প্ৰমোদ বড়ো (ইংৰাজী: Pramod Boro, জন্ম: ১ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। ২০২০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ এই পদত অধিষ্ঠিত হয়।[1] ইয়াৰ লগতে তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল নামৰ ৰাজনৈতিক দলৰো সভাপতি। তেওঁ সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল।[2]

প্ৰমোদ বড়ো
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ দ্বিতীয় মুখ্য কাৰ্যবাহী সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৫ ডিচেম্বৰ ২০২০
পূৰ্বসূৰী হাগ্ৰামা মহিলাৰী
সমষ্টি ককলাবাৰী
ব্যক্তিগত তথ্য
জন্ম ১ মাৰ্চ, ১৯৭৫ (৪৯ বছৰ)
গয়াবাৰী, তামুলপুৰ, নলবাৰী জিলা (বৰ্তমান বাক্সা জিলা)
ৰাজনৈতিক দল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
দাম্পত্যসঙ্গী পাৰুল ভড়ালী
সন্তান
বাসস্থান ৰঙিয়া
শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়
জীৱিকা
  • ৰাজনৈতিক নেতা
পিতৃ ঘনশ্যাম বড়ো
ৱেবছাইট upplofficial.com

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৭৫ চনৰ ১ মাৰ্চ তাৰিখে অবিভক্ত নলবাৰী জিলাৰ আৰু এতিয়াৰ বাক্সা জিলাতামুলপুৰৰ গয়াবাৰীত এটি কৃষক পৰিয়ালৰত প্ৰমোদ বড়োৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ঘনশ্যাম বড়ো। ঘৰৰ একমাত্ৰ লৰা সন্তান আছিল প্ৰমোদ বড়োৰ পাঁচ গৰাকী বায়েক আছে।

তেওঁ প্ৰাৰম্ভিক শিক্ষা তামোলপুৰৰ শৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত লাভ কৰিছিল। তাৰপিছত তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে গুৱাহাটীগুৱাহাটী মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। কিন্তু আৰ্থিক অৱস্থাৰ বাবে তেওঁ তাৰ পৰা উভতি আহিব লগা হৈছিল। বিদ্যালয়লৈ যোৱাৰ সমান্তৰালকৈ তেওঁক খেতি পথাৰত কাম কৰিব লগা হৈছিল। আৰ্থিক অনাটনত পৰি তেওঁ দিন মজুৰি কৰিবলগীয়া হৈছিল লগতে ৰিক্সা চলাবলগীয়া হৈছিল। তেওঁ বন্ধুৰ সৈতে মেঘালয়ৰ কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। গুৱাহাটীৰ পৰা উভতি আহি প্ৰমোদ বড়োয়ে ৰঙিয়া মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৰঙিয়া মহাবিদ্যালয়ৰ পৰাই তেওঁ ১৯৯৪ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

ছাত্ৰ অৱস্থাৰ পৰাই প্ৰমোদ বড়ো সদৌ বড়ো ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। ৯০ৰ দশকত পৃথক বড়োলেণ্ডৰ দাবীত সদৌ বড়ো ছাত্ৰ সন্থাই আগভাগ লোৱা প্ৰতিটো আন্দোলনত তেওঁ ওতপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল। ১৯৯৮ চনত আবছুৰ কামৰূপ জিলাৰ সভাপতি দায়িত্ব লাভ কৰে। ২০০৪ চনত তেওঁ আবছুৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্ভুক্ত হয়। ২০০৯ চনত সেই সময়ৰ আবছুৰ সভাপতি তথা বৰ্তমানৰ ইউপিপিএল দলৰ নেতা ৰণগৌৰা নাৰ্জাৰীৰ পৰা সভাপতিৰ দায়িত্ব লয়। তেতিয়াৰ পৰা একেৰাহে ১১ বছৰ আবছুৰ সভাপতি হৈ থাকে। ২০২০ চনত আবছুৰ পৰা পদত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰে। দলৰ সভাপতি উৰ্খাউ গৌড়া ব্ৰহ্মৰ শাৰীৰিক অসুস্থতাৰ বাবে ২০২০ চনত তেওঁ ইউপিপিএল ৰ সভাপতি দায়িত্ব গ্ৰহণ কৰে। ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত তেওঁৰ নেতৃত্বত ইউপিপিএলয়ে ১২খন আসনত জয়ী হয়। ১০খন আসনত জয়ী ভাৰতীয় জনতা পাৰ্টি আৰু ১খন আসনত জয়ী গণ সুৰক্ষা পাৰ্টিৰ সহযোগত ইউপিপিএলে পৰিষদ দখল কৰে আৰু[3][4] প্ৰমোদ বড়োয়ে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হয়।

