পচতীয়া
পচতীয়া (ইংৰাজী: five-leaved chaste tree) হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম Vitex negundo।
পচতীয়া | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Verbenales |
পৰিয়াল: | Verbenaceae |
গণ: | Vitex |
প্ৰজাতি: | V. negundo |
বৈজ্ঞানিক নাম | |
Vitex negundo Linn. |
পচতীয়াক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়: তামিলত 'নচ্চি' (நொச்சி), হিন্দীত 'নিৰ্গুণ্ডী' (निर्गुंडी), সংস্কৃতত 'সিন্ধুৱাৰ' (सिन्धुवार), তেলুগুত 'সিন্ধুৱাৰ' (వావిలి / సింధువార), ফিলিপাইনত 'লেগুণ্ডী', সিংহলত 'নিকা' (නික), বঙালীত 'নিশিন্দা', নেপালী:ত 'সিমালী' (सिमाली) আৰু মাৰাঠীত 'নিৰ্গুণ্ডী'।
পচতীয়াৰ উচ্চতা প্ৰায় 2 ৰ পৰা 8 মিটাৰ (6.6 ৰ পৰা 26 ফুট) লৈকে হোৱা দেখা যায়। ইয়াৰ পাতবোৰ প্ৰৱৰ্ধসদৃশ, পাঁচটা বা কেতিয়াবা তিনিটাকৈ শাখা পত্ৰ থাকে। প্ৰতিখন শাখাপত্ৰৰ দৈৰ্ঘ্য প্ৰায় 4 ৰ পৰা 10 cm (1.6 ৰ পৰা 3.9 in) পৰ্যন্ত, মাজৰ পত্ৰখন সবাতকৈ ডাঙৰ হয় আৰু ঠাৰিৰ সৈতে পোনপতীয়াকৈ সংযুক্ত হৈ থাকে। পাতবোৰৰ কাষটো খহতা আৰু পাতৰ তলফালে অসংখ্য নোম থাকে।[1] পচতীয়াৰ গুচ্ছিত ফুল ফুলে। 10 ৰ পৰা 20 cm (3.9 ৰ পৰা 7.9 in) দৈৰ্ঘ্যৰ প্ৰতিটো গুচ্ছত বগা বা নীলা ৰঙৰ অসংখ্য ফুল ফুলে। প্ৰতিপাহ ফুলৰ দৈৰ্ঘ্য প্ৰায় 6 ৰ পৰা 7 cm (2.4 ৰ পৰা 2.8 in) পৰ্যন্ত হয়। পাহিবোৰ ভিন্ন আকাৰৰ, দলমণ্ডল আৰু বৃতিমণ্ডল নোমেৰে আৱৰা।[1]
ফলৰ আকৃতি গোলাকৃতি বা ডিম্বাকৃতিৰ, ব্যাস প্ৰায় 4 mm (0.16 in)।[1]
বিৱৰণ আৰু বসতি
সম্পাদনা কৰকপচতীয়া পূৱ আৰু দক্ষিণ আফ্ৰিকা আৰু এছিয়াৰ স্থানীয় উদ্ভিদ। পৃথিৱীৰ অন্য অঞ্চলতো ইয়াৰ খেতি কৰা হয়।
আফগানিস্থান, বাংলাদেশ, ভূটান, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, কোৰিয়া, কেনিয়া, মাডাগাস্কাৰ, মালয়েছিয়া, মোজাম্বিক, ম্যানমাৰ, নেপাল, পাকিস্তান, ফিলিপাইন, শ্ৰীলংকা, টাইৱান, টানজেনিয়া, থাইলেণ্ড, আৰু ভিয়েটনাম আদি দেশৰ থলুৱা উদ্ভিদ।
পচতীয়া সাধাৰণতে জলাধাৰৰ কাষত, অপ্ৰদূষিত অঞ্চল, তৃণভূমি, আৰু বনাঞ্চলত গজে।[2]
নামকৰণ
সম্পাদনা কৰকপচতীয়াক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়:[3]
- অসমীয়া : পচতীয়া (Pochotia)
- বেংগলী : নিৰ্গুণ্ডী; নিশিন্দা; সমালু
- বণ্টক : লিংহেই
- চীনা : হোৱাং জিং (黄荆)
- ইংৰাজী : ফাইভ-লিভড ছাষ্ট ট্ৰি; হৰ্চশ্বৌ ভিটেক্স; চাইনীড ছাষ্ট ট্ৰি
- ফিলিপাইন : লাগুণ্ডী[2]
- গুজৰাটী : নাগডা; সমালিক
