বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ

অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে এই পৰিষদ স্থাপন কৰা হয়। ইয়াত মুঠ ৪৬জন কাৰ্যকৰী সদস্য আছে আৰু প্ৰত্যেকৰে নিজ সমষ্টি আছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত অঞ্চলক চৰকাৰী ভাবে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চমুকৈ বিটিআৰ বোলে। বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈছে ইউপিপিএল দলৰ প্ৰমোদ বড়ো আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য হৈছে গোবিন্দ বসুমতাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰৰ বড়োফা নগৰত অৱস্থিত।

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
Emblem of Bodoland.png
ধৰন
ধৰন বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলস্বায়ত্বশাসিত জিলা পৰিষদ
নেতা
মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ইউপিপিএল[1]
উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, ইউপিপিএল
গঠন
সদস্য ৪৬ (৪০+৬)
Bodoland Territorial Council 2020.svg
ৰাজনৈতিক দলসমূহ চৰকাৰ (২৩)

বিৰোধী (১৭)

মনোনীত (৬)

  •   মনোনীত (৬)
নিৰ্বাচন
নিৰ্বাচন পদ্ধতি ফাৰ্ষ্ট পাষ্ট দা পোষ্ট
বিগত নিৰ্বাচন ৭-১০ ডিচেম্বৰ ২০২০
সভাৰ স্থান
বড়োলেণ্ড সচিবালয়,
বড়োফা নগৰ, কোকৰাঝাৰ
ৱেবছাইট
www.bodoland.in

বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত মুঠ চাৰিখন জিলা আছে। সেইকেইখন হ'ল, কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। এই জিলা সমূহ পূৰ্বৰ কোকৰাঝাৰ জিলা, বঙাইগাঁও জিলা, বৰপেটা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, দৰং জিলা আৰু শোণিতপুৰ জিলাৰ কিছু কিছু অংশৰে গঠিত। এই অঞ্চলৰ মুঠ মাটিকালি ৮,৮২২ বৰ্গ কিলোমিটাৰ অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ ১১%। এই অঞ্চলত বহুতো সংৰক্ষিত জনজাতীয় অঞ্চল আছে। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত সংশোধনৰ জৰিয়তে ইয়াৰ স্থাপন কৰা হৈছিল।[2]

এই অঞ্চল ভাৰতৰ আন অঞ্চলৰ তুলনাত অলপ পিছপৰা। অঞ্চলটোৰ মূল অৰ্থনীতি কৃষিভিত্তিক।

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ জিলাসমূহ



ধৰ্ম আৰু ভাষাসম্পাদনা কৰক

বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত ধৰ্ম (২০১১ চনৰ লোকপিয়ল মতে)
ধৰ্ম শতাংশ
হিন্দু ধৰ্ম
  
৭১.২৫%
ইছলাম ধৰ্ম
  
১৯.১২%
খ্ৰীষ্টান ধৰ্ম
  
৯.১৪%
বৌদ্ধ ধৰ্ম
  
০.১৬%
অন্যান্য
  
০.২৪%
বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত ভাষা (২০১১ চনৰ লোকপিয়ল মতে)
ভাষা শতাংশ
বড়ো ভাষা
  
৩০.৫%
অসমীয়া ভাষা
  
২৬.৮%
বঙালী ভাষা
  
২৩.৭%
চাঁওতালি ভাষা
  
৫.৪%
হিন্দী ভাষা
  
৪.৭%
নেপালী ভাষা
  
৩.৪%
কুৰুষ ভাষা
  
১.৫%
ৰাভা ভাষা
  
১.১%
অন্যান্য
  
২.৫%


তথ্য উৎসসম্পাদনা কৰক