বনশাক
স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।[1]
পুৰণি কালত বন শাকৰ ব্যৱহাৰ
সম্পাদনা কৰকঅতীতত অসমীয়া মানুহৰ পানীলগা জ্বৰ কাহ হ’লে শোকোতা, তিতা ভেকুৰী আদি খাইছিল, মাত ভাগিলে শুকান ভীমকলৰ বাকলি পুৰি খাৰনী উলিয়াই তাৰে ভাত ভাজি খাই মাত উলিয়াইছিল।[2] প্ৰসূতি মাতৃক ভেদাইলতা, মানিমুনি, মাটিকাদুৰী বনজালুক আদিৰে জালুকীয়া আঞ্জা খুৱাই সবল কৰিছিল। গ্ৰহণীত কুতজ গছৰ ছালৰ ৰস খাই ভাল কৰিছিল আৰু গাঁৱলীয়া সমাজত এই গছৰ ৰস এতিয়াও খায়। ভেদবমি হ’লে খৰধৰকৈ বেলপাত পিহি তাৰ ৰস পানীত মিহলাই খুৱাইছিল। শোবে ধৰা ল’ৰা-ছোৱালীক কাউৰী মণিৰ মালা পিন্ধাই ভাল কৰিছিল। এই মণিবিলাকৰ গোন্ধটোৱেই ঔষধৰ কাম কৰিছিল।[2]
কেইবিধমান বনশাকৰ নাম
সম্পাদনা কৰক
|
|
লোক সাহিত্যত বনশাক
সম্পাদনা কৰকঅসমীয়া সমাজত বনশাকৰ ওপৰত বহুতো ডাকৰ বচন, প্ৰবচন আছে।
“ৰাতি শেহে যি জনে পিয়ে পানী,
তাৰ চিৰকাল জীৱন জানি।
ডেৰ পৰ হ’লে খাব ভাত,
বল শোভা আদি পাব গাত।
ডাকে বোলে পানী শীতলী কৰি,
খালে তাৰ গাৱে পাসৰী।
একেবাৰে উদৰত নিদিবা ভৰা,
আচোক ভাল পাব দেহক এৰা।
কাণত কচু নাভিত তেল,
ইয়াৰ অৰ্থ হৈছে- ৰাতিও চেঁচাপানী খাব লাগে, পেটভৰাই ভাত খাব নালাগে। অসমীয়া সমাজৰ এটা নিয়ম আছে যে, ভাত খাই উঠি এটা জলপান খাব পৰা ভোক ৰাখি থ’ব লাগে। প্ৰবচন অনুসৰি কোৱা হয়, "কঁচু ওলাওঁতে আৰু সোমাওঁতে খাবা।" এই কচুত প্ৰচুৰ পৰিমাণে ভিটামিন ক (A) আৰু ভিটামিন গ (C) আছে। মাজে মাজে কচু খাই থাকিলে গৰল ৰোগ নহয়।[2]