- হিন্দী : মেউৰি; নিৰ্গুণ্ডী; নিশিন্দা; সম্ভালো; সৱালো (निर्गुंडी)
- ইফোগাৱ : ডাবটান
- ইলকান : ডাংলা[2]
- কানাড়া : বিল-নেক্কি
- কোৰিয়ান : ছম মক হায়ুং (좀목형)
- মালায়ালাম : ইন্দ্ৰানী
- মাৰাঠী : নিৰ্গুণ্ডা
- পঞ্জাবী : বান্না; মাৰৱান; 'মাৱৰা; মাৱা; স্বাঁজা টৰবান্না
- সংস্কৃত : নিৰ্গুণ্ডী; চেফালিকা; সিন্ধুৱাৰ; ষ্বেতসূৰজ; ৱ্ৰিকসাহা (सिन्धुवार)
- সিংহলী: নিকা
- তামিল : চিন্ধুৱৰম; নিৰ্নচ্চি; নচ্চি; নচি; ভেল্লাই-নচ্চি
- তেলেগু : সিন্ধুৱাৰ; ৱাভিলি; নল্লা-ৱাভিলি; ট্ল্লা-ৱাভিলি (వావిలి / సింధువార) লেক্কালি
ব্যৱহাৰ
সম্পাদনা কৰক- দিনে দুটাকৈ পাত ঘিঁউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।
- চুলি সৰাত বা টকৌৱে খোৱাত পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।
- গাত বিষ হ’লে ৩/৪ গ্ৰাম পাত পানী খাই থাকিলে বিষ উপশম হয়।
- পাতৰ ছাঁই পানীত গুলি খালে পেট ওফন্দা, চায়েতিকা বিষ ভাল হয়।
- পানী কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়। গাত লাগি থকা সামান্য ৰস কেঁচুৱাৰ পেটলৈ গ’লেই ভাল হয়।
- এন্দুৰীয়া হোৱা ঠাইত পাত পিহি বান্ধি থ’লে ৰোগ ভাল হয়।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Vitex negundo Linn. Fact Sheet. Bureau of Plant Industry, Department of Agriculture, Republic of the Philippines. http://www.bpi.da.gov.ph/Publications/mp/pdf/l/lagundi.pdf.
- ↑ 2.0 2.1 2.2 "Vitex negundo L. - Lagundi". Prosea Herbal Techno-Catalog. Archived from the original on December 21, 2012. https://archive.is/20121221063833/http://hrdc.pcarrd.dost.gov.ph/prosea/proseaherbal/lagundi_doc.htm। আহৰণ কৰা হৈছে: September 7, 2011.
- ↑ Vitex negunda in Dr. K. M. Madkarni's Indian Materia Medica; Edited by A. K. Nadkarni, Popular Prakashan, Bombay, 1976, pp: 1278-80.
- ↑ আনন্দ চন্দ্ৰ দত্ত (১২ এপ্ৰিল ২০০৯). "ব’হাগী বন শাকৰ বতৰা". বসুন্ধৰা: পৃষ্ঠা:৬.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Caldecott, Todd (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7. Contains a detailed monograph on Vitex negundo (Nirgundi) as well as a discussion of health benefits and usage in clinical practice. Available online at http://www.toddcaldecott.com/index.php/herbs/learning-herbs/315-nirgundi Archived 2011-04-03 at the Wayback Machine