20191208025628/https://asianmoviepulse.com/2016/02/bong-joon-ho-netflix-darius-khondji-join-forces-okja/। আহৰণ কৰা হৈছে: May 26, 2019. 
  24. Sharf, Zack (June 7, 2017). "'Okja' Rejected By 93% of South Korean Movie Theaters Over Netflix Controversy" (en ভাষাত). IndieWire. https://www.indiewire.com/2017/06/okja-south-korea-rejected-netflix-bong-joon-ho-1201838682/। আহৰণ কৰা হৈছে: January 22, 2020. 
  25. "First Teaser for Bong Joon-ho's Okja, Coming to Netflix". ComingSoon.net. February 28, 2017. http://www.comingsoon.net/movies/trailers/819645-first-teaser-for-bong-joon-hos-okja-coming-to-netflix। আহৰণ কৰা হৈছে: February 28, 2017. 
  26. Scott, A. O. (June 27, 2017). "Review: In 'Okja,' a Girl and Her Pig Take on the Food Industrial Complex" (en ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2017/06/27/movies/review-okja-bong-joon-ho.html. 
  27. Hong, You-kyoung (January 24, 2018). "Bong Joon-ho's next film has a cast". Korea JoongAng Daily. http://koreajoongangdaily.joins.com/news/article/article.aspx?aid=3043679। আহৰণ কৰা হৈছে: January 24, 2018. 
  28. Sharf, Zack (May 25, 2019). "Bong Joon-ho Makes Cannes History As First Korean Director to Win Palme d'Or". IndieWire. https://www.indiewire.com/2019/05/bong-joon-ho-palme-dor-first-korean-director-cannes-1202144821/। আহৰণ কৰা হৈছে: May 25, 2019. 
  29. "AWARDS". Sydney Film Festival. https://www.sff.org.au/program/awards/। আহৰণ কৰা হৈছে: June 16, 2019. 
  30. Jefferson, Dee (June 16, 2019). "Bong Joon-ho's Parasite wins Sydney Film Festival official competition prize". Sydney Film Festival. https://www.abc.net.au/news/2019-06-16/sydney-film-festival-winners-parasite-erica-glynn-documentary/11174160। আহৰণ কৰা হৈছে: June 16, 2019. 
  31. The Artist, http://www.imdb.com/title/tt1655442/, আহৰণ কৰা হৈছে: 2020-02-10