বলকান অঞ্চল ( ইংৰাজী: The Balkans ) বুলি দক্ষিণ-পূৱ ইউৰোপৰ এটা ঐতিহাসিক অঞ্চলক বুজায়। ইয়াৰ পূবে কৃষ্ণ সাগৰ, পশ্চিমে এড্ৰিয়াটিক সাগৰ, দক্ষিণে ভূমধ্য সাগৰ। ডানিউব, সাভা আৰু কুপা নদীকেইখনে এই অঞ্চলৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰে। বুলগেৰিয়াৰ পৰা পূব ছাৰ্বিয়ালৈকে বিস্তৃত বলকান পৰ্বতমালাৰ নামেৰে এই অঞ্চলটোৰ নাম লোৱা হৈছে। বলকান অঞ্চলৰ আয়তন প্ৰায় ৫,৫০,০০০ বৰ্গ কিলোমিটাৰ। এই অঞ্চলত প্ৰায় ৫৫ লাখতকৈয়ো অধিক লোকৰ বসতি ৷

বলকান অঞ্চলৰ বৰ্তমানৰ ৰাজনৈতিক মানচিত্ৰ। বলকানা মূল অংশ বুলি গণ্য কৰা দেশসমূহক সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হৈছে আৰু যিবোৰ দেশক আগতে বলকানৰ অংশ বুলি গণ্য কৰা হৈছিল সেইবোৰক পাতল সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হৈছে।

ঐতিহাসিকভাৱে বলকান আছিল অট্টোমান সাম্ৰাজ্যৰ বা উসমানীয় সাম্ৰাজ্যৰ ইউৰোপীয় অংশ।

তলত উল্লেখ কৰা দেশসমূহক বলকান অঞ্চলৰ অন্তৰ্গত বুলি ধৰা হয়: