১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৪ ছেপ্টেম্বৰ (ইংৰাজী: 14 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৭তম (অধিবৰ্ষত ২৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৮টা দিন বাকী থাকে।

  • ১৮৯৭ - বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
  • ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
  • ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
  • ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।
  • ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
  • ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
  • ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত বৰ্ফি! কথাছবিখনে মুক্তি পাইছিল।
  • ২০১২ - ‘এখন নেদেখা নদীৰ সিপাৰে’ নামৰ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল বিদ্যুত কটকী।

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য় সূত্ৰ

সম্পাদনা কৰক