বগীবিল দলং

ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং

বগীবিল দলং অসমডিব্ৰুগড় জিলাবগীবিল নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব।[1]

বগীবিল দলং


বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
বহন কৰে তিনি লেনযুক্ত পথ, দুই লেনযুক্ত ৰেলপথ
স্থানীয় ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলা, অসম,  ভাৰত
ডিজাইন Truss bridge
পদাৰ্থ ষ্টিল, কংক্ৰিট
মুঠ দৈৰ্ঘ্য ৪.৯৪  কিমি
Longest span ১২৫  মিটাৰ
Number of spans ৪২
নিৰ্মাণকৰ্তা হিন্দুস্থান নিৰ্মাণকাৰী সংস্থা আৰু গেমন ইণ্ডিয়া
নিৰ্মাণ আৰম্ভ হয় ২১ এপ্ৰিল ২০০২ (2002-04-21)
নিৰ্মাণ শেষ হয় ২০১৮
মুকলি ২৫ ডিচেম্বৰ ২০১৮
স্থানাঙ্ক 27°24′31″N 94°45′37″E / 27.40861°N 94.76028°E / 27.40861; 94.76028স্থানাংক: 27°24′31″N 94°45′37″E / 27.40861°N 94.76028°E / 27.40861; 94.76028

নিৰ্মাণৰ অগ্ৰগতিসম্পাদনা কৰক

 
শুভ উদ্বোধনৰ চাৰি বছৰৰ পিছত, ২০২২ চনত বগীবিল দলং

২০০০ চনত মেছাৰ্ছ ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক'নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয়। পৰিকল্পনা অনুসৰি ২০১৮ চনত প্ৰকল্পটোৰ সকলো কাম শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ ২০১৮ ত দলং ৰ শুভ উদ্বোধন কৰে।[2]

দলঙৰ নাম বিতৰ্কসম্পাদনা কৰক

বৰ্তমান দলংখনৰ নাম 'বগীবিল দলং' বুলিয়েই পৰিচিত যদিও এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে। অসমৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজড়িত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে। এই ক্ষেত্ৰত চুতীয়াসকলে বীৰাংগনা নাৰী সতী সাধনীৰ স্মৃতিত 'সতী সাধনী সেতু', আহোমসকলে চাওলুং ছুকাফাৰ স্মৃতিত 'ছুকাফা সেতু', মিচিং জনগোষ্ঠীয়ে 'ছহিদ কমলা মিৰি সেতু' বা 'মিৰি জিয়ৰী সেতু', দেউৰীসকলে 'ভীমবৰ দেউৰী সেতু', সোণোৱাল কছাৰীসকলে 'সলালী সেতু', মুছলমানসকলে 'আজান পীৰ সেতু', আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে। আনহাতে নিৰপেক্ষভাৱে বহুতে 'শংকৰ-মাধৱ সেতু', 'কুলাজান-বগীবিল সেতু', 'বৰলুইত সেতু' আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে।[3]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. [1] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
  2. Bogibeel bridge to be ready by 2015 [2] in Assam Tribune. তথ্য সংগ্ৰহৰ সময়- ০২ ফেব্ৰুৱাৰী ২০১২
  3. [3] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২

বৰ্হি সংযোগসম্পাদনা কৰক