বড়ো চুক্তি সম্পাদনা কৰক

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি ২০২০ স্বাক্ষৰিত হয়।[5] ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। আনপিনে বড়ো নেতৃবৰ্গৰ ভিতৰত নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ গোবিন্দ বসুমতাৰী, ধীৰেন্দ্ৰ বড়ো, ৰঞ্জন দৈমাৰী, বি চাওৰাইগোৰা, বিটিচিৰ মুখ্য কাৰ্য্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী, সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো আৰু ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেচন বা চমুকৈ ইউবিপিঅ'ৰ প্ৰতিনিধিয়ে চুক্তি ৰূপায়ণত অংশ লয়।[6] এই চুক্তিখনৰ পিছত কেইবাদশকো চলি অহা সশস্ত্ৰ বড়ো সংগ্ৰামখনৰ সামৰণি পৰিব বুলি আশা কৰা হৈছে কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ তিনিদিন পিছতেই এনডিএফবিৰ ১, ৬১৫জন সংগ্ৰামীয়ে ৩০ জানুৱাৰী, ২০২০-ৰ দিনা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে।[7] এই চুক্তি ৰূপায়ণত প্ৰমোদ বড়োয়ে অহোপুৰুষাৰ্থ কৰিছিল।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

২০০৩ চনত তামুলপুৰৰ পাৰুল ভড়ালীৰ লগত প্ৰমোদ বড়ো বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। পত্নী আৰু সন্তানৰ সৈতে ৰঙিয়া চহৰত বাস কৰে প্ৰমোদ বড়োয়ে।[8]

তথ্য উৎস সম্পাদনা কৰক

  1. "BJP-UPPL-GSP alliance to form new Bodoland Territorial Council, Pramod Boro to become chief" (en ভাষাত). north-east News. 13 December 2020. https://nenow.in/north-east-news/assam/bjp-uppl-gsp-alliance-to-form-new-bodoland-territorial-council-pramod-boro-to-become-chief.html। আহৰণ কৰা হৈছে: 13 December 2020. 
  2. "Assam BTC Election Results: BJP, UPPL, GSP to form council; Pramod Boro to be next chief" (en ভাষাত). India TV News. 13 December 2020. https://www.indiatvnews.com/news/india/assam-btc-election-results-bjp-uppl-gsp-pramod-boro-bodoland-territorial-council-671148। আহৰণ কৰা হৈছে: 13 December 2020. 
  3. "Assam: United People's Party Liberal releases poll manifesto at Kokrajhar". https://nenow.in/north-east-news/assam-united-peoples-party-liberal-releases-ls-poll-manifesto-at-kokrajhar.html। আহৰণ কৰা হৈছে: January 30, 2020. 
  4. "AIUDF forms alliance with UPPL in Assam". Business Standard India. 2019-04-08. https://www.business-standard.com/article/pti-stories/aiudf-forms-alliance-with-uppl-in-assam-119040801127_1.html. 
  5. "bodo peace accord". india today. January 27, 2020. https://www.indiatoday.in/india/story/amit-shah-historic-bodo-peace-accord-sign-assam-1640584-2020-01-27। আহৰণ কৰা হৈছে: 26 April 2020. 
  6. "Historic Comprehensive Bodo Settlement Agreement". 27-January-2020. https://pib.gov.in/newsite/PrintRelease.aspx?relid=197674। আহৰণ কৰা হৈছে: 26 April 2020. 
  7. "1, 615 NDFB cadres lay down arms at surrender ceremony in Guwahati, deposit 178 weapons". india today. 30january, 2020. https://www.indiatoday.in/india/story/1615-ndfb-cadres-lay-down-arms-surrender-ceremony-guwahati-deposit-178-weapons-1641639-2020-01-30। আহৰণ কৰা হৈছে: 26 April 2020. 
  8. "Pramod Boro – life and time of the ‘new Chief Executive Member of Bodo Territorial Council’" (en ভাষাত). north-east News. 13 December 2020. https://nenow.in/north-east-news/assam/pramod-boro-life-and-time-of-the-new-chief-executive-member-of-bodo-territorial-council.html। আহৰণ কৰা হৈছে: 13 December 2020.