বদন বৰফুকনৰ গীত এটা অসমীয়া কাহিনীগীত বা মালিতা। গীতটিৰ কাহিনীটো ঐতিহাসিক। এই গীতটি আহোম ৰাজত্বকালৰ ঘটনাক কেন্দ্ৰ কৰি ৰচনা কৰা। বৰফুকনৰ গীতটি সম্পূৰ্ণৰূপত উদ্ধাৰ কৰা হৈছে।

সময় সম্পাদনা কৰক

বদন বৰফুকনৰ গীতটো ১৮১৫ চনৰ পৰা ১৮২৪ চনৰ ভিতৰত অসম বুৰঞ্জীত সংঘটিত হোৱা ঘটনাৱলীক লৈ ৰচিত হৈছে। অসম বুৰঞ্জীৰ প্ৰায় দহ বছৰ কালৰ ঘটনা মালিতাটিত সোমাই আছে।[1]

ৰূপান্তৰ সম্পাদনা কৰক

বদন বৰফুকনৰ গীতৰ ঘটনা একে হ'লেও ইয়াৰ দুটি ৰূপান্তৰ পোৱা গৈছে। ড॰ সূৰ্যকুমাৰ ভূঞাৰ সংগ্ৰহত একো একোটি জোৰণি বাক্যৰ পিছে পিছে আচল কাহিনীটো আগবাঢ়ি গৈছে। অনেক ঠাইত এনে বাক্যৰ নিৰৰ্থক বা মূল বাক্যৰ লগত সংগতি নাই। লীলা গগৈৰ সংগ্ৰহতো একেদৰেই কাহিনী আগবাঢ়িছে, কিন্তু পংক্তিবোৰ একে নহয়।[2]

প্ৰকাশ সম্পাদনা কৰক

বদন বৰফুকনৰ গীতটি প্ৰথমে বেণুধৰ শৰ্মাই একাদশ বছৰৰ 'বাঁহী'ৰ সপ্তম সংখ্যাত প্ৰকাশ কৰিছিল। তুলসী নাৰায়ণ শৰ্মায়ো চতুৰ্থ বছৰৰ ' চেতনা'ৰ প্ৰথম সংখ্যাত গীতটোৰ কেইছোৱামান প্ৰকাশ কৰে। সূৰ্যকুমাৰ ভূঞাই এই গীতটি লখিমপুৰৰ দুলীয়া গাঁৱৰ ভকতৰাম মিস্ত্ৰীৰ পৰা শুনি ১৯২৪ চনত গ্ৰন্থকাৰে প্ৰকাশ কৰে।[3]

