বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমবড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসৰি এই পৰিষদ স্থাপন কৰা হয় আৰু ইয়াৰ মুৰব্বী মুখ্য কাৰ্যবাহী বিষয়া পদ সৃষ্টি কৰা হয়। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য হৈছে প্ৰমোদ বড়ো। ২০২০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ এই পদত অধিষ্ঠিত হয়।[1][2]

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
বৰ্তমান পদাধিকাৰী
প্ৰমোদ বড়ো

১৫ ডিচেম্বৰ ২০২০ -ৰ পৰা
নিয়োগকৰ্তা অসমৰ ৰাজ্যপাল
কাৰ্যকাল পাঁচ বছৰ
প্ৰথম পদাধিকাৰী হাগ্ৰামা মহিলাৰী
গঠন ৮ এপ্ৰিল ২০০৩

ইতিহাস সম্পাদনা কৰক

ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমৰ চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। এই জিলা কেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল।[3] এই অঞ্চলটোৰ পৰিচালনা বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ নামৰ এক নিৰ্বাচিত পৰিষদে কৰে আৰু এই পৰিষদৰ মুৰব্বী হৈছে মুখ্য কাৰ্যবাহী সদস্য। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য হৈছে হাগ্ৰামা মহিলাৰী। তেওঁ ২০০৩ চনৰ ৮ এপ্ৰিলৰ পৰা ২০২০ চনৰ ২৭ এপিললৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল।

ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ৪ এপ্ৰিল তাৰিখে নিৰ্ধাৰিত পৰিষদীয় নিৰ্বাচন ২০২০ চনৰ ডিচেম্বৰ মাহলৈ পিছুৱাই দিব লগীয়া হৈছিল। ২০২০ চনৰ ২৭ এপ্ৰিলৰ পৰা ২০২০ চনৰ ১৫ ডিচেম্বৰলৈকে ইয়াত অসমৰ ৰাজ্যপালৰ শাসন বলৱত আছিল।[4]

নিৰ্বাচন সম্পাদনা কৰক

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৪৬ জন। ইয়াৰে ৪০ গৰাকী সদস্য বড়োলেণ্ডৰ ৪০টা সমষ্টিৰ পৰা পৰিষদীয় নিৰ্বাচনৰ যোগেৰে নিৰ্বাচিত হয়। বাকী ৬ গৰাকী সদস্য অসমৰ ৰাজ্যপালে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা মনোনীত কৰে। নিৰ্বাচিত সদস্যৰ আধাতকৈ এখন আসন অৰ্থাৎ ন্যূনতম ২১খন আসন লাভ কৰা দলে পৰিষদ দখল কৰে। কোনো দলেও সংখ্যাগৰিষ্ঠ সংখ্যক আসন লাভ কৰিলে দুই বা ততোধিক দল লগ লাগি পৰিষদ গঠন কৰে। তাৰপিছত পৰিষদ গঠন কৰা দলে নিৰ্বাচিত সদস্য সমূহৰ মাজৰ পৰা এগৰাকী মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচন কৰে।

মুখ্য কাৰ্যবাহী সদস্যসমূহৰ তালিকা সম্পাদনা কৰক

নং. নাম আলোকচিত্ৰ কাৰ্যকাল আৰম্ভ - সমাপ্তি দল কাৰ্যকাল
হাগ্ৰামা মহিলাৰী[5]   ৮ এপ্ৰিল ২০০৩ (2003-04-08) ২৭ এপ্ৰিল ২০২০ (2020-04-27) বড়োলেণ্ড পিপলছ ফ্ৰন্ট ৬২২৯ দিন
খালি[6]
(ৰাজ্যপালৰ শাসন)
  ২৭ এপ্ৰিল ২০২০ (2020-04-27) ১৫ ডিচেম্বৰ ২০২০ (2020-12-15) প্ৰযোজ্য নহয় ২৩২ দিন
প্ৰমোদ বড়ো[7] ১৫ ডিচেম্বৰ ২০২০ (2020-12-15) বৰ্তমান ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ১২১০ দিন

তথ্য উৎস সম্পাদনা কৰক