কাহিনী সম্পাদনা কৰক

বৰফুকনৰ গীতৰ কাহিনীটো বদন বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সংঘাতৰ কথাৰে আৰম্ভ হৈছে। আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ দিনত গুৱাহাটীৰ শাসনকৰ্তা বদন বৰফুকনে প্ৰজাক নানা অত্যাচাৰ কৰিছিল। সেইকথা জানিব পাৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া ফুকনক পঠালে। সেই কথা বদন বৰফুকনৰ জীয়েক আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীয়েক পিজৌ গাভৰুৰ জৰিয়তে বদন বৰফুকনৰ কাণত পৰিলগৈ। পৰ্বতীয়া ফুকনৰ গুৱাহাটীলৈ অহাৰ আচল উদ্দেশ্য গম পাই তেওঁ ৰাতিয়েই লুইতেদি গোপনে ভটিয়াই গ'ল। বৰফুকন চিধাই গৈ কলিকতাত ব্ৰিটিছ চৰকাৰৰ কাষ চাপিল আৰু চন্দ্ৰকান্ত সিংহৰ হৈ সৈন্য বিচাৰিলে। কিন্তু ইংৰাজে মিত্ৰ অসমৰ বিৰুদ্ধে সৈন্য দিব নোৱাৰে বুলি স্পষ্ট কৰি দিলে। বৰফুকনে তেতিয়া বংগোপসাগৰেৰে গৈ ব্ৰহ্মদেশ পালেগৈ। মানৰজাই তেওঁক সহায় কৰে আৰু সৈন্য দি পঠায়। ফুলপানীছিগাত অসম আৰু মান সৈন্যৰ মাজত যুদ্ধ হ'ল। যুদ্ধত আহোম সৈন্য পৰাজিত হ'ল। মানৰ প্ৰথম আক্ৰমণৰ পাছত ৰাজমাৱে বদন বৰফুকনক ৰূপসিংৰ হতুৱাই দাৰে ঘপিয়াই বধ কৰোৱালে। পুনৰ মান ৰজাই অসম আক্ৰমণ কৰিবলৈ মন সৈন্য পঠায় আৰু সেইবেলি প্ৰায় ছবছৰ মানে অসমত ভোগ কৰিলে। মানক দমন কৰিবলৈ অৱশেষত ইংৰাজৰ আগমন ঘটিল। কলিয়াবৰৰ ওচৰত হোৱা মান আৰু ইংৰাজৰ যুদ্ধত মান সৈন্যৰ পৰাজয় ঘটিল আৰু ইংৰাজে মানক খেদি অসমৰ শাসনভাৰ গ্ৰহণ কৰে। বদন বৰফুকনে আত্মীয় পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ওপৰত পোতক তুলিবলৈ মানসেনাক লৈ অসমলৈ অহা আৰু তাৰে পৰিণতিত অসম ইংৰাজৰ হাতলৈ যোৱাৰ সমগ্ৰ কাহিনীটো গীতটোত বৰ্ণিত হৈছে।[4]

চৰিত্ৰ সম্পাদনা কৰক

গীতটোৰ অধিকাংশ চৰিত্ৰই ঐতিহাসিক। এই চৰিত্ৰবোৰৰ ভিতৰত পুৰুষ চৰিত্ৰ হ'ল - বদন বৰফুকন, পূৰ্ণানন্দ বুঢ়াগোহাঁই, চন্দ্ৰকান্ত সিংহ, পৰ্বতীয়া ফুকন, মানৰজা, ৰূপসিং ইত্যাদি। নাৰী চৰিত্ৰ - ৰাজমাও, পিজৌ গাভৰু, মান ৰজাৰ কুঁৱৰী আদি।[5]

গুৰুত্ব সম্পাদনা কৰক

বৰফুকনৰ গীতত অসম বুৰঞ্জীৰ আহোমৰ ৰাজত্বকালৰ শেষ কালছোৱাৰ ঘটনাৰ আভাস আছে। সেই সময়ৰ সামাজিক-সাংস্কৃতিক দিশৰ প্ৰতিফলন দেখা পোৱা গৈছে।

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া লোক - সাহিত্যৰ ৰূপৰেখা, ড॰ লীলা গগৈ, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়, ২০০১ চন, ISBN-81-7339-327-3
  2. অসমীয়া লোক - সাহিত্যৰ ৰূপৰেখা, ড॰ লীলা গগৈ, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়, ২০০১ চন, ISBN-81-7339-327-3
  3. বৰফুকনৰ গীতঃ এটি বিশ্লেষণ, দীপালী গগৈ, পু - লান - চি, সম্পাদক - ভীমকান্ত বৰুৱা, প্ৰকাশক - টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, মৰাণহাট, ডিচেম্বৰ ২০০৯, পৃষ্ঠা-৫৪
  4. বৰফুকনৰ গীতঃ এটি বিশ্লেষণ, দীপালী গগৈ, পু - লান - চি, সম্পাদক - ভীমকান্ত বৰুৱা, প্ৰকাশক - টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, মৰাণহাট, ডিচেম্বৰ ২০০৯, পৃষ্ঠা-৫৫
  5. বৰফুকনৰ গীতঃ এটি বিশ্লেষণ, দীপালী গগৈ, পু - লান - চি, সম্পাদক - ভীমকান্ত বৰুৱা, প্ৰকাশক - টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, মৰাণহাট, ডিচেম্বৰ ২০০৯, পৃষ্ঠা-৬৩